নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৫-২০ জুলাইলৈ উজনি অসমত অগ্নিবীৰ নিযুক্তি প্ৰক্ৰিয়া

বিশেষ বাৰ্তা, ২৯ জুন :- ভাৰতীয় সেনা বাহিনীয়ে ইতিমধ্যে অগ্নিবীৰ জোৱানৰ দ্বিতীয় পৰ্যায়ৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। এই নিযুক্তি প্ৰক্ৰিয়াই ভাৰতীয় সেনাবাহিনীৰ আভ্যন্তৰীণ মানৱ সম্পদৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টাক উৎকৃষ্ট পৰ্যায়লৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে পৰিগণিত কৰিছে যাৰ দ্বাৰা ইচ্ছুক প্ৰাৰ্থীক নিযুক্তিৰ ক্ষেত্ৰত ই এক আসোঁৱাহবিহীন আৰু কাৰ্যক্ষম বাছনি প্ৰক্ৰিয়া হিচাপে গণ্য হৈছে। যিহেতু এই নিযুক্তি প্ৰক্ৰিয়া সমাৱেশ সত্য, ন্যায্য আৰু স্বচ্ছ, সেই হেতুকে, কোনো প্ৰাৰ্থীকে কোনো মধ্যভোগীৰ কাষ নাচাপিবলৈ সেনাই আহ্বান জনাইছে। এই নতুন নিযুক্তি ব্যৱস্থাৰ অংশ হিচাপে ২০২৪ চনৰ এপ্ৰিল মাহৰ মে’ মাহত প্ৰথম পৰ্যায়ত সমগ্ৰ দেশতে এক অনলাইন প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল।উল্লেখ্য যে, ইতিমধ্যে ভাৰতীয় সেনাৰ অফিচিয়েল ৱেবছাইট www.joinindianarmy.nic.in ত চৰ্টলিষ্ট কৰা প্ৰাৰ্থীসকলৰ ফলাফল আপলোড কৰা হৈছে। উজনি অসমৰ ৯খন জিলা ক্ৰমে চৰাইদেউ, শিৱসাগৰ, ধেমাজি, ডিব্ৰুগড়, গোলাঘাট, যোৰহাট, লখিমপুৰ, মাজুলী আৰু তিনিচুকীয়াৰ বাবে সমাগত অগ্নিবীৰ নিযুক্তি সমাবেশ ১৫ জুলাইৰ পৰা ২০ জুলাইলৈ অসমৰ তেজপুৰৰ মিছামাৰী কেণ্টনমেণ্টৰ যশৱন্ত সিং ষ্টেডিয়ামত অনুষ্ঠিত কৰা হ’ব। চৰ্টলিষ্ট কৰা প্ৰাৰ্থীসকলে বিভাগীয় ৱেবছাইটৰ পৰা প্ৰবেশ পত্ৰ ডাউনলোড কৰি এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব পাৰিব। প্ৰাৰ্থীসকলৰ এই সন্দৰ্ভত যদি কিবা জানিবলৈ থাকে, বা বৰ্তমানলৈ যদি কোনো প্ৰাৰ্থিয়ে প্ৰবেশ পত্ৰ লাভ কৰা নাই, তেনেক্ষেত্ৰত তেওঁলোকে সেনা নিযুক্তি কাৰ্যালয়, যোৰহাটত ইমেইল ​​আই ডি [email protected] আৰু হেল্পলাইন নম্বৰ ০৩৭৬২৩৩৩১৩৬ আৰু ৬৯০১৯৬৩১৯৩ ত যোগাযোগ কৰিব পাৰিব বুলি জানিবলৈ দিয়া হৈছে।

প্ৰেৰক দীপাংকৰ পাল

You might also like