নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভিযুক্ত মৃগেন শইকীয়াক ৰাজসাক্ষীৰ নামত ৰাজআতিথ্য

নিয়মীয়া বাৰ্তা ২৯ নৱেম্বৰঃ অসম লোকসেৱা আয়োগৰ (এ পি এছ চি) প্রাক্তন অধ্যক্ষ ৰাকেশ পালৰ কার্যকালত সংঘটিত বিয়াগোম নিযুক্তি কেলেংকাৰিক লৈ ৰাজ্য চৰকাৰে ৰহস্যজনক স্থিতি গ্রহণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ফাইট এগেইনষ্ট ইনজাষ্টিচ অৱ এ পি এছ চি নামৰ সংগঠনটোৱে৷ শেহতীয়াকৈ এই বিয়াগোম নিযুক্তি কেলেংকাৰিৰ অন্যতম মূল অভিযুক্ত মৃগেন শইকীয়াৰ ক্ষেত্রত চৰকাৰে প্রদর্শন কৰা অহেতুক দৰদৰ বাবেই সংগঠনটোৱে বিশেষভাৱে এই অভিযোগ উত্থাপন কৰিছে৷ আজি গুৱাহাটী প্রেছ ক্লাবত এখন সংবাদ মেলত সংগঠনটোৰ এডমিন মানসপ্রতিম বৰুৱাই কয় যে দীর্ঘদিন পলাতক হৈ থকাৰ পাছত আৰক্ষীৰ ওচৰলৈ অহা মৃগেন শইকীয়াক ৰাজসাক্ষীৰ নামত চৰকাৰে ৰাজ আতিথ্য প্রদান কৰিছে৷ চৰকাৰী পক্ষৰ দুর্বল স্থিতিৰ বাবেই গুৱাহাটী উচ্চ ন্যায়ালয়ত শইকীয়াই আগতীয়া জামিন লাভ কৰিবলৈ সক্ষম হ’ল বুলি উল্লেখ কৰি মানসপ্রতিম বৰুৱাই কয়– ‘ৰাকেশ পালৰ ভাতৃ ৰাজীৱ পালৰ লগতে এই কেলেংকাৰিৰ তদন্ত আৰম্ভ হোৱাৰ লগে লগে পলায়ন কৰিছিল মৃগেন শইকীয়াই৷ চাৰি বছৰ ধৰি পলাতক হৈ থকাৰ পাছত ডাঃ মৃগেন শইকীয়াই যোৱা ২২ জানুৱাৰীত গুৱাহাটী উচ্চ ন্যায়ালয়ত আগতীয়া জামিন আবেদন দাখিল কৰে৷ এই আবেদনৰ শুনানিৰ সময়ত শইকীয়াৰ অধিবক্তাই ন্যায়ালয়ক অৱগত কৰে যে তেওঁ ৰাজসাক্ষী হৈ এই তদন্তত সহায় কৰিব বিচাৰে৷ চৰকাৰী অধিবক্তাই এই প্রার্থনাৰ কোনো বিৰোধিতা নকৰিলে৷ ফলত তেওঁ জামিন লাভ কৰিবলৈ সক্ষম হ’ল৷ তেওঁক এমাহৰ বাবে প্রথমে জামিন মঞ্জুৰ কৰা হৈছিল৷’ ই

ফালে, ৰাকেশ পালৰ পূর্বৰে পৰাই এ পি এছ চিৰ বিভিন্ন নিযুক্তিৰ কেলেংকাৰিৰ সৈতে পশু চিকিৎসক মৃগেন শইকীয়া জড়িত হৈ আছিল বুলি সংবাদ মেলত সংগঠনটোৱে অভিযোগ কৰে৷ এই প্রসংগত এডমিন বৰুৱাই কয় যে গীতা বসুমতাৰী আয়োগৰ অধ্যক্ষ হৈ থকাকালৰ পৰাই মৃগেন শইকীয়া নিযুক্তি কেলেংকাৰিত জড়িত৷ বিশেষকৈ কৃষি আৰু পশু চিকিৎসা বিভাগৰ বিভিন্ন পদৰ প্রত্যক্ষ নিযুক্তিত মৃগেন শইকীয়াই দালালি কৰি আহিছে৷ এনে এজন ব্যক্তিকে পশু চিকিৎসা বিভাগৰ সঞ্চালকৰ পদো দিব বিচৰা হৈছিল৷ অৱশ্যে সেই সময়ত ধনৰ বিনিময়ত নিযুক্তি কেলেংকাৰি পোহৰলৈ অহাত তেওঁক নিযুক্তি দিয়া নহ’ল৷ মৃগেন শইকীয়াৰ এজন ঘনিষ্ঠ ডিব্রুগড় আৰক্ষীত থকা বাবে আগতীয়াকৈ গম পাই গ্রেপ্তাৰৰ ভয়ত পলায়ন কৰাৰ সুযোগ লাভ কৰিছিল মৃগেন শইকীয়াই৷ মন্ত্রী অতুল বৰাৰ সৈতে মৃগেন শইকীয়া অত্যন্ত ঘনিষ্ঠ বুলি উল্লেখ কৰি মানসপ্রতিম বৰুৱাই কয়– ‘জানুৱাৰীৰ পৰা মৃগেন শইকীয়াৰ পৰা বর্তমানলৈ তদন্তকাৰী আৰক্ষীয়ে কি তথ্য লাভ কৰিলে? বিগত ১০ মাহ ধৰি তদন্ত আগবঢ়া নাই৷ চৰকাৰ ক’ৰবাত আয়োগৰ এই কেলেংকাৰিক লৈ ছিৰিয়াছ নহয়৷ এইক্ষেত্রত ৰহস্যজনক ভূমিকা লৈছে চৰকাৰে৷’ ইফালে, শিৱসাগৰৰ মৃগেন শইকীয়াই দুর্নীতিৰে অবাধ সম্পত্তি গঢ়া বুলি উল্লেখ কৰি বৰুৱাই কয় যে আত্মীয়ৰ নামত শইকীয়াই শিৱসাগৰত বিভিন্ন সা–সম্পত্তি আহৰণ কৰিছে৷ গুৱাহাটীৰ বতাহঘুলিত তেওঁ ঘৰ নির্মাণ কৰাৰ লগতে বেলতলাতো আছে তেওঁৰ সম্পত্তি৷ তদুপৰি বাংগালুৰুতো তেওঁৰ ফ্লেট আছে৷ আন মানুহৰ নামত বিভিন্ন ঠিকা কৰি অহা মৃগেন শইকীয়াৰ দুখন ফ’কলেণ্ড আছে৷ কেৱল সেয়াই নহয়, দুর্নীতিৰে আহৰণ কৰা বৃহৎ পৰিমাণৰ ধনেৰে পুত্রক ইটালীলৈ ব্যৱসায়ৰ কামত প্রেৰণ কৰিছিল বুলি উল্লেখ কৰি বৰুৱাই কয়– ‘চাৰি বছৰকাল মৃগেন শইকীয়া পলায়ন কৰি বাংগালুৰুত আশ্রয় লৈ আছিল৷ তাত তেওঁৰ পোছাক নির্মাণৰ এটা ফেক্টৰীও আছে৷ গুৱাহাটীত ব্যৱসায়ৰ কাম–কাজ পুত্রই চোৱাচিতা কৰাৰ বিপৰীতে বাংগালুৰুত থাকি মৃগেন শইকীয়াই ফেক্টৰীৰ কাম–কাজ চোৱাচিতা কৰি আহিছে৷ তেওঁৰ পত্নী যোৰহাট কৃষি মহাবিদ্যালয়ৰ প্রবক্তা আছিল যদিও পৰৱর্তী সময়ত বয়সৰ সীমা উকলি যোৱাৰ পাছতো মঙলদৈত আন এটা পদত নিযুক্তি দিয়া হৈছিল৷ পাছত তেওঁৰ পত্নীয়ে এই চাকৰিৰ পৰা পদত্যাগ কৰিছিল যদিও তেওঁ পুনৰ কামত যোগদান কৰিছিল বুলি জানিব পৰা গৈছে৷ কেৱল সেয়াই নহয়, অসম আৰক্ষীৰ কেইবাজনো শীর্ষ বিষয়াৰ সৈতে মৃগেন শইকীয়া যথেষ্ট ঘনিষ্ঠ৷ এজন আৰক্ষী বিষয়াৰ পত্নীক মৃগেন শইকীয়াই এটা চাৰি লাখ টকীয়া ট্রেড মিল উপহাৰ দিছিল৷ চাৰি বছৰৰ পাছত মৃগেন শইকীয়াই এনে কি আচৰিত শক্তি আহৰণ কৰিলে যে তেওঁৰ ক্ষেত্রত চৰকাৰ নৰম হৈ পৰিল৷ চৰকাৰৰ স্থিতিৰ বাবেই জামিন লাভ কৰিবলৈ সক্ষম হ’ল৷ ৰাজসাক্ষীৰ নামত ৰাজ আতিথ্যহে তেওঁ লৈ আছে৷ জানুৱাৰীৰ পৰা তেওঁৰ পৰা চৰকাৰে এই কেলেংকাৰি সন্দর্ভত কি তথ্য লাভ কৰিলে৷ সেয়েহে তেওঁৰ নার্ক’ আৰু পলিগ্রাফ পৰীক্ষা কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ৷’

আনহাতে, এ পি এছ চিৰ কেলেংকাৰি মানেই কেৱল সংযুক্ত পৰীক্ষামূলক প্রতিযোগিতাতেই নহয়, আন বিভিন্ন পদৰ নিযুক্তিৰ ক্ষেত্রতো দুর্নীতি সংঘটিত হোৱা বুলি অভিযোগ কৰে সংগঠনটোৱে৷ এইক্ষেত্রত চৰকাৰে এতিয়াও গুৰুত্ব প্রদান কৰা নাই বুলি উল্লেখ কৰি সংবাদ মেলত বৰুৱাই কয়– ‘অসম বিত্তীয় সেৱাৰ ৩৭টা পদৰ নিযুক্তিৰ ক্ষেত্রতো দুর্নীতি হৈছে৷ সেই সময়ত দীপান্বিতা মুখার্জী নামৰ এগৰাকী আয়োগৰ কর্মচাৰীয়ে স্পষ্টকৈ টেলিফোনেৰে প্রার্থীৰ পৰা ৮ লাখ টকা দাবী কৰিছিল৷ সেই সময়ত এই ধন আয়োগৰ সদস্য ছামেদুৰ ৰহমানে বিচৰা বুলিও কর্মচাৰীগৰাকীয়ে উল্লেখ কৰিছিল৷ পৰৱর্তী সময়ত কিছু দিনৰ বাবে নিলম্বন কৰাৰ পাছত এই কর্মচাৰীগৰাকীক চাকৰিৰ পৰা পদত্যাগ কৰিবলৈ কোৱা হ’ল৷ বর্তমান তেওঁ পেন্সন লৈ আছে৷ তেওঁৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্রহণ কৰা নহ’ল৷ তদুপৰি বিত্তীয় সেৱাৰ লিখিত পৰীক্ষাৰ তালিকাত নাম নথকা মুস্তাফা আলী আহমেদ আৰু ৰামচন্দ্র দাস নামৰ দুজন প্রার্থীৰ চূড়ান্ত তালিকাত নাম আহিল৷ এই অনিয়ম সন্দর্ভত একাংশ প্রার্থীয়ে মুখ্যমন্ত্রীৰ তদাৰকী কোষত অভিযোগ দিছিল যদিও তাৰ কোনো ব্যৱস্থা নহ’ল৷ এনেদৰে চাকৰি লাভ কৰা প্রার্থীয়ে এতিয়া বহু স্থানত বিত্তীয় গাণনিক বিষয়া হিচাপে কাম কৰি আছে৷ আনহাতে, ধনৰ বিনিময়ত নিযুক্তি কেলেংকাৰিত এ পি এছ চিৰ প্রধান নিয়ন্ত্রক নন্দবাবু সিন্হাৰ নাম সাঙোৰ খাইছিল৷ তেওঁ দায়িত্বত থকা অৱস্থাতেই কন্যাই চাকৰি লাভ কৰিছিল৷ কিন্তু তেওঁৰ বিৰুদ্ধে একো ব্যৱস্থা গ্রহণ কৰা নহ’ল৷ গৌতম ৰয়ৰ পৰা আৰম্ভ কৰি সুমিত্রা পাতিৰলৈ বহু ৰাজনৈতিক নেতা গ্রেপ্তাৰ হ’ব বুলি ভবা হৈছিল৷ কিন্তু তেওঁলোকৰ বিৰুদ্ধেও কোনো ব্যৱস্থা নহ’ল৷’ ইফালে, বিতর্কিত সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাৰ জৰিয়তে চাকৰি লাভ কৰা একাংশ বিষয়াক অসম আৰক্ষীৰ উপ–পৰিদর্শক নিযুক্তি কেলেংকাৰিৰ তদন্তৰ দায়িত্ব দিয়াক লৈও সংগঠনটোৱে প্রশ্ণ উত্থাপন কৰে৷ উপ–পৰিদর্শক কেলেংকাৰি নিযুক্তি সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি সংবাদ মেলত বৰুৱাই কয়– ‘কেলটন নামৰ এটা সংস্থাই উপ–পৰিদর্শক পৰীক্ষাত মূল দায়িত্ব লাভ কৰিছিল৷ তেওঁলোকে এমেনটেক, ব্লুম আৰু অক্ষয় টেলিকমক উপ–ঠিকা প্রদান কৰিছিল৷ ইতিমধ্যে এমেনটেকৰ দিবন ডেকা আৰু অক্ষয় টেলিকমৰ অক্ষয় চান্দক গ্রেপ্তাৰ কৰা হৈছে৷ কিন্তু ব্লুম নামৰ সংস্থাটোৰ স্বত্বাধিকাৰী প্রাঞ্জল বৰুৱাক এতিয়াও গ্রেপ্তাৰ কৰা হোৱা নাই৷ কিয়নো ব্লুমেই ৰাজ্যত পঞ্চায়ত আৰু গ্রামোন্নয়নৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিছিল৷ তেওঁক গ্রেপ্তাৰ কৰিলে এই পৰীক্ষাৰো বিভিন্ন দুর্নীতি পোহৰলৈ অহাৰ সম্ভাৱনা আছে৷’

You might also like