নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰত আলাবৈ ৰণত আহোম সেনাৰ আত্মবলিদান দিৱস পালন

নিয়মীয়া বাৰ্তা, ৫ আগষ্ট : আহোম সেনাৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু জয়সাগৰ আঞ্চলিক সমিতিৰ সহযোগত আজি ঐতিহাসিক তলাতল ঘৰ প্ৰাংগণত অনুষ্ঠিত হয় ইতিহাসপ্ৰসিদ্ধ আলাবৈ ৰণত মৃত্যুবৰন কৰা দহ হেজাৰ আহোম সৈনিকৰ স্মৃতিত আত্মবলিদান দিৱস। আজি পুৱা এক গাম্ভীয্যপূৰ্ণ পৰিৱেশত আহোম সেনাৰ কেন্দ্ৰীয় সভাপতি অংকুৰন ফুকনে আহোম সেনাৰ পতাকা উত্তোলনেৰে আত্ম বলিদান দিৱসৰ শুভাৰম্ভ কৰে।পতাকা উত্তোলন কৰি দিয়া ভাষনত অংকুৰন ফুকনে কয় যে, আহোম স্বৰ্গদেউৰ কঠোৰ নিৰ্দেশৰ পাছতেই ১০ হেজাৰ আহোম সৈন্যই আলাবৈ ৰণক্ষেত্ৰত মোগলৰ বিৰুদ্ধে যুঁজ দিছিল।আলাবৈৰ দৰে সমতল ভূমিত যুজ দিবলৈ আহোম সেনা সেই মূহুৰ্তত সাজু নাছিল যদিও স্বৰ্গদেউৰ নিৰ্দেশ মানি তেওঁলোকে প্ৰৱল পৰাক্ৰমেৰে যুদ্ধ কৰি আত্মবলিদান দি স্বদেশ আৰু স্বজাতিৰ স্বাধীনতা ৰক্ষা কৰিবলৈ সক্ষম হৈছিল।এই বীৰ সৈনিক সকলক প্ৰতি বছৰে স্মৰণ কৰিবলৈ আহোম সেনাই এই অনুষ্ঠান পাতি আহিছে বুলি অংকুৰন ফুকনে মন্তব্য কৰে।ইয়াৰ পাছতেই মৈদাম তৰ্পণ কৰে অনন্ত গগৈয়ে। দিনৰ ১২ বজাত তোপধ্বনি আৰু আহোম সেনাৰ সৈনিক অভিবাদন গ্ৰহণ কৰি আলাবৈ ৰণৰ বীৰ শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সংগ্ৰামী নেতা ডিম্বেশ্বৰ মৰাণে। বুৰঞ্জীবিদ প্ৰেম গগৈয়ে তলাতল ঘৰ প্ৰাংগনত থকা বৃহৎ বৰটোপত মাল্যাপৰ্ন কৰাৰ লগতে জয়জ্যোতি গগৈ আৰু সত্যজিত শইকীয়াৰ সম্পাদনাত প্ৰকাশিত হেংদাং শীৰ্ষক স্মৃৰ্তি গ্ৰন্থখনি আনুষ্ঠানিক ভাৱে উন্মোচন কৰে৷ইয়াৰ পিছতেই আহোম, চুটীয়া, মৰান, মটক, গৰিয়া, মৰিয়া, কোচ ৰাজবংশী, মিচিং আদি জনগোষ্ঠীৰ প্ৰতিনিধিসকলে তেওঁলোকৰ নিজস্ব ধৰ্মীয় নীতি নিয়ম অনুসৰি বিভিন্ন শ্লোক পাঠ কৰি আলাবৈ ৰণত নিহত দহ হেজাৰ বীৰ সৈনিকৰ প্ৰতি একোখন শৰাই আগবঢ়াই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।বিয়লি ২ বজাত অনুষ্ঠিত হয় স্মৃতিচাৰণ সভা।এই স্মৃতিচাৰণ সভাত নিদিষ্ট বক্তা হিচাপে ভাষন দি বিশিষ্ট নিবন্ধকাৰ তথা গড়গাও মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সব্যসাচী মহন্তই কয় যে,মোগল সেনাপতি ৰামসিংহৰ নেতৃত্বত অসম আক্ৰমণৰ বাবে অহা মোগল সৈন্যই অতি নিষ্ঠুৰভাবে যুদ্ধ নীতি ভংগ কৰি একেদিনাই ১০ হেজাৰ অসমীয়া সৈন্যক হত্যা কৰিছিল।এই দহ হেজাৰ অসমীয়া সৈন্যই পৰাক্ৰমী মোগলৰ বিৰুদ্ধে প্ৰৱল পৰাক্ৰমেৰে যুঁজি দেশৰ স্বাধীনতা ৰক্ষাৰ বাবে আত্ম বলিদান দিছিল। এই বীৰ সৈনিক সকলৰ চৰম ত্যাগক আমি আজিও উপযুক্ত সন্মান জনাব পৰা নাই। তেওঁলোকৰ বীৰ গাঠাৰে আমাৰ ভবিষ্যতৰ নৱ প্ৰজন্মৰ মাজত দেশপ্ৰেমৰ বীঁজ অংকুৰিত কৰিব লাগিব।আমি আলাবৈ ৰণত আত্মবলিদান দিয়া বীৰ শ্বহীদ সকলৰ নাম ঠিকনা সংগ্ৰহৰ বাবে ৰাজ্যজুৰি এক অভিযান আৰম্ভ কৰিব লাগিব।এই বীৰ সকলৰ তালিকা সংগ্ৰহৰ বাবে অসমৰ সকলো জাতীয় আৰু জনগোষ্ঠীয় সংগঠন আগুৱাই আহিব লাগিব। যিসকল বীৰ পাহুৱাল অসমীয়াই স্বদেশৰ বাবে আলাবৈ ৰণক্ষেত্ৰত নিজৰ প্ৰান বিসৰ্জন দিলে তেওঁলোকৰ তালিকা উদ্ধাৰ কৰি প্ৰতি বছৰে তেওঁলোকৰ বীৰ গাঠাৰে তৰ্পণ অনুষ্ঠান কৰিলেহে অসমীয়া জাতি অধিক শক্তিশালী হৈ থাকিব। আলাবৈ ৰণৰ বীৰ সৈনিকসকলেই শৰাইঘাট যুদ্ধৰ বিজয়ৰ ভেটি গঢি তুলিছিল বুলি মন্তব্য কৰি ডঃ মহন্তই কয় যে এইসকৰ বীৰপুত্ৰৰ আত্মবলিদানৰ বাবেই পৰৱৰ্তী শৰাইঘাট ৰণত মহাবীৰ লাচিত বৰফুকনৰ নেতৃত্বত অসমীয়া সৈন্যই মোগলক কচু কটা দিবলৈ সংকল্প লৈছিল আৰু বিজয় সাব্যস্ত কৰিছিল। দিন-যোৰা কাৰ্য্যসূচীৰে অনুস্থিত হোৱা এই আত্ম বলিদান দিৱস কাৰ্য্যসূচীত আটাছুৰ কেন্দ্ৰীয় ভাৰপ্ৰাপ্ত সভাপতি বসন্ত গগৈ, আছুৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক সমীৰণ ফুকন, অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সভাপতি যাদৱ গগৈ,আহোম জাতীয় গণ মঞ্চৰ কেন্দ্ৰীয় সভাপতি মহেন্দ্ৰ দিহিঙীয়া, আটাছু নেতা পাৰ্থ গগৈ, ৰাইজৰ দলৰ নেতা জিতু জ্যোতি গায়ন,ছাত্ৰ নেতা চিতু বৰুৱা, দেৱজিত দত্ত প্ৰমোখ্যে কুৰিটা জাতী-জনগোষ্ঠীয় সংগঠনৰ নেতৃবিন্দৰ লগতে বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like