উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰে আলোচনা আছুৰঃ পুনৰ পৰীক্ষাত বহা ছাত্র–ছাত্রীক ন্যায়ৰ দাবী
নিয়মীয়া বাৰ্তা, ১২ জুলাইঃ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ কর্তৃপক্ষৰ সৈতে আজি আলোচনাত মিলিত হয় সদৌ অসম ছাত্র সন্থাৰ এটি দল৷ আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচার্য আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ নেতৃত্বত যোৱা দলটোৱে উচ্চতৰ মাধ্যমিক স্তৰৰ ‘ৰিপিট’, ‘ৰিএপিয়াৰেঞ্চ’, ‘বেটাৰমেণ্ট’, ‘কম্পার্টমেণ্টেল’ আৰু ‘চার্টেইন ছাবজেক্ট’ শিতানত পুনৰ পৰীক্ষাত বহা ছাত্র–ছাত্রীসকলৰ সমস্যা সন্দর্ভত বিস্তৃতভাৱে আলোচনা কৰে৷
শিক্ষা সংসদৰ সচিব আৰু পৰীক্ষা নিয়ন্ত্রকে বিষয়টো গুৰুত্বসহকাৰে তৎকালীনভাৱে আলোচনা কৰিব বুলি উল্লেখ কৰে৷ ছাত্র সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই এক বিবৃতিযোগে সদৰী কৰে যে ইতিমধ্যে জাৰি কৰা মূল্যায়ন নীতি অনুসৰি ১০–৭–৫ প্রক্রিয়াৰে এইসকল ছাত্র–ছাত্রীক মূল্যায়ন কৰিলে তেওঁলোকে ন্যায় লাভ নকৰে৷ এই পদ্ধতিৰে যোৱাবর্ষত কম নম্বৰ পোৱা ছাত্র এজনৰ তুলনাত বেছি নম্বৰ পোৱা ছাত্র এজনে এই বর্ষত কম নম্বৰ পোৱাৰ অৱকাশ থাকে৷ গতিকে এইক্ষেত্রত এটা যথোচিত উপায় উদ্ভাৱন কৰিব লাগে৷ সমান্তৰালভাৱে ‘ৰিপিট’ শিতানৰ বিজ্ঞান শাখাৰ ছাত্র–ছাত্রীসকলক ৫০–৪০–১০ প্রক্রিয়াৰে মূল্যাংকন কৰাটো যুক্তিসংগত নহয়৷ যিহেতু ইতিমধ্যে এইসকল ছাত্র–ছাত্রীয়ে ৩০ নম্বৰৰ বাবে ব্যৱহাৰিক পৰীক্ষাত অৱতীর্ণ হৈছে, গতিকে বিজ্ঞান শাখাৰ সেইসকল ছাত্র–ছাত্রীক এই বর্ষৰ নিয়মীয়া ছাত্র–ছাত্রীৰ দৰে একে প্রক্রিয়াৰেই মূল্যায়ন কৰিব লাগে৷
ছাত্র সন্থাৰ স্পষ্ট মত, পুনৰ পৰীক্ষাত বহা ছাত্র–ছাত্রীসকলৰ সমস্যাসমূহে নিয়মীয়া ছাত্র–ছাত্রীৰ দৰেই গুৰুত্ব লাভ কৰিব লাগিব৷ কাউঞ্চিল কর্তৃপক্ষই বিশেষজ্ঞ সমিতিৰে আলোচনামর্মে এইসকল ছাত্র–ছাত্রীকো ন্যায় প্রদানৰ ব্যৱস্থা কৰিব লাগে৷ আলোচনাত ছাত্র সন্থাৰ উপ–সভাপতি উৎপল শর্মা আৰু শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱাও উপস্থিত থাকে৷