আৰক্ষীক আক্রমণকাৰী আচামীৰ আত্মহত্যাৰ চেষ্টা
নিয়মীয়া বাৰ্তা ৫ জুলাইঃ মাজুলীৰ গড়মূৰ আৰক্ষী থানাৰ অন্তর্গত দেওদিয়াআটী গাঁৱত আৰক্ষীক আক্রমণ কৰি পলায়ন কৰা আচামী কেশৱ হাজৰিকাক শনিবাৰে আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয় যদিও আচামীয়ে আক্রমণত ব্যৱহাৰ কৰা দাখন পানীত পেলাই দিয়া হেতু উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল৷ সেয়ে আইনী প্রক্রিয়াত বিশেষভাৱে প্রয়োজন হৈ পৰা দাখন বিচাৰি দেওবাৰে পুৱা আচামী কেশৱ হাজৰিকাক লগত লৈ আৰক্ষীয়ে পেলাই দিয়াৰ ঠাইত দাখনৰ সন্ধান কৰে৷ কিন্তু আচামী কেশৱ হাজৰিকাই দাখন তেওঁ ঘৰতে লুকুৱাই থোৱা বুলি আৰক্ষীক কোৱাত আৰক্ষীয়ে আচামীক লগত লৈ তেওঁৰ ঘৰত দাখন বিচাৰি তালাচী চলোৱাৰ সময়তে আচামী কেশৱ হাজৰিকাই এখন সৰু কাটাৰীৰে নিজৰ ডিঙি ৰেপি আত্মহত্যাৰ চেষ্টা চলায়৷ লগে লগে আৰক্ষীয়ে তেওঁৰ পৰা কটাৰীখন কাঢ়ি লয় যদিও এই ঘটনাত এগৰাকী সহকাৰী উপ–আৰক্ষী পৰিদর্শক আঘাতপ্রাপ্ত হয়৷ লগে লগে আত্মহত্যাৰ চেষ্টা চলোৱা আচামী কেশৱ হাজৰিকাক গডমূৰ পীতাম্বৰ দেৱগোস্বামী অসামৰিক চিকিৎসালয়লৈ নি চিকিৎসাৰ ব্যৱস্থা কৰে যদিও চিকিৎসকে আঘাত গুৰুতৰ নহয় বুলি জানিবলৈ দিয়ে৷
ইফালে হাতত হেণ্ডকাপ আৰু আৰক্ষীৰ জিম্মাত থকা অৱস্থাতে এগৰাকী অপৰাধীয়ে কটাৰী ব্যৱহাৰ কৰি আত্মহত্যাৰ চেষ্টা চলোৱা কার্যত মাজুলীত চাঞ্চল্য সৃষ্টি হোৱাৰ লগতে বহুতে আশ্চর্য প্রকাশ কৰিছে৷ আনহাতে, চিকিৎসালয়ৰ পৰা পোনে পোনে ধৃত কেশৱ হাজৰিকাক আৰক্ষীয়ে দেওবাৰে আদালতত হাজিৰ কৰায়৷
ইয়াৰ পাছতে ধৃত কেশৱ হাজৰিকাক গড়মূৰ আৰক্ষী থানাৰ এ এছ চি ৪৮/২১ নম্বৰ গোচৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ১২০(বি)/৩৩৩/৩০৭ ধাৰাত জে’ললৈ প্রেৰণ কৰে৷ ইফালে আৰক্ষীক আক্রমণৰ ঘটনাত সহযোগ কৰাৰ অভিযোগত আটক কৰা ক্রমে ৰেৱকান্ত হাজৰিকা, নীলকান্ত হাজৰিকা, অনিল হাজৰিকা, দীপাংকৰ হাজৰিকাকো জে’ললৈ প্রেৰণ কৰে৷ অৱশ্যে একে অভিযোগত আটক কৰা সেনাবাহিনীত কর্মৰত দিব্যজ্যোতি হাজৰিকাক সোধা–পোছাৰ অন্তত আৰক্ষীয়ে মুকলি কৰি দিয়ে৷ ইফালে আৰক্ষীক আক্রমণ কৰা দাখন বর্তমানেও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই৷