নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ ৬ খন জিলাত আছে ৮০ জন আফগানিস্তানৰ নাগৰিক; ৯ জনেহে গ্ৰহণ কৰিছে ভাৰতীয় নাগৰিকত্ব

নিয়মীয়া বাৰ্তা, ১৩ ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী আইন চমুকৈ (কা) ৰ বিৰুদ্ধে ৰাজ্যজুৰি পুনৰ আন্দোলনৰ উকমুকনি উঠাৰ সময়তে অসমত বসবাস কৰা আফগানিস্তানৰ নাগৰিকক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰাৰ তথ্য পোহৰলৈ আহিছে।নৰেন্দ্ৰ প্ৰকাশ চৌহান নামৰ এজন আৰ টি আই কৰ্মীয়ে তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে প্ৰাপ্ত তথ্যমতে ৰাজ্যৰ ৬ খন জিলাত ৮০ জন আফগানিস্তানৰ নাগৰিক আছে।ইয়াৰে ৯জনে ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে।তথ্যমতে কোকোৰাঝাৰত ২ জন,ডিব্ৰুগড় জিলাত ৮ জন,গোৱালপাৰা জিলাত ১৫ জন,ডিমা হাছাও জিলাত ৬জন,যোৰহাট জিলাত ২৫ জন আৰু গোলাঘাট জিলাত ২৪ আফগানিস্তানৰ নাগৰিক আছে।ইয়াৰে যোৰহাট জিলাত থকা ২৫ জনৰ ভিতৰত মাত্ৰ ৯ জনে ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে।বাকীসকলৰ ভাৰতীয় নাগৰিকত্ব নাথাকিলেও ভাৰতত বসবাস কৰাৰ বৈধ্য নথি-পত্ৰ আছে।বহুকেইজনৰ এই নথি পত্ৰ সমূহৰ বৈধ্যতাৰ নথি পত্ৰ প্ৰায় অতিক্ৰম কৰা সময় হৈছে। গুৱাহাটী,ধুবুৰী আৰু নগাঁও জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ে এই সম্পৰ্কত তথ্য দিব বিচৰা নাই।অৱশ্যে ৰাজ্যৰ শদিয়া,হাইলাকান্দি আৰু মাজুলীত এজনো আফগানিস্তানৰ নাগৰিক নাই।উল্লেখযোগ্য যে বিভিন্ন স্থানত বসবাস কৰা আফগান নাগৰিক সকলে সূদৰ ব্যৱসায় কৰাৰো অভিযোগ আছে।এনে ।আফগানিস্তানৰ এই সকল নাগৰিকক কাবুলীৱালা বুলি কয়।এই কাবুলীৱালাৰ কবলত পৰি বহু নাগৰিক সৰ্বস্বান্ত হোৱাৰো অভিযোগ নথকা নহয়।
You might also like