নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ আত্মহত্যাৰ ঘটনাই জোকাৰি আছে যোৰহাট

জন্মস্থান আমগুৰিত ব্যাপক প্রতিক্রিয়া : তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে

নিয়মীয়া বাৰ্তা, ১৬ মে’ : অসম কৃষি বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক ড০ অভিজিৎ শর্মাৰ আত্মহত্যাৰ ঘটনাৰ তদন্ত আৰম্ভ  কৰিছে আৰক্ষীয়ে ৷ প্রবক্তাজনৰ  পত্নীয়ে বৃহস্পতিবাৰে যোৰহাটৰ লিচুবাৰী আৰক্ষী চকীত দাখিল কৰা এজাহাৰৰ ভিত্তিত প্রাৰম্ভিক তদন্ত আৰম্ভ  কৰা বুলি  আৰক্ষী অধীক্ষক মৃণাল তালুকদাৰে জানিবলৈ দিয়ে ৷ প্রবক্তাজনৰ ম’বাইল, লেপটপ আদি যাৱতীয় সামগ্রী তথা নথিপত্র সংগ্রহৰ লগে লগে ছুইচাইড নোটৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আগুৱাই নিব আৰু তেওঁ নিজেই তদন্ত প্রক্রিয়াত চকু ৰাখিব বুলি লগতে উল্লেখ কৰে অধীক্ষকগৰাকীয়ে ৷ ইফালে প্রবক্তাজনৰ জন্মস্থান আমগুৰিত তীব্র প্ৰতিক্রিয়া সৃষ্টি হৈছে ৷

শিৱসাগৰ জিলাৰ আমগুৰিৰ সন্তান তথা কৃষি বিশ্ববিদ্যালয়ৰ দক্ষ আৰু নিয়মানুৱর্তী অধ্যাপক ড০ অভিজিৎ শর্মাৰ আত্মহত্যাৰ ঘটনা আমগুৰিবাসীয়ে সহজভাৱে ল’ব পৰা নাই ৷ শুকুৰবাৰে আমগুৰি জ্যেষ্ঠ নাগৰিক সন্থাই অভিজিৎ শর্মাৰ আত্মহত্যাৰ ঘটনাৰ উচিত তদন্ত বিচাৰি অসম আৰক্ষীৰ সঞ্চালক প্রধান, যোৰহাট জিলাৰ আৰক্ষী অধীক্ষক আৰু কৃষি বিশ্ববিদ্যালয়ৰ উপাচার্যলৈ এক স্মাৰক–পত্র প্রেৰণ কৰিছে৷ উক্ত স্মাৰক–পত্রত ড০ অভিজিৎ শর্মাৰ মৃত্যুৰ উচিত তদন্ত কৰি দোষীক শাস্তি বিহাৰ দাবী জনাইছে ৷ জানিব পৰা মতে, আত্মহত্যাৰ সময়ত অভিজিৎ শর্মাই লিখি থৈ যোৱা তিনি পৃষ্ঠাৰ আত্মহত্যাৰ টোকাত বিশ্ববিদ্যালয়ৰ দুজনমান প্রবক্তাৰ লগতে এগৰাকী গৱেষক ছাত্রীৰ নামো উল্লেখ আছে ৷ জানিব পৰা মতে, ড০ অভিজিৎ শর্মাৰ অধীনত কেইবাগৰাকীও ছাত্র–ছাত্রীয়ে গৱেষণা কৰি আছিল ৷ অত্যন্ত মেধাৱী আৰু নিয়মানুৱর্তী বুলি পৰিচিত অধ্যাপক অভিজিৎ শর্মাই সকলো ছাত্র–ছাত্রীৰ লগতে গৱেষক ছাত্রীগৰাকীকো নিয়মানুৱর্তিতা মানি চলি গৱেষণাৰ কাম চলাবলৈ কৈ আহিছিল ৷ এই কথাটোকে ছাত্রীগৰাকীয়ে অধ্যাপক অভিজিৎ শর্মাই মানসিক হাৰাশাস্তি কৰা বুলি বিশ্ববিদ্যালয়ৰ কর্তৃপক্ষক অভিযোগ কৰিছিল ৷

এই গৱেষক ছাত্রীগৰাকীৰ অভিযোগৰ ভিত্তিতে বিশ্ববিদ্যালয়ৰ কর্তৃপক্ষই একপক্ষীয়ভাৱে বিচাৰ কৰি অভিজিৎ শর্মাক শাস্তিমূলকভাৱে তিতাবৰস্থিত ধান গৱেষণা কেন্দ্রলৈ নিশাৰ ভিতৰতে বদলি কৰিছিল আৰু তেওঁৰ স্থানত আন এজনক নিযুক্তি দিছিল৷ ছাত্রীগৰাকীৰ অভিযোগৰ ভিত্তিত অভিজিৎ শর্মাক সোধা–পোছা কৰা বা কোনো তদন্ত কৰা হোৱা নাছিল বুলি জানিব পৰা গৈছে৷ বিশ্ববিদ্যালয়ৰ একাংশই ছাত্রীগৰাকীৰ চৰিত্র হনন কৰিব বিচৰা বুলিও প্রচাৰ চলাইছিল৷ এনেবোৰ কথাতে অধ্যাপক অভিজিৎ শর্মাই মানসিক অন্তর্দ্বন্দ্বত ভুগি আত্মহত্যাৰ পথ বাছি ল’লে বুলিও বহুতে মন্তব্য কৰিছে৷ ছাত্রীগৰাকীৰ এই অভিযোগ আৰু বিশ্ববিদ্যালয়ৰ কর্তৃপক্ষই তাৎক্ষণিক ব্যৱস্থা গ্রহণ কৰা কার্যত বিশ্ববিদ্যালয়ৰে কোনো তৃতীয় পক্ষ জডিত থকাৰো অভিযোগ উঠিছে৷ সাধাৰণতে উচ্চ শিক্ষানুষ্ঠানসমূহত বিভিন্ন সময়ত অধ্যাপক, ছাত্র–ছাত্রী ৰাজনীতিৰ বলি হ’ব লগা ঘটনা নতুন নহয়৷ সমগ্র ঘটনাটোত কিংকর্তব্যবিমূঢ় হৈ পৰা অভিজিৎ শর্মাৰ পত্নীয়ে দাখিল কৰা এজাহাৰত আত্মহত্যাৰ ঘটনাটো ৰহস্যজনক বুলি উল্লেখ কৰিছে ৷ আৰক্ষীৰ তদন্ততহে অধ্যাপকগৰাকীৰ আত্মহত্যাৰ প্রকৃত তথ্য পোহৰলৈ আহিব বুলি ধাৰণা কৰা হৈছে ৷ শুকুৰবাৰে আমগুৰি আউনীআটীয় হেমচন্দ্র দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদযাপন সমিতি আৰু প্রাক্তন ছাত্র সমিতিয়েও ইয়াৰ উচিত তদন্তৰ দাবী জনাইছে ৷

You might also like