নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০বছৰীয়া সংগ্ৰামৰ অন্তত মুকলি দক্ষিণ বজালী সাংস্কৃতিক প্ৰেক্ষাগৃহ

নিয়মীয়া বাৰ্তা, পাঠশালা, ২ মাৰ্চঃ বজালী জিলাৰ দক্ষিণ বজালী ৰাইজৰ প্ৰায় ২০ বছৰীয়া সংগ্ৰামৰ অন্তত ৰাইজৰ বাবে মুকলি কৰা হ’ল এটি সাংস্কৃতিক প্ৰেক্ষাগৃহ৷ দক্ষিন বজালীৰ বৰগাণ্ডুবীত প্ৰায় চল্লিছ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই প্ৰেক্ষাগৃহটো নিৰ্মাণৰ উদ্যোগ গ্ৰহণ কৰিছিল সেই সময়ৰ আছু নেতা তথা বিশিষ্ট সমাজকৰ্মী ফনী পাঠক, স্থানীয় ৰুপজ্যেতি মিলন সংঘৰ আৰু অঞ্চলটোৰ ৰাইজে৷ উল্লেখ্য যে  ২০০১ চনত সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিকভাৱে গাওঁখনক আগুৱাই নিয়াৰ বাবে বৰগাণ্ডুবী সাংস্কৃতিক প্ৰেক্ষাগৃহৰ আধাৰশিলা স্থাপন কৰা হৈছিল। আটক ধুনীয়াকৈ নিৰ্মাণ কৰি উলিওৱা প্ৰেক্ষাগৃহটো শিৱ পূজাৰ দিনাই এক মাংগলিক অনুষ্ঠানৰ মাজেৰে বজালী জিলাৰ অন্তৰ্গত দক্ষিণ বজালীৰ ৰৰগাণ্ডুবি চ’কত মুকলি কৰা হয়৷

সাংস্কৃতিক প্ৰেক্ষাগৃহটো উদ্বোধন কৰি অঞ্চলটোৰ ৰাইজৰ আৰ্থ সাংস্কৃতিক দিশত এক দীৰ্ঘদিনীয়া অভাৱ পূৰণ হ’ল বুলি মন্তব্য কৰি ফনী পাঠকে কয় যে অঞ্চলটোৰ আবেগ, অনুভূতি বিজৰিত হৈ থকা প্ৰেক্ষাগৃহটোৰ  যোগেদি অঞ্চলবাসী ৰাইজৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ উপৰিও বিয়া সবাহ, উৎসৱ পাৰ্বণ আদি সমাপন কৰিব পৰা যাব বুলি ব্যক্ত কৰে৷ প্ৰেক্ষাগৃহটো নিৰ্মাণ সন্দৰ্ভত এসময়ৰ প্ৰাক্তন ছাত্ৰ নেতা তথা ৰাজ্যৰ প্ৰাক্তন মুুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ বদান্যতাৰ কথাও উল্লেখ কৰে ছাত্ৰ নেতাগৰাকীয়ে৷ উল্লেখ যে বৰগাণ্ডুবীৰ শিৱ মন্দিৰৰ সমীপত নিৰ্মাণ কৰা গৃহটোৱে ব্যৱসায় বাণিজ্যত এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব৷ এক ২০ বছৰী সংগ্ৰামে বাস্তৱ ৰূপ পোৱা  এই প্ৰেক্ষাগৃহ মুকলি অনুষ্ঠানত অঞ্চলটোৰ বিশিষ্ট ব্যক্তি দশৰথ তালুকদাৰ, গাওবুঢ়া কুমুদ দাস, ৰবিৰাম পাঠক, গাৰ্গৰাম হালৈ, দিপক হালৈ, চিত্ৰ ৰাণী ডেকা সমন্বিতে ভালেসংখ্যক লোক উপস্থিত থাকে৷ উল্ৱেখ্য যে প্ৰায় ৪০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই প্ৰেক্ষাগৃহটোৰ ভিতৰত এক হাজাৰ ‌মানুহে আসন গ্ৰহণ কৰিব পাৰিব।

You might also like