নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কণ-কণ শিশুৰে মত বিনিময় বৰষা ৰাণীৰ

নিয়মীয়া বাৰ্তা, বাহঁজানী, ৪ এপ্ৰিলঃ অসমৰ শৈক্ষিক ক্ষেত্ৰখনত নতুনকৈ সংযোজিত হোৱা নলবাৰী জিলাৰ বাঁহজানীৰ সমীপৱৰ্তী মাজদিয়াত অৱস্থিত ‘ইউৰো কিডছ্’ৰ চৌহদত কালি উখল-মাখল পৰিবেশৰ সৃষ্টি হয়। মোহময়ী অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ আগমনে শিক্ষানুষ্ঠানখনিত অন্য এক মাত্ৰা প্ৰদান কৰে। যুৱ প্ৰজন্মৰ আদৰ্শ সনাতন মেধিৰ পৃষ্ঠপোষকতা আৰু ফনীধৰ ডেকাৰ পৰিচালনাত শুভাৰম্ভ ঘটা ইউৰো কিডছ্ নামৰ শৈক্ষিক প্ৰতিষ্ঠানখনিত অনুষ্ঠিত হৈছিল কণ কণ ছাত্ৰ-ছাত্ৰী-অভিভাৱক আৰু শিক্ষকৰ মাজত গাৰ্জেন মীট। নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মা, শিক্ষাবিদ ডঃ সুশান্ত কাশ্যপ, নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিতালৰ সঞ্চালক গনেশ তামুলী, বিশিষ্ট শিক্ষাবিদ গিৰীন্দ্ৰ নাথ ভট্ৰাচাৰ্য্য, বোলছবি জগতৰ মোহময়ী অভিনেত্ৰী বৰষাৰাণী বিষয়া আৰু বৰষাৰ স্বামী ভাস্কৰ বৰুৱাই গাৰ্জেন মীটত উপস্থিত থাকি মত বিনিময় কৰে। নলবাৰী জিলাৰ ছাত্ৰ-ছাত্ৰীসকলক কম খৰছত এক উন্নত মানদণ্ডৰ শিক্ষা দিয়াৰ উদ্দেশ্যেৰে নলবাৰী চহৰৰ নাতি দূৰৈৰ মাজদিয়াত স্থাপন কৰা ইউৰো কিডছ্ নামৰ শৈক্ষিক প্ৰতিষ্ঠানখনিত আয়োজিত এই অনুষ্ঠানটোৰ জৰিয়তে ছাত্ৰ ছাত্ৰী, অভিভাৱক সকলে বিশেষ উপকৃত হোৱাৰো আশা প্ৰকাশ কৰিছে ইউৰো কিডছৰ সঞ্চালক সনাতন মেধিয়ে। ইফালে এক সাক্ষাৎকাৰত জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াই ইউৰো কিডছৰ জৰিয়তে শিশু ছাত্ৰ-ছাত্ৰীসকলে এক বিশেষ শিক্ষা পাবলৈ সক্ষম হব বুলি জনায়। যোৱা দুটা বছৰে শিল্পীসকলৰ জীৱনৰ প্ৰতি নামি অহা দুৰ্দশাৰ পিছত এইবেলি কিছু আশাৰ বতৰা কঢ়িয়াই অনা বুলি মত ব্যক্ত কৰে বৰষাই।
You might also like