নিয়মীয়া বাৰ্তা ১৩ অক্টোবৰঃ বাংলাদেশলৈ গৰুৰ চোৰাং চালানৰ মূল কাণ্ডাৰী কুখ্যাত গো–মাফিয়া আদম আলী আৰক্ষীৰ জালত পৰাৰ পাছতেই কেতবোৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে৷ খোদ কুখ্যাত গো–মাফিয়াজনে আৰক্ষীক দিয়া স্বীকাৰোক্তিত গৰুৰ অবৈধ বেহাত একাংশ আৰক্ষী বিষয়া আৰু ৰাজনীতিকৰ পৃষ্ঠপোষকতা থকাৰ কথা সদৰী কৰিছে৷ কুখ্যাত আদম আলীৰ স্বীকাৰোক্তিৰ উদ্ধৃতি দি আৰক্ষীৰ এক শীর্ষস্থানীয় সূত্রই সদৰী কৰা অনুসৰি কেৱল নামনি অসমেই নহয়, উত্তৰপ্রদেশ, বিহাৰ, পশ্চিমবংগ আদি ৰাজ্যৰ পৰা ধুবুৰী সংলগ্ণ ভাৰত–বাংলাদেশ সীমান্তৰে দীর্ঘদিন ধৰি অবৈধভাৱে গৰু চালান দি থকা হৈছিল৷ এইক্ষেত্রত অসম আৰক্ষীৰ একাংশ অৱসৰপ্রাপ্ত আৰু বর্তমানেও কর্মৰত বিষয়া আৰু ৰাজনীতিকে সম্পূর্ণৰূপে পৃষ্ঠপোষকতা আগবঢ়াইছিল গৰুৰ চোৰাং চালানৰ ছিণ্ডিকেট চক্রক৷ প্রধানতঃ আদাম আলীয়েই নেতৃত্ব দিছিল এই ছিণ্ডিকেট চক্রটোক৷ আদম আলী ধৰা পৰাৰ লগে লগে বাংলাদেশলৈ গৰু চালান দিয়াৰ ক্ষেত্রত কমিছনৰ অংকত সহযোগিতা কৰি অহা আৰক্ষী বিষয়া আৰু ৰাজনীতিকসকলৰ মুখা খোল খোৱাৰো সম্ভাৱনীয়তা ব্যক্ত কৰে সূত্রটোৱে৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল কালি কুখ্যাত গো–মাফিয়াজনৰ গৌৰীপুৰ আৰু বালাজানৰ বাসগৃহত তালাচী চলোৱাৰ সময়ত বার্মাত নির্মিত এটা নাইন এম এম পিষ্টলৰ লগতে এ কে–৪৭ ৰাইফলৰ ৭.৬২ এম এম সক্রিয় গুলীসহ এটা ‘এমুনেচন বক্স’ উদ্ধাৰ কৰা হৈছিল৷ ‘এম এল–২’ বুলি লিপিবদ্ধ এই ‘এমুনেচন বক্স’টো আদম আলীয়ে ক’ৰ পৰা লাভ কৰিছিল, তাক লৈ সম্প্রতি আৰক্ষী যথেষ্ট তৎপৰ হৈ পৰিছে৷ সূত্রটোৱে দাবী কৰা মতে, এনেধৰণৰ ‘এমুনেচন বক্স’ সাধাৰণতে সেনাবাহিনী আৰু সীমান্ত সুৰক্ষা বাহিনীয়েহে (বিএছএফ) ব্যৱহাৰ কৰে৷ সেই দিশৰ পৰা গৰুৰ চোৰাং চালানত বিএছএফৰ সহযোগিতা থকাৰো সম্ভাৱনীয়তা নুই কৰিব নোৱাৰি৷ এই বিষয়টো ধুবুৰী আৰক্ষীয়ে তদন্তৰ আওতাত লোৱা বুলি সূত্রটোৱে জানিবলৈ দিয়ে৷ একেদৰে কুখ্যাত গো–মাফিয়া এজনৰ ঘৰত বার্মাত নির্মিত পিষ্টল আৰু এ কে–৪৭ৰ দৰে স্বয়ংক্রিয় মাৰণাস্ত্রৰ গুলী উদ্ধাৰ হোৱাটো যথেষ্ট গুৰুত্বপূর্ণ ৰূপে বিবেচিত হৈছে৷ সূত্রটোৱে জানিবলৈ দিয়া অনুসৰি, গৰুৰ চোৰাং বেহা চলাই থকা আদম আলী নেতৃত্বাধীন চক্রটোৰ সৈতে আন্তঃৰাষ্ট্রীয় কোনো জেহাদী তথা মৌলবাদী চক্রৰ সৈতেও সম্পর্ক থাকিব পাৰে৷ অৱশ্যে আৰক্ষীয়ে তদন্তৰ খাতিৰত বর্তমানলৈকে এই বিষয়ে আনুষ্ঠানিকভাৱে কোনো ধৰণৰ তথ্য সদৰী কৰা নাই৷ উল্লেখ্য যে কালি মহানগৰ আৰক্ষীৰ সহযোগত ধুবুৰী আৰক্ষীয়ে অভিযান চলাই হাতীগাঁৱৰ এটা ভাৰাঘৰৰ পৰা কুখ্যাত গো–মাফিয়াজনক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল৷ গ্রেপ্তাৰ কৰাৰ পাছতে নিশাৰভাগত আদম আলীক লৈ যোৱা হয় ধুবুৰীলৈ৷ নিশাটো ধুবুৰী সদৰ থানাত ৰাখি আজি আৰক্ষীয়ে আদম আলীক কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে খোজকঢ়াই আদালতত হাজিৰ কৰায়৷ আদালতে আদম আলীক দহ দিনৰ বাবে প্রেৰণ কৰে আৰক্ষী জিম্মালৈ৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে কুখ্যাত গো–মাফিয়াজনৰ বিৰুদ্ধে ধুবুৰী সদৰ আৰু গৌৰীপুৰ থানাত পৃথকে পৃথকে দুটাকৈ গোচৰ ৰুজু কৰা হৈছে৷ গৌৰীপুৰ থানাত ভাৰতীয় দণ্ডবিধিৰ ১২০(বি)/১২১(২)(এ)/১২২/৩৭১ ধাৰাৰ অধীনত ১১৯০/২০২০ নম্বৰৰ গোচৰটো ৰুজু হোৱাৰ বিপৰীতে ধুবুৰী সদৰ থানাত পঞ্জীয়ন কৰা হৈছে ভাৰতীয় দণ্ডবিধিৰ ১২০(বি)/৪৪৮/৫০৬ আৰু অস্ত্র আইনৰ আৰ ডব্লিউ ২৫–১নং ধাৰাত ১৪৬৫/২০২০ নম্বৰৰ আন এটা গোচৰ৷