নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৩ দফীয়া কর্ম আঁচনিৰে সুৰক্ষিত অসমৰ লক্ষ্য

নিয়মীয়া বাৰ্তা ২৫ মাৰ্চঃ প্রথম পর্যায়ৰ নির্বাচনৰ প্রচাৰ অভিযান সামৰণিৰ প্রাক্ক্ষণত বুধবাৰে ততাতৈয়াকৈ দলীয় ইস্তাহাৰ প্রকাশ কৰিলে অগপই৷ সুৰক্ষিত আৰু শক্তিশালী অসমৰ লক্ষ্যৰে ৰাজ্যক স্ব–নির্ভৰশীল কৰাৰ দৃঢ়তা প্রকাশ কৰি ২৩ দফীয়া কর্মআঁচনিৰে আঞ্চলিক দলটোৱে প্রথম পর্যায়ৰ ভোটৰ তিনি দিন পূর্বে আজি আনুষ্ঠানিকভাৱে নির্বাচনী ইস্তাহাৰ উন্মোচন কৰে৷ আমবাৰীস্থিত দলীয় কার্যালয়ত দলটোৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্রপ্রসাদ বৈশ্যই মুকলি কৰা

ইস্তাহাৰখনত আছে কেইবাটাও প্রতিশ্রুতি৷ অসম চুক্তি সম্পূর্ণৰূপে ৰূপায়ণ কৰা, অনুপ্রৱেশকাৰীৰ কবলৰ পৰা অসমৰ ভূমি মুক্ত কৰা, নিবনুৱা সমস্যা সমাধানৰ বাবে সুকীয়া নীতি প্রস্তুত কৰা, অর্থনৈতিক উন্নয়নৰ বাবে সুনির্দিষ্ট পৰিকল্পনা কৰা, বান নিয়ন্ত্রণ আৰু খহনীয়া প্রতিৰোধ কৰা, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ, শিশু আৰু মহিলাৰ উন্নয়ন, আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ প্রতিশ্রুতিৰে প্রস্তুত কৰা ইস্তাহাৰখনত কিন্তু লক্ষণীয়ভাৱে উল্লেখ কৰা নহ’ল নাগৰিকত্ব সংশোধনী আইনৰ এটাও শব্দ৷

উল্লেখ্য যে বুধবাৰে বিজেপিয়ে ১০টা সংকল্পৰে ইস্তাহাৰ মুকলি কৰি ‘কা’ৰ সপক্ষে দলৰ স্থিতি স্পষ্ট কৰি দিছে৷ বিজেপিৰ সৈতে মিত্রজোঁটৰ অংশীদাৰ হৈ থকা অগপই আজি ইস্তাহাৰত ‘কা’ক লৈ এটাও শব্দ উচ্চাৰণ নকৰা বিষয়টোৱে বিশেষ চর্চা লাভ কৰিছে৷ দলৰ সভাপতি অতুল বৰা আৰু কার্যকৰী সভাপতি কেশৱ মহন্তৰ উপস্থিতিত এই ইস্তাহাৰ উন্মোচন কৰি দলৰ সাংসদ বীৰেন্দ্রপ্রসাদ বৈশ্যই কংগ্রেছক তীব্র ভাষাৰে সমালোচনা কৰি কয় যে কংগ্রেছৰ দিনত নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পিছতো ১৫ বছৰীয়া শাসনকালত কংগ্রেছে একোৱেই নকৰিলে৷ আনহাতে কংগ্রেছ–এআইইউডিএফৰ্ মিত্রতা অসমবাসীয়ে কেতিয়াও গ্রহণ নকৰে বুলি মন্তব্য কৰি সাংসদগৰাকীয়ে এই মিত্রতাই অসমৰ ঐতিহ্য–পৰম্পৰাক ধ্বংস কৰিব বুলিও উল্লেখ কৰে৷ নির্বাচনী ইস্তাহাৰ মুকলি অনুষ্ঠানত কুমাৰ দীপক দাস, মনোজ শইকীয়া, নুৰুল হুছেইন, দিলীপ পাটগিৰিৰ লগতে কেইবাজনো নেতা উপস্থিত থাকে৷

You might also like