নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সমষ্টি এৰি দিয়াক লৈ কংগ্রেছ ইউডিএফৰ তৃণমূল কর্মীৰ তীব্র ক্ষোভ–প্রতিবাদ

প্রার্থী ঘোষণাৰ পিছতো মহাজোঁটত আঁতৰা নাই পয়মাল

নিয়মীয়া বাৰ্তা ৯ মাৰ্চঃ  শাসনৰ গাদী দখলৰ সপোনেৰে কংগ্রেছ–এ আই ইউ ডি এফে গঠন কৰা মহাজোঁটৰ জঁট এতিয়াও আঁতৰা নাই৷ প্রথম পর্যায়ৰ নির্বাচনৰ মনোনয়নৰ অন্তিম দিনৰ প্রাক্ক্ষণত সমষ্টি এৰি দিয়াক লৈ দুয়োটা দলৰে তৃণমূল কর্মীৰ মাজত এতিয়াও অব্যাহত আছে তীব্র অসন্তুষ্টি৷ প্রার্থী তালিকা ঘোষণাৰ পাছতে আৰম্ভ হোৱা এই ক্ষোভ–প্রতিবাদ এতিয়াও অব্যাহত আছে ৰাজ্যৰ প্রান্তে প্রান্তে৷ আজিও ৰাজ্যৰ বিভিন্ন স্থানত প্রতিবাদ সাব্যস্ত কৰি দুয়োটা দলৰ তৃণমূল কর্মীয়ে কোনো কাৰণতে সমষ্টি এৰি নিদিয়ে বুলি হুংকাৰ দিছে৷ ঠায়ে ঠায়ে ক্ষুব্ধ তৃণমূল কর্মীয়ে দলীয় কার্যালয় লণ্ডভণ্ড কৰাৰ লগতে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাৰ বেনাৰ–পোষ্টাৰত অগ্ণিসংযোগ কৰাও পৰিলক্ষিত হয়৷ আন বিভিন্ন স্থানত তৃণমূল কর্মীয়ে পদত্যাগ কৰি সমষ্টি এৰি দিয়াৰ বিৰুদ্ধে ক্ষোভ প্রকাশ কৰে৷ মুঠতে কংগ্রেছ–ইউ ডি এফৰ ৰাজনৈতিক অংকই এতিয়াও সন্তুষ্ট কৰিব পৰা নাই তৃণমূল পর্যায়ৰ কর্মীসকলক৷ আনকি গুৱাহাটীস্থিত ৰাজীৱ ভৱনতো আজি প্রতিবাদমুখৰ হৈ পৰিল একাংশ কর্মী৷ অসমৰ প্রভাৰী জিতেন্দ্র সিঙৰ উপস্থিতিত ৰাজীৱ ভৱনত এখন সভা অনুষ্ঠিত হৈ থকাৰ সময়তে মানকাচৰৰ কংগ্রেছ কর্মীসকলে বিক্ষোভ প্রদর্শন কৰে৷ বিশেষকৈ মানকাচৰ সমষ্টিটো এ আই ইউ ডি এফক এৰি দিয়াত অসন্তুষ্ট হৈ পৰা কর্মীসকলে বিক্ষোভ প্রদর্শন কৰাৰ লগতে এই সমষ্টি কোনো কাৰণতে এৰি নিদিয়ে বুলি হুংকাৰ দিয়ে৷ কংগ্রেছৰ মতিউৰ ৰহমান মণ্ডলক প্রার্থিত্ব দিবলৈ দাবী জনায় ক্ষুব্ধ কর্মীসকলে৷
গৌৰীপুৰত ৰিপুণৰ বেনাৰ–পোষ্টাৰত অগ্ণিসংযোগ
কংগ্রেছৰ আবুল মিঞাক গৌৰীপুৰ সমষ্টিত প্রার্থিত্ব প্রদান নকৰাত আজি বিক্ষোভ প্রদর্শন কৰে সমর্থকসকলে৷ গৌৰীপুৰৰ মাটিয়াবাগত কংগ্রেছ কর্মীসকলে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাৰ ফটো সম্বলিত বেনাৰ–পোষ্টাৰ ফালি ছিৰাছিৰ কৰাৰ লগতে অগ্ণিসংযোগ কৰি প্রতিবাদ সাব্যস্ত কৰে৷ ক্ষুব্ধ সমর্থকসকলে কংগ্রেছৰ বেনাৰ–পোষ্টাৰো ফালি উত্তাল প্রতিবাদ সাব্যস্ত কৰাৰ লগতে আবুল মিঞাক প্রার্থিত্ব প্রদান নকৰা বাবে ৰিপুণ বৰাই জগৰীয়া বুলি অভিহিত কৰে৷ পৰৱর্তী সময়ত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰে৷
ধুবুৰীৰ ৰাজীৱ ভৱনৰ সন্মুখত কংগ্রেছ কর্মীৰ প্রতিবাদ
ধুবুৰী বিধানসভা সমষ্টিটো কংগ্রেছে এ আই ইউ ডি এফক এৰি দিয়াক কেন্দ্র কৰি আজি প্রতিবাদত উত্তাল হৈ পৰে ধুবুৰীস্থিত ৰাজীৱ ভৱন৷ দলটোৰ শীর্ষ নেতাকে ধৰি কংগ্রেছৰ সমর্থকসকলে ৰাজীৱ ভৱনৰ সন্মুখত বিক্ষোভ প্রদর্শন কৰাৰ লগতে দক্ষিণ শালমাৰাৰ বিধায়ক ৱাজেদ আলীৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি প্রতিবাদ সাব্যস্ত কৰে৷ প্রতিবাদী কার্যসূচীৰ মাজতে একাংশ সমর্থকে কার্যালয়টোৰ চৌহদত থকা দলীয় পতাকা–বেনাৰ আদি ফালি অগ্ণিসংযোগ কৰে৷ ধুবুৰী সমষ্টিটোৰ পৰা কংগ্রেছৰ প্রার্থী প্রক্ষেপ নকৰিলে সমূহীয়াভাৱে পদত্যাগ কৰিব বুলিও হুংকাৰ দিয়ে সমর্থকসকলে৷ ইফালে, দক্ষিণ শালমাৰা আসনখন কংগ্রেছক এৰি দিয়াক লৈ প্রতিবাদ সাব্যস্ত কৰে সমষ্টিটোৰ ইউ ডি এফৰ সমর্থকসকলে৷ এই সমষ্টিটো কংগ্রেছক এৰি দিয়াৰ প্রতিবাদত আজি দক্ষিণ শালমাৰা ইউ ডি এফৰ জিলা কমিটীৰ সকলো বিষয়ববীয়া আৰু কর্মীয়ে সমূহীয়াভাৱে পদত্যাগ কৰিছে বুলিও সংবাদ মাধ্যমক জানিবলৈ দিছে৷ আজি ধুবুৰী শিশু উদ্যানৰ প্রেক্ষাগৃহত এখন বৈঠকৰ অন্তত ইউ ডি এফৰ কর্মীসকলে এই সিদ্ধান্ত গ্রহণ কৰে৷
লক্ষীগঞ্জত টায়াৰ জ্বলাই কংগ্রেছ কর্মীৰ প্রতিবাদ
সমষ্টি এৰি দিয়াক লৈ বিলাসীপাৰাত অব্যাহত আছে তৃণমূল কর্মীৰ প্রতিবাদ৷ বিলাসীপাৰা ৰাজীৱ ভৱনৰ লগতে লক্ষীগঞ্জ ৰাজীৱ ভৱনতো কংগ্রেছৰ ক্ষুব্ধ কর্মীসকলে আজি প্রতিবাদ সাব্যস্ত কৰে৷ একাংশ কংগ্রেছীয়ে ৩১নং ৰাষ্ট্রীয় ঘাইপথত টায়াৰ জ্বলাই প্রতিবাদ সাব্যস্ত কৰে৷ বিলাসীপাৰা সমষ্টিটো এ আই ইউ ডি এফৰ প্রার্থীক এৰি দিয়া হ’ব বুলি ওলোৱা বাতৰিৰ পাছতে কংগ্রেছ কর্মীসকলে প্রতিবাদ আৰম্ভ কৰে৷ আজি সোণামুখীত কংগ্রেছৰ দলীয় পতাকা জ্বলাই কংগ্রেছী নেতাসকলে ৱাজেদ আলী চৌধুৰী মুর্দাবাদ, বদৰুদ্দিন আজমল মুর্দাবাদ শ্লোগানেৰে সমগ্র অঞ্চলটোৰ আকাশ–বতাহ কঁপাই তোলে৷ লক্ষীগঞ্জত শ শ কংগ্রেছ কর্মীয়ে ৰাজীৱ ভৱন লণ্ডভণ্ড কৰি প্রতিবাদ সাব্যস্ত কৰে৷
এ আই ইউ ডি এফশূন্য হ’ল মৰিগাঁও জিলা
মৰিগাঁও জিলাৰ লাহৰীঘাট বিধানসভা সমষ্টিটো কংগ্রেছক এৰি দিয়াৰ প্রতিবাদত আজি জিলা সমিতিৰ লগতে জিলাখনৰ তিনিওটা সমষ্টিৰ কর্মকর্তাসকলে সমূহীয়াভাৱে দলত্যাগ কৰে৷ ইয়াৰ লগে লগে ইউ ডি এফশূন্য হৈ পৰিল মৰিগাঁও জিলা৷ উল্লেখ্য যে এই সমষ্টিটোত প্রার্থিত্বপ্রত্যাশী আছিল ইউ ডি এফৰ ছিদ্দিক আহমেদ৷ ইতিমধ্যে তেওঁ এই সমষ্টিটোত নির্বাচনী প্রচাৰৰ কাম–কাজো আৰম্ভ কৰিছে৷ আনকি বদৰুদ্দিন আজমলেও তেওঁক প্রার্থিত্ব দিব বুলি নিশ্চয়তা প্রদান কৰিছিল৷ ইয়াৰ পাছতো অৱশেষত এই সমষ্টিটো কংগ্রেছক এৰি দিয়াত জিলাখনৰ দলীয় বিষয়ববীয়া আৰু কার্যকর্তাসকল ক্ষুব্ধ হৈ পৰে৷ আজি লাহৰীঘাটত এখন সংবাদ মেলৰ আয়োজন কৰি জিলা সমিতিৰ সভাপতি ছিদ্দিক আহমেদে কয় যে আজমল আৰু একাংশ কেন্দ্রীয় নেতাই কোটি কোটি টকাৰ বিনিময়ত নজৰুল ইছলামক এই সমষ্টি এৰি দিছে৷ আজমলক প্রতাৰক আখ্যা দি ছিদ্দিকে কয় যে ইয়াৰ আঁৰত এক গভীৰ ষড়যন্ত্র লুকাই আছে৷ আনহাতে, জিলা সমিতিৰ সম্পাদক কল্লোল বৰাই আজমলৰ লগতে কেন্দ্রীয় নেতৃবৃন্দক জিলাখনত প্রৱেশ কৰিব নিদিয়ে বুলি সকীয়াই দিয়ে৷ আজি লাহৰীঘাটত উপস্থিত থকা শ শ দলীয় কর্মীয়ে আজমল মুর্দাবাদ ধ্বনিৰে উত্তাল প্রতিবাদ সাব্যস্ত কৰে৷
নির্বাচনী হিংসাত উত্তপ্ত থাওৰা সমষ্টি, বকতা নেমুগুৰি মণ্ডল কংগ্রেছৰ সম্পাদক অনুপম সন্দিকৈক আক্রমণ
নিয়মীয়া বার্তা, ডিমৌ ঃ নির্বাচনী হিংসাত উত্তপ্ত হৈ পৰিছে ১০৭নং থাওৰা বিধানসভা সমষ্টিৰ প্রাণকেন্দ্র ডিমৌ৷ জানিব পৰা মতে, যোৱানিশা প্রায় ১০ বজাত থাওৰা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্রেছৰ নেমুগুৰি মণ্ডলৰ সম্পাদক অনুপম সন্দিকৈক ২০জনীয়া দুর্বৃত্তৰ দলে আক্রমণ কৰে৷ দুর্বৃত্তৰ আক্রমণত গুৰুতৰভাৱে আঘাতপ্রাপ্ত হয় যুৱ কংগ্রেছী অনুপম সন্দিকৈ৷ ইতিমধ্যে এই ঘটনা সন্দর্ভত ডিমৌ আৰক্ষী থানাত কংগ্রেছ দলৰ তৰফৰ পৰা এখন এজাহাৰ দাখিল কৰিছে৷ যুৱ কংগ্রেছী অনুপম সন্দিকৈয়ে বিজেপিয়ে এই ঘটনা সংঘটিত কৰা বুলি অভিযোগ কৰিছে৷ থাওৰা সমষ্টিৰ ভাৰতীয় জনতা পার্টীৰ বিধায়ক কুশল দুৱৰীৰ গুণ্ডা বাহিনীয়ে আক্রমণ কৰাৰ অভিযোগ তুলিছে কংগ্রেছ কর্মীসকলে৷

You might also like