বর্তমানে দখলত থকা এটাও সমষ্টি এৰি নিদিয়াৰ সিদ্ধান্ত
নির্বাচনী প্রস্তুতি সন্দর্ভত অগপৰ গুৰুত্বপূর্ণ কার্যনির্বাহক
নিয়মীয়া বাৰ্তা ১৫ ফেব্ৰুৱাৰীঃ মিত্রজোঁটৰ আসন ভাগ–বাটোৱাৰাক লৈ ব্যাপক জল্পনা–কল্পনা চলি থকাৰ সময়তে দেওবাৰে অনুষ্ঠিত হ’ল অসম গণ পৰিষদ দলৰ এখন গুৰুত্বপূর্ণ কার্যনির্বাহক বৈঠক৷ এই বৈঠকত প্রতিটো সমষ্টিত দলৰ সাংগঠনিক স্থিতি আৰু নির্বাচনী ৰণকৌশল সন্দর্ভত বিস্তাৰিতভাৱে পর্যালোচনা কৰে দলৰ নেতৃবৃন্দই৷ কার্যনির্বাহক বৈঠকৰ সিদ্ধান্ত অনুসৰি সমাগত বিধানসভা নির্বাচনত অগপই ৰাজ্যখনৰ ৪০টা সমষ্টিত প্রতিদ্বন্দ্বিতাৰ বাবে দাবী উত্থাপন কৰিব৷ লগতে বর্তমান অগপৰ দখলত থকা ১৪টা সমষ্টিৰ এটাও বিজেপি বা আন মিত্রদলক এৰি নিদিয়াৰ সর্বসন্মত সিদ্ধান্ত লোৱা হয়৷ নির্বাচনৰ প্রতি লক্ষ্য ৰাখিয়েই আঞ্চলিক দলটোৱে নির্বাচিত ৫০টা সমষ্টিত সাংগঠনিক ভেটি শক্তিশালী কৰিবৰ বাবে ব্যাপক সাংগঠনিক কার্যসূচী গ্রহণ কৰিব৷ উক্ত সমষ্টিসমূহত সংগঠন বিস্তাৰৰ প্রক্রিয়া আৰম্ভ হ’ব অহা মঙলবাৰৰ পৰা৷ সামগ্রিকভাৱে এই প্রক্রিয়া নিৰীক্ষণৰ বাবে গঠন কৰা হৈছে এখন বিশেষ সমিতি৷ মনোজ শইকীয়াক সভাপতি হিচাপে লৈ গঠন কৰা সমিতিখনৰ আন সদস্যসকল হৈছে– দিলীপ পাটগিৰি, নুৰুল চুলতান আৰু তুলাৰাম গগৈ৷ উজনি–নামনিৰ লগতে বৰাক উপত্যকাৰ তিনিটা সমষ্টিতো অগপই এইবাৰ প্রতিদ্বন্দ্বিতাৰ বাবে মন মেলিছে৷
ইফালে দলটোৱে দেওবাৰে নির্বাচনী ইস্তাহাৰ কমিটী, আইন কোষ আৰু তথ্য–প্রযুক্তি কোষো নতুনকৈ গঠন কৰে৷ উল্লেখ্য যে সমষ্টিয়ে সমষ্টিয়ে জাতীয় ঐক্য সমাৰোহ অনুষ্ঠিত কৰি অগপই ইতিমধ্যে নির্বাচনৰ ময়দানত নিজৰ উপস্থিতি ঘোষণা কৰিছে৷ কিন্তু আসন ভাগ–বাটোৱাৰাক লৈ দলৰ নেতা–কর্মীসকলে এতিয়াও স্পষ্ট ধাৰণা পোৱা নাই৷ সেয়ে অগপৰ তৃণমূল পর্যায়ৰ কর্মীসকল এতিয়াও ধুঁৱলী–কুঁৱলী পৰিৱেশৰ মাজত আছে৷ তাৰ মাজতে খবৰ ওলাইছে যে এইবাৰ বিজেপিয়ে অগপৰ দখলত থকা পশ্চিম গুৱাহাটী, কমলপুৰ, বঢ়মপুৰ আৰু টীয়ক সমষ্টি অগপক এৰি নিদিয়ে৷ এই লক্ষ্যৰে সমষ্টিকেইটাত গেৰুৱা দলটোৱে আগ্রাসী কুচকাৱাজ ইতিমধ্যে আৰম্ভ কৰিছে৷ এনে পৰিস্থিতিত অগপৰ ভিতৰচ’ৰাত স্বাভাৱিকতে এক অসন্তুষ্টিৰ পৰিৱেশ বিৰাজ কৰিছে৷ নির্বাচনৰ প্রাক্ক্ষণত অগপ নেতৃত্বৰ বাবে এয়া অস্বস্তিৰ বিষয় হৈ পৰিছে৷ সেয়ে আজি অতুল বৰাৰ সভাপতিত্বত অনুষ্ঠিত কার্যনির্বাহক বৈঠকত বর্তমান অগপৰ দখলত থকা এটাও সমষ্টি এৰি নিদিয়াৰ সিদ্ধান্ত লোৱা হয়৷ একে সময়তে অগপই ৪০টা সমষ্টি মিত্রদলৰ পৰা বিচৰাৰ প্রস্তাৱ লৈছে যদিও চূড়ান্ত সিদ্ধান্ত নির্ভৰ কৰিব বিজেপিৰ ৰাষ্ট্রীয় নেতাৰ ওপৰত৷ বিগ ব্রাদাৰ বিজেপিয়েহে সিদ্ধান্ত ল’ব যে কোনকেইটা সমষ্টি অগপক প্রতিদ্বন্দ্বিতা কৰিবলৈ দিয়া হ’ব৷ অর্থাৎ অগপৰ আজিৰ কার্যনির্বাহক বৈঠকৰ সিদ্ধান্ত কার্যকৰী হোৱা–নোহোৱাটো কার্যতঃ বিজেপিৰ ওপৰতে নির্ভৰশীল৷