নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহাৰ নির্বাচনৰ ফলাফলৰ পাছতে বিটিচি নির্বাচনৰ দিন ঘোষণা

নিয়মীয়া বাৰ্তা ৫ নৱেম্বৰঃ বিহাৰ বিধানসভা নির্বাচনৰ ফলাফল ঘোষণাৰ পাছতেই অসম ৰাজ্যিক নির্বাচন আয়োগে বিটিচি নির্বাচনৰ দিন–বাৰ ঘোষণা কৰিব৷ ৰাজ্যিক নির্বাচন আয়োগৰ কার্যালয়ৰ সূত্রই এই কথা জানিবলৈ দিছে৷ সূত্রটোৱে প্রকাশ কৰা অনুসৰি ইতিমধ্যে চৰকাৰৰ তৰফৰ পৰা আয়োগক অহা ১৫ ডিচেম্বৰৰ ভিতৰত বিটিচি নির্বাচন সম্পন্ন কৰিবলৈ পৰামর্শ আগবঢ়াইছে৷ সেই অনুসৰি আয়োগে বর্তমান বিহাৰ বিধানসভা নির্বাচন ক’ভিড প্রট’কল অনুসৰণ কৰি কেনেদৰে চলাই আছে, সেয়া অধ্যয়ন কৰি আছে৷ অহা ১০ নৱেম্বৰত বিহাৰ বিধানসভা নির্বাচনৰ ফলাফল প্রকাশৰ পাছতেই অহা ১৫ নৱেম্বৰৰ আগে–পিছে বিটিচি নির্বাচনৰ তাৰিখ ঘোষণাৰ সম্ভাৱনা আছে৷ বি টি এ ডিৰ চাৰিওখন জিলাৰ উপায়ুক্তৰ লগতে মহকুমাধিপতিসকল নির্বাচন অনুষ্ঠিত কৰাৰ বাবে সাজু হৈ থাকিবলৈ নির্দেশ দিয়া হৈছে৷ ক’ভিড প্রট’কল সম্পূর্ণৰূপে যাতে অনুসৰণ কৰিব পাৰি, তাৰ বাবে উপায়ুক্ত আৰু মহকুমাধিপতিসকল অতিৰিক্ত ভোটগ্রহণ কেন্দ্র স্থাপনৰ ব্যৱস্থা কৰিবলৈ ইতিমধ্যে নির্দেশ দিয়া হৈছে৷ সূত্রটোৱে আৰু জানিবলৈ দিয়া মতে, বিটিচি নির্বাচন অনুষ্ঠিত কৰিবলৈ আয়োগক সর্বাধিক দুসপ্তাহৰহে প্রয়োজন হ’ব৷ কিয়নো যোৱা মার্চ মাহতেই বিটিচি নির্বাচনৰ বাবে মনোনয়ন–পত্র গ্রহণ, মনোনয়ন–পত্র পৰীক্ষা আৰু মনোনয়ন বাতিল পর্ব সম্পন্ন হৈ আছে৷ এতিয়া কেৱল নির্বাচনৰ দিন ঘোষণা কৰি ভোটগ্রহণহে অনুষ্ঠিত কৰিবলৈ বাকী আছে৷ মন কৰিবলগীয়া এয়ে যে ক’ভিডজনিত পৰিস্থিতিৰ পৰিপ্রেক্ষিতত বিটিচি নির্বাচন এইবাৰ ই ভি এমৰ পৰিৱর্তে বেলট পেপাৰৰ জৰিয়তে অনুষ্ঠিত হ’ব৷ বি টি এ ডিৰ চাৰিওখন জিলাত ইয়াৰ বাবে প্রয়োজন হোৱা বেলট বাকচো সাজু কৰাৰ ব্যৱস্থা কৰা হৈছে৷

You might also like