নিয়মীয়া বাৰ্তা ১৬ মাৰ্চঃ ‘শাসকীয় দল বিজেপিক পৰাভূত কৰিবলৈ ৰাজ্যত কংগ্রেছ আৰু এ আই ইউ ডি এফ দলে মিত্রতা কৰি অসমৰ ৰাজনৈতিক ক্ষেত্রখনত বিষবাষ্প বিয়পাইছে৷ এই দুয়োটা দলৰ অপশাসনৰ পৰা অসমক মুক্ত কৰিব লাগিব৷’ –ৰাজ্যৰ পঞ্চদশ বিধানসভা নির্বাচনৰ ব্যাপক প্রচাৰ অভিযানৰ মাজতে আজি উজনি অসমৰ ঐতিহ্যমণ্ডিত চৰাইদেউ জিলাৰ ১০৫নং মাহমৰা বিধানসভা সমষ্টিত শাসকীয় দলৰ প্রার্থী তথা অসম চৰকাৰৰ ৰাজহ, দুর্যোগ প্রশমন (স্বতন্ত্র) আৰু লোকনির্মাণ (ৰাজ্যিক) মন্ত্রী যোগেন মহনৰ হৈ মাহমৰাত নির্বাচনী প্রচাৰ চলাই এনেদৰে কয় অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ মাহমৰাৰ জজলি পাঁচআলিৰ শ্বহীদ কনকলতা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত বিশাল নির্বাচনী সভাত মুখ্যমন্ত্রীগৰাকীয়ে ইয়াৰ উপৰি কয়– কংগ্রেছ আৰু এ আই ইউ ডি এফ দুয়োটা দল অতিকে বিষাক্ত৷ ১৫ বছৰীয়া কংগ্রেছ চৰকাৰৰ কার্যকালত অসমত ১৫৬খন চেকগেট স্থাপন কৰি চৰকাৰী লুণ্ঠনৰাজ চলাইছিল৷ কিন্তু আমাৰ চৰকাৰ অহাৰ পাছতে সেই সকলো চেকগেট উচ্ছেদ কৰি ৰাজ্যত সুশাসন প্রতিষ্ঠা কৰিবলৈ সক্ষম হৈছেছা৷ আমাৰ চৰকাৰৰ দিনত যিসকলে দুর্নীতিত জডিত হৈ আছিল, সেইসকলক আমি গ্রেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিবলৈ সক্ষম হৈছেছা৷ আমাৰ চৰকাৰৰ দিনত কোনো লোকে উপঢ়ৌকন দি চাকৰি ল’ব পৰা নাই৷ মেধাৰ ভিত্তিত সকলোৱে উপযুক্ত সংস্থাপন পাবলৈ সক্ষম হৈছে৷ তদুপৰি মুখ্যমন্ত্রীগৰাকীয়ে মন্ত্রী তথা প্রার্থী যোগেন মহনক প্রশংসা কৰি কয় যে যোগেন মহনৰ এবছৰীয়া মন্ত্রিত্বৰ কার্যকালত অসমৰ ভূমিহীন লোকক মাটিৰ পট্টা দিবলৈ সক্ষম হৈছে৷ যিটো বিষয় নেকি অসমৰ ৰাজনৈতিক ইতিহাসত সোণোৱালী আখৰেৰে লিপিবদ্ধ হৈ ৰ’ব৷ এইবাৰ মন্ত্রী যোগেন মহনক পূর্বৰ তুলনাত ৫০ হাজাৰ ভোটৰ ব্যৱধানত জয়ী কৰাবলৈ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে সভাত উপস্থিত জনসাধাৰণক আহ্বান জনায়৷
বিধৱা মহিলাৰ ঘৰত মুখ্যমন্ত্রীৰ আহাৰ গ্রহণ
মাহমৰা বিধানসভা সমষ্টিৰ জজলি পাঁচআলিত আজি নির্বাচনী প্রচাৰ চলাবলৈ অহা ৰাজ্যৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে নিজৰ ভাষণ সামৰি এগৰাকী বিধৱা মহিলাৰ ঘৰত আহাৰ গ্রহণ কৰে৷ সভাস্থলীৰ নিচেই কাষতে থকা নুমলী বৰুৱা নামৰ বিধৱা মহিলাগৰাকীৰ ঘৰত মুখ্যমন্ত্রীগৰাকীৰ লগতে মন্ত্রী যোগেন মহন, বিজেপিৰ জ্যেষ্ঠ নেতা অনুপ সিং ৰাজপুৰোহিতকে ধৰি বহুকেইজন দলীয় শীর্ষ নেতাই পীৰাত বহি সুস্বাদু আহাৰ গ্রহণ কৰে৷ উল্লেখ্য যে যোৱা ২০ ফেব্রুৱাৰীত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে মাহমৰাৰ সেই একেখন খেলপথাৰতে প্রাক্নির্বাচনী প্রচাৰ চলাই এগৰাকী দৰিদ্র মহিলাৰ বাসগৃহত পীৰাত বহি আহাৰ গ্রহণ কৰিছিল৷
বিজেপিক শাসনত অধিষ্ঠিত কৰিবলৈ ৰাইজ সাজুঃ নাহৰকটীয়াত সোণোৱাল
বিজেপি চৰকাৰ আহিলেহে ৰাজ্যৰ জনসাধাৰণৰ মান–স্বাভিমান ৰক্ষা পৰিব৷ সেয়ে ৰাইজে নিজা উপলব্ধিৰে পুনৰ বিজেপিক শাসনত অধিষ্ঠিত কৰিবলৈ আগবাঢ়িছে৷ –এই মন্তব্য মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ৷ নাহৰকটীয়াত নির্বাচনী প্রচাৰ চলাবলৈ আহি সংবাদ মাধ্যমৰ সন্মুখত এনেদৰেই মত প্রকাশ কৰে মুখ্যমন্ত্রীগৰাকীয়ে৷ উল্লেখ্যে যে ১২০নং নাহৰকটীয়া সমষ্টিৰ বিজেপি প্রার্থী তৰংগ গগৈৰ হৈ প্রচাৰ চলাবলৈ আহি নাহৰকটীয়াত উপস্থিত হয় মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ লগতে মধ্য প্রদেশৰ মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহান৷ নাহৰকটীয়াৰ নগাঁও ৰাজহুৱা খেলপথাৰত আয়োজিত নির্বাচনী প্রচাৰ সভাখন দিনৰ ১০.৩০ৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল যদিও দুয়োগৰাকী মুখ্যমন্ত্রী সময়ানুসাৰে আহি নোপোৱাত পলমকৈ সভা আৰম্ভ হয়৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে নিজ চৰকাৰৰ প্রশস্তি বন্দনাৰে কয় যে তেওঁৰ চৰকাৰৰ দিনত মন্ত্রী–বিধায়কক ঘোচ দি কাম উলিওৱাৰ ব্যৱস্থাৰ বিলুপ্তি ঘটিছে৷ একেদৰে নিবনুৱা যুৱক–যুৱতীয়েও চাকৰি মেধা আৰু যোগ্যতাৰ বলত পোৱাটো তেওঁৰ চৰকাৰেই নিশ্চিত কৰিলে বুলিও সর্বানন্দ সোণোৱালে দাবী কৰে৷ একেদৰে সভাত অংশগ্রহণ কৰা চাহ জনগোষ্ঠীয় লোকক উদ্দেশ্যি তেওঁৰ চৰকাৰে জনগোষ্ঠীটোৰ কল্যাণার্থে গ্রহণ কৰা পদক্ষেপসমূহৰ কথাও উল্লেখ কৰে৷ সোণোৱালৰ পূর্বে শিৱৰাজ সিং চৌহানেও সোণোৱালৰ কার্যকালত অসম ভাৰতৰ ভিতৰতে এখন উন্নত আৰু শান্তি বিৰাজমান ৰাজ্য হিচাপে পৰিগণিত হৈছে বুলি দাবী কৰি বিজেপিৰ প্রার্থী তৰংগ গগৈক বিপুল ভোটত জয়ী কৰি পঠিয়াবলৈ আহ্বান জনায়৷ তেওঁ বিগত ৫ বছৰত ব্রহ্মপুত্রৰ ওপৰত দলং নির্মাণ, চিকিৎসা মহাবিদ্যালয়, পথ নির্মাণ কৰি সোণোৱাল চৰকাৰে যি অসাধ্য সাধন কৰিলে, তাৰ বাবে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক অভিনন্দন জ্ঞাপন কৰে৷ মধ্যপ্রদেশৰ মুখ্যমন্ত্রীৰ মতে লাচিতৰ দৰে বীৰে অসমৰ পৰা মোগলক খেদিছিল আৰু অসমে কেতিয়াও কাৰো ওচৰত বশ্যতা চিকাৰ কৰা নাছিল৷ সেই অসমকে কংগ্রেছে অনুপ্রৱেশকাৰীৰ চৰণীয়া পথাৰ কৰিলে বুলি বিষোদগাৰ প্রকাশ কৰে৷
টেঙাখাতত মুখ্যমন্ত্রীৰ নির্বাচনী প্রচাৰ সভাঃ কংগ্রেছ চৰকাৰে অসমক ভাল পাবলৈ কোনোদিন নিশিকিলে
কংগ্রেছ চৰকাৰে অসমক ভাল পাবলৈ কোনোদিন নিশিকিলে৷ কংগ্রেছ চৰকাৰৰ দিনত অসমৰ খিলঞ্জীয়া লোকসকল সুৰক্ষিত নাছিল ৷ আমাৰ বিজেপি চৰকাৰৰ দিনত মাটি পট্টা প্রদান কৰি অসমৰ খিলঞ্জীয়া ভূমিহীন ভূমিপুত্রক সম্পূর্ণ সুৰক্ষা প্রদান কৰা হৈছে ৷– ১১৮নং দুলীয়াজান বিধানসভা সমষ্টিৰ বিজেপিৰ টেঙাখাত আৰু দুলীয়াজান ব্লক মণ্ডলৰ উদ্যোগত আজি টেঙাখাতৰ নখঙীয়া খেলপথাৰত অনুষ্ঠিত ভাৰতীয় জনতা পার্টী আৰু অগপৰ মিত্রজোঁটৰ মনোনীত প্রার্থী তেৰছ গোৱালাৰ নির্বাচনী সভাত উপস্থিত থাকি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কংগ্রেছক তীব্র সমালোচনা কৰি এনেদৰে কয়৷ মুখ্যমন্ত্রীগৰাকীয়ে ভাষণ প্রসংগত কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বৰ বিজেপি চৰকাৰখনে অসমৰ সন্ত্রাসবাদী দমন কৰি অসমলৈ শান্তি ঘূৰাই আনিলে ৷ অসমৰ জনতাই এতিয়া শান্তিত বসবাস কৰিছে ৷ এইবাৰো আগন্তুক বিধানসভা নির্বাচনত বিজেপি আৰু অগপৰ মিত্রজোঁটৰ মনোনীত প্রার্থী তেৰছ গোৱালাক ভোট দি জয়যুক্ত কৰিবলৈ টেঙাখাতবাসী ৰাইজক কৰযোৰে আহ্বান জনায় মুখ্যমন্ত্রীগৰাকীয়ে৷
‘কংগ্রেছে ৫৫ বছৰে কৰিব নোৱাৰা কাম আমি পাঁচ বছৰত কৰি দেখুৱালোঁ’
অসমৰ ১২৫নং ডুমডুমা বিধানসভা সমষ্টিক এইবাৰ কংগ্রেছৰ হাতৰ পৰা উদ্ধাৰ কৰিবলৈ আহি কুমচাং চাহ বাগিচাত বিজেপি প্রার্থী ৰূপেশ গোৱালাৰ হৈ নির্বাচনী প্রচাৰি চলালে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ হেলিকপ্ঢাৰেৰে আহি অংশগ্রহণ কৰা এই নির্বাচনী প্রচাৰ সভাত মুখ্যমন্ত্রীজনে কংগ্রেছ দলক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে বিগত ৫৫ বছৰে কংগ্রেছ চৰকাৰে যি কাম কৰিব নোৱাৰিলে, সেই কাম আমি মাত্র পাঁচ বছৰতে কৰি দেখুৱালোঁ৷ কংগ্রেছৰ দিনত দুর্নীতি হৈছিল৷ আমি দুর্নীতিমুক্ত এখন মিত্রজোঁটৰ চৰকাৰ আপোনালোকক দিবলৈ সক্ষম হ’লোঁ৷ কংগ্রেছৰ দিনত যিকোনো আঁচনিৰ ধন তেওঁলোকে আত্মসাৎ কৰিলে৷ অসমৰ ৰাইজক প্রাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰিলে৷ সেয়ে ৰাইজে কংগ্রেছ চৰকাৰৰ শাসন ব্যৱস্থাৰ ওপৰত আস্থা হেৰুৱাইছিল৷ আমি তেনে ক’লা অধ্যায়ৰ পৰা ৰাজ্যখন উদ্ধাৰ কৰিলোঁ৷ আমাৰ শাসনকালত অসমৰ ৩৬খন জিলাত কোনো ধৰণৰ সাম্প্রদায়িক সংঘর্ষ হোৱা নাই, গোষ্ঠীসংঘর্ষ হোৱা নাই৷ সকলোৱে মিলা–প্রীতিৰে বসবাস কৰিছে৷ আমি জনগোষ্ঠীয় লোকসকলৰ মাজত আন্তৰিকতা, ভাতৃত্ববোধ গঢ় দিয়াৰ বাবে কাম কৰিছোঁ৷ অসমৰ চাহ শ্রমিকৰ বাবে পাঁচ বছৰত দুবাৰকৈ মজুৰি বৃদ্ধি কৰিছোঁ৷ আনহাতে, বিজেপি প্রার্থী ৰূপেশ গোৱালাই দাবী কৰি কয় যে ডুমডুমা সমষ্টিটোত কোনো এজনো প্রার্থী তেওঁৰ প্রতিদ্বন্দ্বী হিচাপে সবল নহয়৷
ডিব্রুগড়ত নির্বাচনী প্রচাৰ মুখ্যমন্ত্রী সোণোৱালৰ
ডিব্রুগড়ত প্রশান্ত ফুকনে এইবাৰ নির্বাচনত এক লাখ দহ হাজাৰ ভোটত জয়ী হ’ব আৰু ডিব্রুগড়ৰ ৰাইজে পুনৰ উপহাৰ দিব৷ –মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে আজি ডিব্রুগডৰ এখন নির্বাচনী সভাত এনেদৰে কয়৷ চহৰখনৰ ৰানিংচেদ গেটৰ পূজা ফিল্ডত আজি নিশা আয়োজিত নির্বাচনী সভাত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে স্বৰাজোত্তৰ কালৰে পৰা কংগ্রেছে দেশত শাসন কৰিছে যদিও তেওঁবিলাকৰ কার্যকালৰ সময়ত ৰাইজে পোৱা তিক্ততাপূর্ণ ব্যৱস্থা, জনগণৰ ওপৰত অত্যাচাৰ, উৎপীডন, অন্যায়, অবিচাৰৰ বিষয়ে ৰাইজে বিগত সময়ত সকলো দেখি, অৱশেষত ভাৰতীয় জনতা পার্টীৰ কাষ চাপিল ৰাইজ৷ বিগত ৬টা দশক ধৰি কংগ্রেছে ৰাজত্ব চলালে, কিন্তু ৰাইজৰ অনুভৱ উপলব্ধি কৰিব নোৱাৰিলে৷ আনকি কংগ্রেছে জনগণৰ অনুভূতিসমূহ বুজিবলৈ কোনো প্রচেষ্টাই নচলালে বুলি মুখ্যমন্ত্রী সোণোৱালে ভাষণ প্রসংগত উল্লেখ কৰি পুনৰ কয় যে কংগ্রেছ দলে শাসনৰ সময়ত পাহাৰসম দুনীতি, ভ্রষ্টাচাৰত লিপ্ত হৈছিল৷ সেয়ে এই কংগ্রেছ দল আমাৰ সমাজ জীৱনত অপৰাধী হিচাপে হৈ থকা উচিত৷ সমাজ জীৱনত কংগ্রেছে বহু অত্যাচাৰ কৰিলে৷ সেয়ে এই দলে চৰম শাস্তি পোৱাৰ যোগ্য৷ জাতিৰ শত্রু ৰূপে পৰিচিত বদৰুদ্দিন আজমলৰ স’তে কংগ্রেছৰ মিত্রতাক ধিক্কাৰ দিয়াৰ লগতে এনেবোৰ বিষাক্ত শক্তিক এই নির্বাচনতে ৰাইজক নিঃশেষ কৰিবলৈ অনুৰোধ জনায়৷ এনেবোৰ শক্তিক চিৰদিনৰ বাবে নিঃশেষ কৰি ব্রহ্মপুত্রত উটুৱাই দিবলৈকো ৰাইজক আহ্বান জনায়৷