নিয়মীয়া বাৰ্তা ২৫ ডিচেম্বৰঃ বিগত প্রায় তিনি মাহ ধৰি নিৰৱচ্ছিন্নভাৱে শদিয়াৰ পৰা ধুবুৰীলৈ দলীয় কর্মীসভা, জাতীয় ঐক্য সমাৰোহ অনুষ্ঠিত কৰি এক প্রবল জনজাগৰণ সৃষ্টি কৰি অহাৰ সময়তে আজি উত্তৰ অসমৰ অন্যতম প্রাণকেন্দ্র লখিমপুৰত অনুষ্ঠিত হয় অগপৰ এখন বিশাল কর্মীসভা ৷ লখিমপুৰ সমষ্টিৰ অগপৰ বিধায়ক তথা দলটোৰ অন্যতম জ্যেষ্ঠ সাধাৰণ সম্পাদক উৎপল দত্তৰ সভাপতিত্বত উত্তৰ লখিমপুৰ নাট্য মন্দিৰ খেলপথাৰত অনুষ্ঠিত বিশাল কর্মীসভাখনত স্বভাৱসুলভ বাকপটুতাৰে সভাপতি তথা মন্ত্রী অতুল বৰাই জনতাক মন্ত্রমুগ্ধ কৰে৷ ভাষণৰ আৰম্ভণিতে জয় আই অসম শীর্ষক তেজোদ্দীপ্ত শ্লোগানেৰে হাজাৰ হাজাৰ দলীয় কর্মীক উজ্জীৱিত কৰি তোলে সভাপতি অতুল বৰাই৷ কেইবাসহস্র কর্মী– শুভাকাংক্ষী তথা ৰাইজৰ পাৰ ভঙা উছাহৰ মাজতেই দলীয় কার্যকর্তাক দলটোৰ নিষ্ঠাৱান সৈনিক হিচাপে অভিহিত কৰি সভাপতি বৰাই কয়– আঞ্চলিকতাবাদক শক্তিশালী কৰি অগপই অশ্বমেধ ঘোঁৰা এৰি দিছে৷ এই গতি কোনেও ৰুধিব নোৱাৰে৷ দলীয় কর্মীক উদ্দেশ্যি তেওঁ কয়– যোৱা অক্টোবৰ মাহত দলটোৰ প্রতিষ্ঠা দিৱসৰ পৰাই ৰাজ্যৰ প্রান্তে প্রান্তে একাধিক দলীয় কর্মীসভা, জাতীয় ঐক্য সমাৰোহ অনুষ্ঠিত কৰি অহা হৈছে৷ এনে সভাৰ জৰিয়তে দলৰ কর্মী–শুভাকাংক্ষীৰ উপৰি দলৰ সৈতে জডিত নথকা সচেতন নাগৰিকৰ সৈতেও সঘনাই মত বিনিময় কৰি অহা হৈছে৷ দলীয় কর্মীৰ উৎসাহ আৰু সর্বস্তৰৰ ৰাইজৰ বিপুল সঁহাৰিত আমিও সমানে উৎসাহিত হৈ পৰিছোঁ৷ পূর্বৰ বিধ্বস্ত অৱস্থাৰ পৰা সম্প্রতি অগপ অধিক সুদৃঢ়ভাৱে ঠন ধৰি উঠিছে৷ ৰাইজৰ মাজলৈ দলটোৰ আস্থা আৰু বিশ্বাস উভতি আহিছে৷ অগপত পৰিৱর্তনৰ প্রক্রিয়া আৰম্ভ হৈছে৷ সেয়া আমি কোৱাৰ প্রয়োজন নাই, ৰাইজে নিজেই উপলব্ধি কৰিছে৷ দললৈ নতুন তেজৰ আমদানি হৈছে৷ নতুন নতুন ছাত্র–যুৱক অগপত নিতৌ যোগদান কৰি আহিছে৷ দলটো জন্মৰ পাছত প্রথমবাৰৰ বাবে ২০১৯ চনৰ ২১ নৱেম্বৰত ত্রিনয়ন বৰুৱাৰ নেতৃত্বত অসম ছাত্র পৰিষদৰ জন্ম হৈছে৷ এয়া দলটোৰ বাবে এক আনন্দ আৰু সুখৰ খবৰ৷ সময়ৰ পৰিৱর্তনৰ লগে লগে আমাৰ চিন্তাধাৰা, ধ্যান–ধাৰণাৰ পৰিৱর্তন হোৱাটো তেনেই স্বাভাৱিক বুলি মন্তব্য কৰি নিজৰ উদাত্ত ভাষণত সভাপতি বৰাই কয়– অসম চুক্তি ৰূপায়ণৰ প্রতিশ্রুতিৰে দুবাৰকৈ দিছপুৰৰ শাসনলৈ অহা অসম গণ পৰিষদ নেতৃত্বাধীন চৰকাৰখনৰ বাবে বিদেশী চিনাক্তকৰণ–বহিষ্কাৰ আৰু চুক্তিৰ ছয় নং দফা ৰূপায়ণেই আটাইতকৈ গুৰুত্বপূর্ণ বিষয় আছিল৷ কিন্তু আমাৰ দলৰ চৰকাৰে এই মূল বিষয় দুটাত কিয় সফল হ’ব নোৱাৰিলে, সেই কথা তথ্য–যুক্তি সহকাৰে অসমৰ জনতাক বুজাই কোৱাত ব্যর্থ হ’ল দলৰ তেতিয়াৰ নেতৃত্ব৷ ১৯৮৩ চনৰ কুখ্যাত আই এম ডি টি আইন থাকিলে বিদেশী খেদা আৰু অসম চুক্তি ৰূপায়ণ যে সম্ভৱ নহয়, সেই কথা বুজাই দিয়াত অগপৰ নেতৃত্ব ব্যর্থ হ’ল৷
অসম চুক্তি ৰূপায়ণৰ মূল কাণ্ডাৰী কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ পৰা বিন্দুমাত্রাও সহযোগিতা নোপোৱা বাবেই যে চুক্তি ৰূপায়ণত অগপ দলৰ চৰকাৰে উজুটি খাব লগা হৈছিল, সেই কথা অসমৰ ৰাইজক পতিয়নযোগ্যভাৱে বুজাই দিয়াৰ বেলিকাও সফল নহ’ল দলটোৰ নেতৃত্ব৷ যাৰ বাবে ৰাইজৰ আস্থাহীনতাৰ বলি হ’বলগীয়া হৈছিল আমাৰ দলটো৷ মিত্রতাৰ প্রসংগত সভাপতিগৰাকীয়ে কয়– মিত্রতা মানে আত্মসমর্পণ নহয়৷ ৰাষ্ট্রীয়তাবাদৰ সৈতে আঞ্চলিকতাবাদক আগুৱাই নিয়াৰ লক্ষ্যৰে অগপই যি মিত্রতা কৰিছে, সেই মিত্রতাৰ অর্থ হ’ল– সম–ধিকাৰ৷ অগপই এক প্রগতিশীল জাতীয়তাবাদত বিশ্বাস কৰে বুলি দৃঢ়তাৰে ঘোষণা কৰি তেওঁ লগতে কয় যে স্কুল–কলেজ নুখুলিলে কিছুমান সংগঠন নচলে৷ যিবোৰ বিষয় ৰাজপথত আন্দোলন কৰিলেও সমাধান নহয়, আইনৰ মাধ্যমৰেহে সমাধান হয়, সেইবোৰ বিষয় পুনৰ টানি আনি ৰাজপথত আন্দোলনৰ পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে৷ ইয়াৰ আলম লৈ জন্ম হৈছে ছদ্মবেশী তথাকথিত আঞ্চলিক দল৷ ৰাইজে এই কথা এতিয়া নুবুজাকৈ থকা নাই৷ ৰাজ্যত নির্বাচনক আগত ৰাখি যি আঞ্চলিক দলৰ জন্ম হৈছে, সেয়া কংগ্রেছ–এ আই ইউ ডি এফৰ ঔৰসত জন্ম হোৱা দল৷ এই দলসমূহৰ উদ্দেশ্য ৰাইজে বুজি পাইছে৷ নতুন ৰাজনৈতিক দলক কেতিয়াও বিশ্বাসত নলয় ৰাইজে৷ বর্তমান বিজেপি নেতৃত্বাধীন চৰকাৰখনেও এইক্ষেত্রত বিশেষ মনোযোগ দিছে৷ ইপিনে দলীয় কর্মীৰ তুমুল উৎসাহ আৰু হর্ষোল্লাসৰ মাজতেই দলৰ কার্যকৰী সভাপতি তথা মন্ত্রী কেশৱ মহন্তই কয় যে অগপই আপোচহীন ৰাজনীতি কৰি যাব৷ দলৰ লক্ষ্য–আদর্শ আৰু ৰাইজৰ স্বার্থ সুৰক্ষাৰ ক্ষেত্রত দলে এক সবল আপোচহীন ভূমিকা লৈছে আৰু ভৱিষ্যতেও এই নীতি অব্যাহত ৰাখিব৷ প্রকৃত আঞ্চলিকতাবাদৰ সুৰক্ষা একমাত্র অগপইহে দিব পাৰিব৷ নির্বাচনৰ প্রাকমুহূর্তত আঞ্চলিকতাবাদৰ নামত একাংশই ৰাইজক প্রতাৰণা কৰিব বিচাৰিছে বুলি মন্তব্য কৰি কার্যকৰী সভাপতি মহন্তই লগতে কয় যে সেইবোৰ দৰাচলতে অচিন কাঠৰ থোৰাহে৷ অচিন কাঠৰ থোৰা লগালে কি হয়, সেয়া সকলোৱে জানে৷ আজিৰ দলীয় কর্মীসভাত দলটোৰ অন্যতম জ্যেষ্ঠ নেতা, প্রাক্তন বিধায়ক কেশৰাম বৰা, কেন্দ্রীয় সাধাৰণ সম্পাদক প্রবীণ হাজৰিকা, সম্পাদক জয়ন্ত খাউণ্ড, সিদ্ধেশ্বৰ হাজৰিকা, দলৰ লখিমপুৰ জিলা পৰিষদৰ সভাপতি দীপক বৰদলৈ, অসম যুৱ পৰিষদৰ সভাপতি জিতু বৰগোহাঁই, অসম ছাত্র পৰিষদৰ সভাপতি ত্রিনয়ন বৰুৱা প্রমুখ্যে দলৰ ভাতৃ–ভগ্ণী সংগঠন–দলীয় জিলা পৰিষদৰ বিষয়ববীয়া উপস্থিত থাকে৷