নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমবাৰীত অগপৰ মহিলা পৰিষদৰ সাধাৰণ সভা সম্পন্ন

🟢ঐক্যবদ্ধ নাৰী শক্তিয়ে ত্বৰান্বিত কৰিব ৰাজ্যৰ উন্নয়ন আৰু বিকাশঃ অতুল বৰা

বিশেষ বাৰ্তা, ৫ আগষ্টঃ আজি অসম গণ পৰিষদৰ ভগ্নী সংগঠন অসম মহিলা পৰিষদ কেন্দ্ৰীয় সমিতিৰ এখন সাধাৰণ সভা দলৰ আমবাৰীস্থিত মুখ্য কাৰ্য্যালয়ত সভানেত্ৰী বৰদা কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হয়। ৰাজ্যখনৰ বিভিন্ন জিলা আৰু সমষ্টিৰ পৰা পাচঁ শতাধিক মহিলা প্ৰতিনিধি উপস্থিত থকা এই সভাত উপস্থিত থাকি দলটোৰ সভাপতি অতুল বৰাই ৰাজ্যখনৰ উন্নয়ন আৰু বিকাশৰ মহিলাসকলৰ অগ্ৰণী ভূমিকাৰ কথা উল্লেখ কৰি অসমৰ জাতীয় জীৱন মহিলাসকলৰ অৱদানক স্মৰণ কৰে। সভাপতি বৰাই লগতে কয় যে মহিলাসকলৰ সামাজিক ন্যায় ওপৰত গুৰুত্ব প্ৰদান কৰি মহিলাসকলক সৰ্বস্তৰতে সৱলীকৰণৰ ওপৰত মত পোষণ কৰে। সভাত দলটোৰ কাৰ্য্যকৰী সভাপতি কেশৱ মহন্তই মহিলাসকলৰ স্থান আমাৰ সমাজত সদায় উচ্চ আৰু মহিলাসকলৰ দায়বদ্ধতাই সমাজৰ বাবে সদায় সাহসৰ প্ৰতীক হিচাপে বিবেচিত হৈ আহিছে। মহিলাসকলৰ ত্যাগ আৰু কৰ্মোদ্যমেই হৈছে অগপৰ অন্যতম চালিকা শক্তি। সভাত দলৰ সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, মনোজ শইকীয়া, ভূপেন ৰায়, পোনাকণ বৰুৱা, উপ-সভাপতি সুনীল ডেকা, সুনীল ৰাজকোৱঁৰ আদি উপস্থিত থাকে। এই সভাতেই পূৰৱী তালুকদাৰক সভানেত্ৰী, বন্তী পাঠক আৰু প্ৰণিতা গগৈক কাৰ্য্যকৰী সভানেত্ৰী, ১৪গৰাকী সভানেত্ৰীসহ মুঠ ৫১জনীয়া অসম মহিলা পৰিষদৰ কেন্দ্ৰীয় সমিতিখন গঠন কৰা হয়। এই সভাতেই প্ৰাক্তন সভানেত্ৰী বৰদা কলিতা আৰু কাৰ্য্যকৰী সভানেত্ৰী মামণি বৰাক অগপৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদিকা হিচাপে সভাপতি অতুল বৰাই মনোনীত কৰে।

You might also like