ঢকুৱাখনাত অসম গণ পৰিষদৰ শক্তি প্রদর্শন
নিয়মীয়া বাৰ্তা ২৪ ডিচেম্বৰঃ অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্রামোন্নয়ন মন্ত্রী নৱ কুমাৰ দলেৰ গৃহ সমষ্টি ঢ়কুৱাখনাত আজি শক্তি প্রদর্শন কৰিলে অসম গণ পৰিষদে৷ অগপৰ ঢ়কুৱাখনা বিধান পৰিষদৰ উদ্যোগত দলৰ সভাপতি অতুল বৰা, কার্যকৰী সভাপতি কেশৱ মহন্তৰ লগতে কেইবাজনো জ্যেষ্ঠ নেতাৰ উপস্থিতিত আজি ঢ়কুৱাখনা আদর্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত ঐক্য সমাৰোহত দহ সহস্রাধিক লোকে অংশগ্রহণ কৰে৷ সমাৰোহত ভাষণ দি দলটোৰ সভাপতি তথা কৃষি আৰু পশুপালন মন্ত্রী অতুল বৰাই কয় যে অগপ ধর্ম নিৰপেক্ষ দল৷ অগপত সকলো ধর্মাৱলম্বী লোক আছে৷ অগপক ধনী–দুখীয়া সকলোৱে ভাল পায়৷ ধনী–দুখীয়া সকলো লোকৰ বাবে চিন্তা কৰা দল অগপ৷ অঞ্চলিকতাবাদৰ স্বাভিমানেৰে অগপই ৰাজ্যখনৰ সকলো জাতি–জনগোষ্ঠী আৰু ধর্মাৱলম্বী লোকক একত্রিত কৰি অগপ দল আগবাঢ়ি যাব৷ ৰাইজে আশা কৰা ধৰণে বিগত সময়ত কাম কৰিব নোৱাৰা বাবে আমাক প্রত্যাখ্যান কৰিছিল, কিন্তু এতিয়া অসমৰ ৰাইজে আমাক আদৰি লৈছে৷ সেয়ে নেতৃত্ব লোৱাৰ দিন ধৰি নোৰোৱাকৈ কাম কৰি গৈছোঁ৷ এতিয়া পুনৰ প্রাণ পাই উঠিছে অগপ দল৷ বিগত সময়ছোৱাত অগপ দল কাৰোবাৰ ষডযন্ত্রত সোলোক–ঢ়োলোক হ’ব পাৰে, কিন্তু উভালি পেলাব নোৱাৰে অগপক৷ অগপ এতিয়া পূর্ণ যৌৱনপ্রাপ্ত দল৷ আৱেগিকভাৱে কোনো সিদ্ধান্ত নলওঁ৷ অগপ সভাপতিজনে লগতে কয়– মই সভাপতি নহয়, দলৰ এজন সেৱকহে৷ বর্তমান দলটোৱে ৩৬ বছৰত ভৰি দিছে৷ বিগত সময়ত আমাক বেয়া পোৱাৰ অন্যতম কাৰণ আছিল আমি বিদেশী বহিষ্কাৰ কৰিব নোৱাৰিলোঁ৷ কিন্তু অসম গণ পৰিষদৰ দিনত স্বাধীনতাৰ পাছত প্রথমবাৰৰ বাবে ৰাজ্যখনত উন্নয়ন সম্ভৱ হৈছিল৷ মন্ত্রীজনে লগতে কয়– অসম গণ পৰিষদে কৰা মিত্রতা সময়ৰ আহ্বান৷ অসমৰ জাতীয় স্বার্থ সুৰক্ষাৰ স্বার্থত বিজেপিৰ সৈতে মিত্রতা কৰিছে৷ কেৱল ৰাজপথত আন্দোলন কৰি সকলো সমস্যা সমাধান কৰিব নোৱাৰি৷ সেয়ে আমি চৰকাৰৰ লগত থাকি জাতিটোৰ উন্নয়নৰ হকে কাম–কাজ আগবঢ়াই নিয়াৰ চেষ্টা অব্যাহত ৰাখিছোঁ৷ ইফালে কংগ্রেছ আৰু এ আই ইউ ডি এফৰ মিত্রতা প্রসংগত অতুল বৰাই কটাক্ষ কৰি কয় যে ৰিপুণ বৰা আৰু বদৰুদ্দিন আজমলৰ মাজত এতিয়া ‘খুল্লাম খুল্লা প্যাৰ’ হৈছে৷ কোনো সর্বভাৰতীয় দলৰ পৃষ্ঠপোষকতাত জন্মলাভ কৰা দলে অসম গণ পৰিষদ দলক তিলমানো ক্ষতি কৰিব নোৱাৰে বুলি মত পোষণ কৰে বৰাই৷ সমাৰোহত উপস্থিত থাকি কার্যকৰী সভাপতি কেশৱ মহন্তই কয় যে ন–সাজেৰে, নতুন উদ্যমেৰে অগপই পুনৰ প্রাণ পাই উঠিছে৷ পূর্বৰ ভুল–ত্রুটিৰ পৰা শিক্ষা গ্রহণ কৰি আত্মশুদ্ধিৰ পথৰে প্রগতিশীল জাতীয়তাবাদৰে অগপ আগবাঢ়িছে৷ বর্তমান সংকীর্ণতাৰ মাজত অগপ দল নাই৷ ভাষণত মন্ত্রীগৰাকীয়ে অসম গণ পৰিষদক লৈ সন্দেহ আৰু অবিশ্বাস কৰাৰ থল নাই বুলি উল্লেখ কৰি অসম গণ পৰিষদ দলে ৰাজ্যখনত একমাত্র বিশ্বাসযোগ্য আঞ্চলিক শক্তি বুলি দাবী কৰি ৰাজ্যখনৰ সকলো জাতি–জনগোষ্ঠী আৰু ধর্মালম্বী লোকক একত্রিত কৰি অসম গণ পৰিষদ দল আগবাঢ়ি যাব বুলি মহন্তই মন্তব্য কৰে৷ সমাৱেশত যুৱ প্রজত্মৰ শক্তিশালী নেতা পদ্মলোচন দলেই ভাষণ প্রদান কৰে৷ সভাত দলৰ সাধাৰণ সম্পাদক প্রবীণ হাজৰিকা, পোনাকণ বৰুৱা, জয়ন্ত খাউণ্ড, উপ–সভাপতি কেশৰাম বৰা, মহেশ দলে, সুনীল ৰাজখোৱা, যুৱ পৰিষদৰ সভাপতি জিতু বৰগোহঁাই, সম্পাদক ঋষিৰাজ শর্মা, সমুজ্জ্বল চুতীয়া, অসম ছাত্র পৰিষদৰ সভাপতি ত্রিনয়ন বৰুৱা, অসম মহিলা পৰিষদৰ সম্পাদিকা মৌচুমী কোঁৱৰ আদি উপস্থিত থাকে৷