নাৰিকলভিত্তিক উদ্যোগ স্থাপনত গুৰুত্ব কৃষিমন্ত্ৰী অতুল বৰাৰ
মুম্বাইৰ পঞ্চতাৰকা হোটেলৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত অসমৰ কাজি নেমু
গুৱাহাটীত নাৰিকলৰ মান সংযোজন শীৰ্ষক ৰাজ্যিক পৰ্যায়ৰ আলোচনাচক্ৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৯ ফেব্ৰুৱাৰীঃ ৰাজ্যখনৰ কৃষিভিত্তিক অৰ্থনীতিৰ বিকাশ সাধনৰ লগতে নিয়োজনৰ পথ প্ৰশস্ত কৰিবলৈ নাৰিকলভিত্তিক উদ্যোগ স্থাপনত গুৰুত্ব আৰোপ কৰি কেন্দ্ৰীয় চৰকাৰৰ নাৰিকল উন্নয়ন ব’ৰ্ড আৰু অসম কৃষি বিশ্ববিদ্যালয়ক এক নিৰ্দিষ্ট কৰ্মসূচী গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে কৃষিমন্ত্ৰী অতুল বৰাই। আজি নাৰিকল উন্নয়ন ব’ৰ্ডৰ উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ড০ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত অসমত নাৰিকল খেতিৰ সম্ভাৱনা আৰু মান সংযোজন বিষয়ক এখন ৰাজ্যিক পৰ্যায়ৰ আলোচনা-চক্ৰত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি কৃষিমন্ত্ৰী বৰাই কয় যে অসমৰ উদ্যান শস্যখণ্ডৰ ব্যাপকতা, সম্ভাৱনীয়তা আৰু দেশ-বিদেশত ৰাজ্যখনৰ বিভিন্ন উদ্যান শস্যৰ জনপ্ৰিয়তাই এই খণ্ডটোক নতুন প্ৰজন্মৰ বাবে অৰ্থনৈতিক স্বাৱলম্বিতাৰ এটি শক্তিশালী আহিলা হিচাপে গঢ়ি তুলিবলৈ সক্ষম হৈছে। কিন্তু একে সময়তে আন এবিধ গুৰুত্বপূৰ্ণ উদ্যান শস্য নাৰিকলৰ মান সংযোজন, নাৰিকলভিত্তিক উদ্যোগ স্থাপন আৰু আন আন আনুষংগিক দিশসমূহে উপযুক্ত গুৰুত্ব লাভ নকৰাৰ ফলত এতিয়াও অসমত উৎপাদন হোৱা নাৰিকলে আশা কৰা ধৰণে বজাৰ দখল কৰিব পৰা নাই। এই দিশটোত নাৰিকল উন্নয়ন বোৰ্ডৰ বহুখিনি কৰণীয় আছে বুলি মন্ত্ৰী বৰাই তেওঁৰ ভাষণত উল্লেখ কৰি কয় যে শেহতীয়াভাৱে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ শক্তিশালী নেতৃত্বত অসমত এক তেজস্বী কৰ্মসংস্কৃতিৰ সূচনা হৈছে। অসম চৰকাৰে ৰপ্তানিকেন্দ্ৰিক কৃষিৰ ওপৰত আৰোপ কৰা গুৰুত্বৰ ফলস্বৰূপে বিগত তিনিটা বছৰত ৰাজ্যখনৰ পৰা হোৱা কৃষি ৰপ্তানিৰ পৰিমাণ ২৫০ শতাংশ পৰ্যন্ত বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰীৰ উদ্যোগত অসমৰ জি আই টেগযুক্ত কাজি নেমুক জাতীয় ফল হিচাপে ঘোষণা কৰাৰ পাছতেই কাজি নেমুৰ প্ৰতি দেশ-বিদেশৰ ক্ৰেতাৰ আকৰ্ষণ বৃদ্ধি পাইছে আৰু শেহতীয়াভাৱে মুম্বাইৰ বিখ্যাত তাজ আৰু অবেৰয় হোটেলকে ধৰি কেইখনমান পঞ্চতাৰকা হোটেলে তেওঁলোকৰ খাদ্য তালিকাত কাজি নেমুক অন্তৰ্ভুক্ত কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰাত আজি বিমানযোগে মুম্বাইলৈ কাজি নেমু প্ৰেৰণ কৰা হৈছে। কৃষিমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত অসম কৃষি বিশ্ববিদ্যালয়ক ৰাজ্যখনৰ বাবে উপযোগী নাৰিকলৰ নতুন জাত উদ্ভাৱনৰ লগতে কৃষি বিজ্ঞান কেন্দ্ৰ আৰু নাৰিকল উন্নয়ন পৰিষদক নাৰিকলৰ কৃষিভূমিৰ সম্প্ৰসাৰণত গুৰুত্ব দিবলৈ আহ্বান জনায়। মুখ্যমন্ত্ৰীৰ বিশেষ উদ্যোগত পি এম কিষাণ আঁচনিৰ ১৬সংখ্যক কিস্তিৰ জৰিয়তে ৰাজ্যখনৰ ১৫ লাখ ২৮ হাজাৰতকৈও অধিক কৃষকে এইবাৰ ৫২৩ কোটি ১৮ লাখ টকা লাভ কৰিবলৈ সক্ষম হোৱা বুলি কৃষিমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে। আলোচনা চক্ৰৰ উদ্বোধনী অনুষ্ঠানত বিটিচিৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাস, উদ্যান শস্য সঞ্চালক ত্ৰিৰংগ ভাৰতীয় বৰা, নাৰিকল উন্নয়ন বোৰ্ডৰ গুৱাহাটীস্থিত আঞ্চলিক কাৰ্যালয়ৰ সঞ্চালক ড০ ৰজত কুমাৰ পাল, অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যান শস্য গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ড০ প্ৰদীপ মহন্ত, ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ গুৱাহাটীৰ কৃষি প্ৰযুক্তি প্ৰায়োগিক গৱেষণা প্ৰতিষ্ঠানৰ মুখ্য বিজ্ঞানী ড০ ৰাজেশ কুমাৰ, কেন্দ্ৰীয় বাগান শস্য গৱেষণা কেন্দ্ৰৰ বিজ্ঞানী ড০ আল্পনা দাস, নাবাৰ্ডৰ মহাপ্ৰৱন্ধক নবীন কুমাৰ ৰয়কে ধৰি বিভিন্ন কৃষি বিষয়া, কৃষি বিজ্ঞানী আৰু বিভিন্ন জিলাৰ কৃষক উপস্থিত থাকে।