নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ ৩৯জনলৈ আয়োগৰ জাননী

এ পি এছ চিত নিযুক্তি কেলেংকাৰি

নিয়মীয়া বাৰ্তা ২ ছেপ্টেম্বৰঃ ৰাকেশ পালৰ কার্যকালত বক্রপথেৰে অসম লোকসেৱা আয়োগ (এ পি এছ চি)ৰ পৰীক্ষাত উত্তীর্ণ হৈ ৰাজ্য প্রশাসনৰ গুৰুত্বপূর্ণ পদবীত নিয়োজিত হোৱা একাংশ ৰাজপত্রিত বিষয়াৰ বিৰুদ্ধে কঠোৰ হৈছে অৱসৰপ্রাপ্ত ন্যায়াধীশ বি কে শর্মাৰ অধ্যক্ষতাত গঠন হোৱা তদন্ত আয়োগ৷ এ পি এছ চিত দুর্নীতি–নিয়মেৰে উত্তীর্ণ হ’বলৈ সক্ষম হোৱা প্রার্থীসকলৰ বিৰুদ্ধে কাৰণ দর্শোৱাৰ জাননী জাৰি কৰি আহিছে বি কে শর্মা আয়োগে৷ এইবাৰ পুনৰ ৩৯জন অভিযুক্তলৈ কাৰণ দর্শোৱাৰ জাননী জাৰি কৰিছে আয়োগে৷

ইতিমধ্যে ডিব্রুগড় আৰক্ষী থানাৰ গোচৰত গ্রেপ্তাৰ হোৱাৰ লগতে ৰাজপত্রিত বিষয়াৰ চাকৰিৰ পৰা বর্খাস্ত হোৱা ৩৯জন বিষয়ালৈ আয়োগে জাননী জাৰি কৰিছে বুলি জানিব পৰা হৈছে৷ এটা নির্দিষ্ট সময়ৰ ভিতৰত এই বিষয়াসকলে উত্তৰ প্রদান কৰিব লাগিব আয়োগক৷ বিশেষকৈ উত্তৰবহী আৰু মার্কশ্বীটত লাভ কৰা বিসংগতি সন্দর্ভত নিজৰ স্থিতি স্পষ্ট কৰিব লাগিব আয়োগক৷

উল্লেখ্য যে ৰাকেশ পালৰ আমোলাত সংঘটিত বিয়াগোম কেলেংকাৰিৰ তদন্তৰ বাবে ডিব্রুগড় আৰক্ষী থানাৰ গোচৰৰ সমান্তৰালকৈ ৰাজ্য চৰকাৰে গঠন কৰিছিল বি কে শর্মা আয়োগ৷ ইতিমধ্যে এই আয়োগখনে ৰাকেশ পালৰ কার্যকালত সংঘটিত বিভিন্ন নিযুক্তি পৰীক্ষাৰ উত্তৰবহী, মার্কশ্বীট, টেবুলেচন শ্বীট আদি পৰীক্ষা কৰিছে৷

এই পৰীক্ষাৰ ভিত্তিত যিসকলৰ অনিয়ম লাভ কৰিছে, সেইসকল বিষয়ালৈ আয়োগে কাৰণ দর্শোৱাৰ জাননী জাৰি কৰিছে৷ ইয়াৰ পূর্বে আয়োগৰ জাননী লাভ কৰা প্রায় ৩০গৰাকী বিষয়াই উত্তৰ প্রদান কৰিছে৷ ইয়াৰে কিছুসংখ্যকে নিজেই আয়োগক উত্তৰ প্রদান কৰাৰ বিপৰীতে আন একাংশই অধিবক্তাৰ জৰিয়তে বিসংগতি সন্দর্ভত নিজৰ স্থিতি স্পষ্ট কৰিছে৷ এ পি এছ চিত সংঘটিত এই বিয়াগোম কেলেংকাৰিৰ তদন্তৰ বাবে গঠন কৰা এই ন্যায়িক আয়োগৰ কার্যকাল ইতিমধ্যে ৬ মাহ পর্যন্ত বৃদ্ধি কৰা হৈছে৷ আশা কৰা হৈছে আয়োগৰ প্রতিবেদনত এ পি এছ চিত সংঘটিত ভয়াৱহ অনিয়মৰ বহু গোপনীয় তথ্য পোহৰলৈ আহিব৷

You might also like