🔹 ঢাকাৰ পৰা বৰলুইতেৰে ধুবুৰীত উপস্থিত ৫ব্ৰিটিছ নাগৰিককে ধৰি ১১জনীয়া পৰ্যটকৰ দল
নিয়মীয়া বাৰ্তা, ১৬ অক্টোবৰ : নদী পৰ্যটনৰ ক্ষেত্ৰখনত ৰাজ্যখনলৈ নতুন সম্ভাৱনাৰ উদয় কৰি বাংলাদেশৰ ঢাকাৰ পৰা আজি নদীপথেদি ধুবুৰীত উপস্থিত হৈছে ১১ জনীয়া এটি পৰ্য্যটকৰ দল। বাংলাদেশৰ চিলমাৰি হৈ বৰলুইতেৰে ভাৰতীয় অন্তৰ্দেশীয় জলমাৰ্গ প্ৰাধিকৰণৰ ধুবুৰীৰ জাহাজ ঘাটত উপস্থিত হোৱা চৰাইদেউ-২ নামৰ সেই বিলাসী প্ৰমোদতৰীখনত আছে ৫গৰাকীকৈ ব্ৰিটিছ পৰ্যটকো। জাহাজ ঘাটত থকা কেন্দ্ৰীয় আবকাৰী আৰু শুল্ক (Central Custom & Excise) বিভাগৰ কাৰ্যালয়ত পৰ্যটকৰ দলটোৰ পাৰপত্ৰ পৰীক্ষাৰ কাম সম্পন্ন হোৱাৰ পিছত পৰ্যটকসকলক ই-ৰিক্সাৰে ধুবুৰী চহৰৰ কেইবাটাও ইতিহাস প্ৰসিদ্ধ স্থান দৰ্শন কৰে। দলটোৱে ধুবুৰী চহৰৰ ঐতিহাসিক গুৰু টেক বাহাদুৰ চাহিবজী গুৰুদ্বাৰা, পাঁচপীৰ দৰকাৰ, ৰাণী ভিক্টোৰিয়াৰ প্ৰতিমূৰ্তিকে ধৰি চহৰখনৰ বিভিন্ন স্থান পৰিদৰ্শন কৰি আপ্লুত হৈ পৰে। জানিব পৰা মতে, পৰ্যটকৰ সেই ১১ জনীয়া দলটো আজিয়েই বৰলুইতেৰে গোৱালপাৰা অভিমুখে ৰাওনা হ’ব আৰু কাইলৈ গোৱালপাৰাৰ সূৰ্য্য পাহাৰ পৰিভ্ৰমণ কৰিব। দলটোৰ অন্তিম গন্তব্যস্থল হ’ল গুৱাহাটীৰ পাণ্ডু ঘাট। উল্লেখ্য যে বিগত ১৭ ফেব্ৰুৱাৰীৰ দিনা ২৮গৰাকী বিদেশী পৰ্যটক লৈ ধুবুৰীত উপস্থিত হৈছিল এম বি গংগা বিলাস নামৰ আন এখন প্ৰমোদতৰী। স্মৰ্তব্য যে বিগত ১৮ জানুৱাৰীৰ দিনা বিশ্বৰ দীৰ্ঘতম নদী ক্ৰুজ বুলি খ্যাত বাৰাণসীৰ এম বি গংগা বিলাসৰ যাত্ৰাৰ ভাৰ্চুৱেল মাধ্যমেৰে উদ্বোধন কৰিছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৪৭ দিনীয়া এক যাত্ৰাৰ পৰিসমাপ্তি ঘটাই বিগত ২৮ ফেব্ৰুৱাৰীৰ দিনা ডিব্ৰুগড়ৰ বগীবিলত উপস্থিত হৈছিল সেই বিলাসী প্ৰমোদতৰীখন। এইদৰে নদীপথেদি আৰম্ভ হোৱা পৰ্যটনে ধুবুৰীকে ধৰি ৰাজ্যৰ বৰলুইত সংলগ্ন বিভিন্ন স্থানৰ আৰ্থ-সামাজিক ক্ষেত্ৰখনত এক ইতিবাচক প্ৰভাৱ পেলাব বুলিও আশা কৰা হৈছে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী