নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভয়-ভাবুকিৰে ভোট আদায়ৰ দিন এতিয়া উকলিল

নিয়মীয়া বাৰ্তা, ৩ অক্টোবৰ : নগাঁৱৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত লৰীৰমুখৰ প্ৰেক্ষাগৃহত আজি অসম গণ পৰিষদ দলৰ এখন বিশেষ কৰ্মী সভা অনুষ্ঠিত হয় ৷ অসম গণ পৰিষদ দলৰ চামগুৰি সমষ্টি সমিতিৰ উদ্যোগত অনুষ্ঠিত বিশেষ কৰ্মী সভাখনত মুখ্য অতিথি হিচাপে অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা আৰু অগপৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত, উপ সভাপতি অপূৰ্ব ভট্টাচাৰ্য উপস্থিত থাকে৷ অগপৰ নগাঁও জিলা সমিতিৰ সভাপতি মনিমাধৱ মহন্তৰ সভাপতিত্ব অনুষ্ঠিত চামগুৰি সমষ্টিৰ বিশেষ কৰ্মীসভাখনত কেশৱ মহন্ত উপস্থিত থাকি ভাষণ প্ৰসংগত কয় যে আগন্তুক উপ-নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ সম্পৰ্কত অগপৰ বিষয়ববীয়াসকলৰ লগতে কৰ্মী সকলে নিজৰ নিজৰ অঞ্চল সমুহত দলৰ সাংগঠনিক দিশ আৰু শক্তিশালী কৰিব লাগিব৷ কাৰন আগন্তুক উপ নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক বিপুল ভোটত জয় কৰাব লাগিব৷ এই চামগুৰি সমষ্টিৰ পৰা অগপৰ প্ৰাৰ্থীগৰাকী বিধায়ক হৈছিল৷ ময়ো এই সমষ্টিৰ পৰা বিপুল ভোট লাভ কৰি সাংসদ হৈছিলো ৷ গতিকে আমি দলৰ মজিয়াত আৰু মুখ্যমন্ত্ৰী গৰাকীৰ লগত আলোচনা কৰিছো ৷ অহা ২০২৬ চনৰ বিধান সভা নিৰ্বাচনত এই সমষ্টিৰ ৰাইজে অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী তথা হাতীৰ ছবিত ভোট দিবলৈ পাব বুলি মন্ত্ৰী গৰাকীয়ে ভাষন প্ৰসংগত উল্লেখ কৰাৰ লগতে আগন্তুক উপ নিৰ্বাচনৰ বাবে পাঁচ সমষ্টিত দলৰ সাংগঠনিক দিশ সৱল কৰিবলৈ বিশেষ কৰ্মী সভা অনুষ্ঠিত কৰা হৈছে ৷ এই বিশেষ কৰ্মী সভা প্ৰথম চামগুৰি সমষ্টিৰ পৰা আৰম্ভ কৰা হৈছে বুলি মন্ত্ৰী গৰাকীয়ে ভাষন প্ৰসংগত উল্লেখ কৰে ৷চামগুৰি সমষ্টি সমিতিৰ সভাপতি আবুবক্কৰ চিদ্দিকে আতঁধৰা বিশেষ কৰ্মী সভা খনত অসম গণ পৰিষদ দলৰ সভাপতি তথা কৃষি আদি বিভাগৰ মন্ত্ৰী অতুল বৰা উপস্থিত থাকি ভাষন প্ৰসংগত কয় যে কংগ্ৰেছ চৰকাৰ দিনত এই সমষ্টিৰ বিধায়ক গৰাকীয়ে ভয় ভাবুকিৰে ৰাইজৰ পৰা ভোট আদায় কৰিছিল বুলি অভিযোগ উঠিছিল৷ সেই দিন এতিয়া নাই৷ এতিয়া ভয় আৰু ভাবুকি দি কোনেও ভোট আদায় কৰিব নোৱাৰে ৷ কাৰন ৰাইজ এতিয়া সচেতন হ’ল ৷ অসমত আঞ্চলিকতা বাদৰ প্ৰয়োজন আছে বুলি মন্ত্ৰী গৰাকীয়ে ভাষন প্ৰসংগত উল্লেখ কৰি কয় যে বৰ্তমান বহু লোক আন দলৰ পৰা আহি অসম গণ পৰিষদ দলত যোগদান কৰিছে ৷ অগপৰ হাত শক্তিশালী কৰিছে ৷গতিকে এই সমষ্টিৰ বিষয়ববীয়া সকলৰ লগতে কৰ্মকৰ্তা সকলে আগন্তুক উপ নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ বাবে দলৰ সাংগঠনিক দিশ সৱল কৰি মিত্ৰজোঁটৰ প্ৰাৰ্থী গৰাকীক বিপুল ভোটত জয় কৰাাব লাগিব বুলি মন্ত্ৰী গৰাকীয়ে ভাষন প্ৰসংগত উল্লেখ কৰে৷ উক্ত কৰ্মী সভাখনত অসম গণ পৰিষদ দলৰ উপ সভাপতি অপূৰ্ব ভট্টাচাৰ্য আৰু অসম গণ পৰিষদ দলৰ নগাঁও জিলা সমিতিৰ সভাপতি মনিমাধৱ মহন্তই দলৰ সাংগঠনিক দিশৰ ওপৰত ভাষন প্ৰদান কৰে ৷ আজি অনুষ্ঠিত হোৱা সভা খনত জেষ্ঠ্য নেতা মজিবুৰ ৰহমান সুজিত নাথ খগেন গায়নকে ধৰি চামগুৰি সমষ্টিৰ বিভিন্ন আঞ্চলিক সমিতিৰ বিষয়ববীয়া আৰু সমষ্টি সমিতিৰ বিষয়ববীয়া সকলৰ লগতে কৰ্মকৰ্তা সকল উপস্থিত থাকে ৷

প্ৰেৰক প্ৰমোদ কুমাৰ শৰ্মা

You might also like