নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আপোন গাঁৱৰ শাওণৰ বোকা-পানীৰে ভৰা খেতিপথাৰত ব্যস্ত কৃষিমন্ত্ৰী অতুল বৰা

বৰাহী গাঁও, ২৩ জুলাই : শাওণৰ বোকা-পানীৰে ভৰা গোলাঘাট জিলাৰ বৰাহী গাঁৱৰ আপোন পথাৰত আজি পুৱাই ব্যস্ত হৈ পৰে ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰা। পাৱাৰ টিলাৰেৰে নিজৰ পথাৰখনত মাটি চহাই গাঁওখনৰ কৃষক-ৰোৱনীসকলৰ সৈতে একেলগে শালিধানৰ খেতিত ব্যস্ত হৈ পৰে মন্ত্ৰী বৰা।

আত্মনিৰ্ভৰ অসম গঢ়াৰ লক্ষ্যৰে ৰাজ্যৰ যুৱক-যুৱতীসকলক কৃষিকৰ্মত ব্ৰতী হ’বলৈ আহ্বান জনোৱাৰ লগতে বোকা-পানীৰ মাজত কৃষক-ৰোৱনীসকলৰ সৈতে পুৱাই কিছু মধুৰ সময় পাৰ কৰি প্ৰশান্তি অনুভৱ কৰা বুলি প্ৰকাশ কৰে কৃষিমন্ত্ৰীগৰাকীয়ে।

প্ৰেৰক পংকজনাভ দাস

You might also like