এক্ট ইষ্ট পলিচীয়ে আনিছে যথেষ্ট সম্ভাৱনা
শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্রী সোণোৱাল
নিয়মীয়া বাৰ্তা ২৬ ডিচেম্বৰঃ কেন্দ্রীয় পথ পৰিবহণ আৰু ৰাষ্ট্রীয় ঘাইপথ দপ্তৰৰ মন্ত্রী নীতিন গাডকাৰী আৰু মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে শুকুৰবাৰে শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ ১৮সংখ্যক দীক্ষান্ত সমাৰোহত অংশগ্রহণ কৰে৷ উল্লেখ্য যে আজিৰ এই দীক্ষান্ত সমাৰোহত বিশ্ববিদ্যালয়খনৰ ২০১৮ আৰু ২০১৯ বর্ষৰ লগতে ২০২০ বর্ষৰ কিছু সংখ্যক নির্ধাৰিত বিষয়ৰ ডিগ্রীসমূহৰ উপৰি বিভিন্ন মেডেলসমূহ ছাত্র–ছাত্রীসকলক প্রদান কৰা হয়৷ এই দীক্ষান্ত সমাৰোহত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি কেন্দ্রীয় পথ পৰিবহণ আৰু ৰাষ্ট্রীয় ঘাইপথ দপ্তৰৰ মন্ত্রী নীতিন গাডকাৰীয়ে জ্ঞানক শক্তি বুলি অভিহিত কৰি এই জ্ঞানক সম্পদলৈ ৰূপান্তৰিত কৰাৰ বাবে অহোপুৰুষার্থ কৰিবলৈ আজি বিভিন্ন ডিগ্রী তথা মেডেল লাভ কৰা ছাত্র–ছাত্রীসকলক আহ্বান জনায়৷ কেন্দ্রীয় মন্ত্রীগৰাকীয়ে এই প্রসংগত কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ভাৰতৰ অর্থনীতি ৫ ড্রিলিয়ন মার্কিন ডলাৰৰ অর্থনীতিলৈ ৰূপান্তৰিত কৰাৰ লক্ষ্য স্থিৰ কৰিছে৷ এই লক্ষ্যত উপনীত হোৱাৰ বাবে এই মেধাৱী ছাত্র–ছাত্রীসকলে নিজৰ জ্ঞানক দেশৰ অর্থনৈতিক ৰূপান্তৰৰ এক শক্তি হিচাপে ব্যৱহাৰ কৰিব লাগিব৷ কেন্দ্রীয় মন্ত্রীগৰাকীয়ে লগতে কয় যে অসমৰ বহুত সম্পদ আৰু সম্ভাৱনীয়তা আছে৷ এই সম্পদ আৰু সম্ভাৱনীয়তাসমূহ বিকশাই তুলি অসমৰ অর্থনীত শক্তিশালী কৰি তোলাৰ বাবেও আজি ডিগ্রী লাভ কৰা ছাত্র–ছাত্রীসকলে আত্মনিয়োগ কৰিব লাগিব৷ কেন্দ্রীয় মন্ত্রীগৰাকীয়ে কয় যে দেশৰ মুঠ ঘৰুৱা উৎপাদনত ৩০ শতাংশ এমএছএমই ক্ষেত্রই বৰঙনি যোগায়৷ এই খণ্ডৰ আৰু অধিক উত্তৰণৰ বাবে মেধাৱী ছাত্র–ছাত্রীসকলে বিকশাই তুলি নিজে আত্মনির্ভৰশীল হোৱাৰ উপৰি কর্মসংস্থাপন সৃষ্টিৰ দিশত আত্মনিয়োগ কৰিব লাগিব৷ মেধাৱী ছাত্র–ছাত্রীসকলে দেশৰ অর্থনীতিৰ বিভিন্ন ক্ষেত্রত ভৱিষ্য দর্শনৰ সূচনা কৰিব লাগিব বুলিও তেওঁ কয়৷ তেওঁলোকৰ উদ্ভাৱনী শক্তিৰে আর্থ–সামাজিক উত্তৰণৰ পথ প্রশস্ত কৰিব লাগিব বুলিও তেওঁ কয়৷ নিজে সম্পদৰ অধিকাৰী হ’লে যিমান সুখ পোৱা যায় তাতকৈ বেছি সুখ দৰিদ্রসকলৰ আর্থ–সামাজিক উত্তৰণৰ জৰিয়তে পোৱা যায় বুলি উল্লেখ কৰি কেন্দ্রীয় মন্ত্রীগৰাকীয়ে মেধাৱী ছাত্র–ছাত্রীসকলক দৰিদ্র জনসাধাৰণৰ আর্থ–সামাজিক উত্তৰণৰ বাবে নিষ্ঠাসহকাৰে কাম কৰাৰ বাবে আহ্বান জনায়৷ কেন্দ্রীয় মন্ত্রীগৰাকীয়ে লগতে কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ভাৰতবর্ষক সকলো ক্ষেত্রতে স্বাৱলম্বী কৰি গঢ়ি তোলাৰ বাবে আত্মনির্ভৰ ভাৰত গঢ়াৰ লক্ষ্য স্থিৰ কৰিছে৷ এই আত্মনির্ভৰ ভাৰত গঢ়ি তোলাৰ লগতে এখন শক্তিশালী আৰু প্রগতিশীল অসম গঢ়াৰ বাবে আজি ডিগ্রী আৰু সন্মান লাভ কৰা ছাত্র–ছাত্রীসকলে আত্মনিয়োগ কৰিব লাগিব৷ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি প্রদান কৰা বক্তব্যত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কয় যে এক্ট ইষ্ট পলিচী ৰূপায়ণৰ পদক্ষেপে অসমৰ লগতে উত্তৰ–পূর্বাঞ্চললৈ যথেষ্ট সম্ভাৱনা কঢ়িয়াই আনিছে৷ এই পৰিৱর্তিত প্রেক্ষাপটৰ সুযোগ গ্রহণ কৰি ৰাজ্যখনৰ লগতে দেশক শক্তিশালী কৰাৰ বাবে আজি মেডেল তথা ডিগ্রী লাভ কৰা ছাত্র–ছাত্রীসকলে নিষ্ঠাসহকাৰে কর্তব্যত ব্রতী হ’ব লাগিব৷
আছিয়ান আৰু বিবিএন দেশসমূহৰ ৮ শ নিযুত জনসাধাৰণৰ মাজত নিজৰ সর্বশ্রেষ্ঠতা উজাৰি দি শ্রেষ্ঠ মানৱ সম্পদ হিচাপে পৰিগণিত হোৱাৰ বাবে মুখ্যমন্ত্রীয়ে ছাত্র–ছাত্রীসকলক আহ্বান জনায়৷ ভাৰতবর্ষক যুৱ শক্তিৰ দেশ বুলি উল্লেখ কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে যুৱ শক্তিৰে দেশৰ উন্নয়নৰ লক্ষ্য স্থিৰ কৰিছে বুলি মুখ্যমন্ত্রীয়ে কয়৷ ইয়াৰ বাবে মুখ্যমন্ত্রীয়ে যুৱক–যুৱতীসকলক্ দক্ষতা উন্নয়নেৰে সকলো সময়ৰ বাবে প্রাসংগিক হৈ থকাৰ পদক্ষেপ ল’বলৈ আহ্বান জনায়৷ ভাষণৰ আৰম্ভণিতে মুখ্যমন্ত্রীয়ে পৱিত্র বৰদিন উপলক্ষে সকলোকে আন্তৰিক ওলগ জনোৱাৰ উপৰি প্রাক্তন প্রধানমন্ত্রী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ জন্মদিন উপলক্ষে আজি সমগ্র দেশজুৰি পালন কৰা সু–শাসন দিৱসৰ তাৎপর্যৰ কথাও উল্লেখ কৰে৷ শিলচৰৰ অসম বিশ্ববিদ্যালয় অসম চুক্তিৰ অন্যতম ফচল বুলি উল্লেখ কৰি অসম আন্দোলনত আত্মবলিদান দিয়া শ্বহীদসকলৰ প্রতিও মুখ্যমন্ত্রীয়ে গভীৰ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ ১৯৯৪ চনত স্থাপিত এই বিশ্ববিদ্যালয়খনে বিভিন্ন ক্ষেত্রৰ উৎকৃষ্ট মানৱ সম্পদ গঢ় দিয়াৰ কামত নিষ্ঠাসহকাৰে ব্রতী হৈ আছে বুলি উল্লেখ কৰি আগন্তুক সময়তো বিশ্ববিদ্যালয়খন দেশৰ এখন অগ্রণী উচ্চ শিক্ষাৰ প্রতিষ্ঠান হিচাপে প্রতিষ্ঠিত হৈ শিক্ষা ব্যৱস্থাত নতুন দিশৰ সূচনা কৰিব বুলি আশা প্রকাশ কৰে৷ অনুষ্ঠানত কেন্দ্রীয় খাদ্য সংসাধন দপ্তৰৰ ৰাজ্যিক মন্ত্রী ৰামেশ্বৰ তেলী, পৰিৱেশ আৰু বন বিভাগৰ মন্ত্রী পৰিমল শুক্লবৈদ্য, শিলচৰ লোকসভা সমষ্টিৰ সাংসদ ডাঃ ৰাজদ্বীপ ৰয়, অসম বিশ্ববিদ্যালয়ৰ উপাচার্য প্রফেছৰ দিলীপ চন্দ্র নাথ, অসম বিশ্ববিদ্যালয়, শিলচৰৰ প্রো–ভাইচ চেঞ্চেলৰ প্রফেছৰ অভিক গুপ্তা, অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ প্রো–ভাইচ চেঞ্চেলৰ প্রফেছৰ শিৱাশিস বিশ্বাস, বিভিন্ন বিভাগৰ ডীনসকল, বিশ্ববিদ্যালয়খনৰ অধীনৰ বিভিন্ন মহাবিদ্যালয়ৰ অধ্যক্ষসকলৰ লগতে বহু সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷