নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰি চাপৰিত দক্ষিণ গোহাঁই সমবায় সমিতিৰ এজেণ্টৰ দৌৰাত্ম্য

নিয়মীয়া বাৰ্তা, ১৪ জুলাই : ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দুখীয়া জনসাধাৰণৰ বাবে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ জৰিয়তে আবণ্টিত চাউলৰ এক গ্ৰাম হৰলুকী হলেও এজেণ্ট সমবায় সমিতি সকলোৱে জেলৰ ভাত খাব লাগিব বুলি দিয়া সকীয়নিকো কেৰেপ নকৰি ঢকুৱাখনা মহকুমাত এজেণ্ট সমবায় সমিতিৰ বিষয়ববীয়াই দুখীয়া জনসাধাৰণৰ বাবে আবণ্টিত চাউল আত্মসাৎ কৰাৰ প্ৰতিযোগিতাত নামি পৰাৰহে অভিযোগ উঠিছে ৷ প্ৰাপ্ত তথ্য মতে, পূব ঢকুৱাখনা সমবায় সমিতিৰ ১১ শ কুইণ্টল চাউল আত্মসাৎ কৰা ঘটনাৰ তদন্ত চলি থকাৰ সময়তেই   “ওপৰৰ পৰা মোবাইলত মেছেজ দিছে প্ৰতিজন গ্ৰাহকৰ পৰা ২০০ গ্ৰামকৈ চাউল  কমাই দিছে” বুলি কৈ দক্ষিণ গোহাঁই সমবায় সমিতিৰ অন্তৰ্গত এজন এজেণ্টে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনি আৰু অন্তোদয়া আঁচনিৰ হিতাধিকাৰীক প্ৰলোভিত কৰি চৰকাৰী বিনামূলীয়া চাউল আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ তুলিছে একাংশ দৰিদ্ৰ হিতাধিকাৰীয়ে ৷ ঢকুৱাখনা মহকুমাৰ অসামৰিক খাদ্য যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধীনস্থ দক্ষিণ গোহাঁই সমবায় সমিতি লিঃৰ অধীনৰ দিহিঙীয়া উপাধিৰ  এজেণ্ট এগৰাকীয়ে জুলাই মাহৰ চৰকাৰী বিনামূলীয়া চাউল গ্ৰাহকক যোগান ধৰাৰ সময়ত ৰেচন কাৰ্ডত চাউলৰ নিৰ্দিষ্ট পৰিমাণৰ সংখ্যা লিখি চহী কৰাৰ বিপৰীতে প্ৰতিটো পৰিয়ালৰ পৰা এক/ডেৰ কেজিকৈ চাউল কাটি ৰখাৰ অভিযোগ তুলিছে উপভোক্তাই ৷   অভিযোগ মতে, এজেণ্টগৰাকীয়ে পুৰণা দগা-পাল্লাত এটা বগী টিঙত চাউল ভৰাই ওজন কৰি গ্ৰাহকক দিয়াৰ সময়ত বগী টিঙৰ ওজনৰ বিপৰীতে দগা নিদি প্ৰতিবাৰ চাউলৰ ওজনত ৫০০/৬০০ গ্ৰামকৈ চাউল কমাই দিয়াৰো  অভিযোগ তুলিছে উপভোক্তা গ্ৰাহকে ৷ ফলত এজন গ্ৰাহকৰ বাবে  ওজন কৰা ৫ কেজি চাউলৰ পৰা ৫০০ গ্ৰাম আৰু দুজন গ্ৰাহকৰ বাবে ওজন কৰা ১০ কেজি চাউলৰ পৰাও ৫০০ গ্ৰামকৈ চাউল কাটি ৰখাত ৩ জনীয়া , ৫ জনীয়া পৰিয়ালৰ পৰা এক/ডেৰ কেজি আৰু অন্তোদয়া আঁচনিৰ হিতাধিকাৰী গ্ৰাহক পৰিয়ালৰ পৰা ৩৫ কেজি চাউল চাৰিবাৰ ওজন কৰাত ২ কেজিকৈ চাউল কৰ্তন কৰি ৰখাৰ অভিযোগ উঠিছে ৷ হিতাধিকাৰীৰ চাউল কৰ্তন কৰি ৰখা দক্ষিণ গোহাঁই সমবায় সমিতিৰ এজেণ্টৰ  বিৰুদ্ধে সংশ্লিষ্ট কৰ্তৃপক্ষই কিবা পদক্ষেপ গ্ৰহণ কৰিবনে, সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় বিষয় হিচাপে পৰিগণিত হ’ব বুলি জানিবলৈ দি ইয়াৰ এক ন্যায়িক তদন্তৰ দাবী জনাইছে দৰিদ্ৰ হিতাধিকাৰী গ্ৰাহকে ৷ 
প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি
You might also like