অগ্নিপথৰ বিৰোধিতাৰে বিহাৰত ‘অগ্নিপথ’
বিশেষ বাৰ্তা, ১৬ জুন: বিহাৰৰ বাট-পথ এতিয়া হৈ উঠিছে অগ্নিপথ। ঠায়ে ঠায়ে টায়াৰ জ্বলাই ৰাজপথ বন্ধ কৰি দিয়া হৈছে। ৰেলপথতো একেই উত্তাল। সেনাবাহিনীত ভৰ্তি কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ নতুন হ্ৰস্বম্যাদী অগ্নিপথ আঁচনিক লৈ প্ৰতিবাদ আৰম্ভ হৈছে বিহাৰত। ৰাজ্যখনৰ সেনাবাহিনীত ভৰ্তি হোৱাৰ দূৰ্বাৰ বাসনাৰে অনুশীলন চলাই থকা যুৱকসকল ক্ষোভত ফাটি পৰিছে। আজি দ্বিতীয় দিনাও প্ৰতিবাদীসকলে আঁচনিখনৰ বিৰোধেৰে পথ আৰু ৰেল পথ অৱৰোধ কৰিছে। Indian Army Lover বেনাৰ লৈ প্ৰতিবাদ কৰা হৈছে। প্ৰতিবাদ ক্ৰমাৎ হিংসাত্মক হৈছে আৰু আৰহ ষ্টেছনত নিৰাপত্তা বাহিনীয়ে কন্দুৱা গেছ চলাইছে। ইপিনে, ইণ্টাৰচিটী এক্সপ্ৰেছ এখনৰ গ্লাচৰ খিৰিকী ভাঙি দিয়াৰ উপৰি এটা দবাত অগ্নিসংযোগ কৰা বুলিও খবৰ আহিছে। কোনো ঠাইত আৰক্ষী আৰু প্ৰতিবাদীক সমানে শিলাবৰ্ষণ কৰাও দেখা গৈছে। উল্লেখনীয় যে, চৰকাৰে সেনা বাহিনীত ঠিকাভিত্তিত ভৰ্তিৰ বাবে নতুনকৈ অগ্নিপথ আচনি মুকলি কৰিছে। ইয়াৰ অধীনত চাৰি বছৰৰ বাবে নিযুক্তি দিয়া হ’ব সেনাত। তাৰ পাছত পেঞ্চন আৰু গ্ৰেচুৱিটী অবিহনে হ’ব বাধ্যতামূলক অৱসৰ।