দলীয় শৃংখলা ভংগঃ এআইইউডিএফৰ পৰা নিলম্বন মতিউৰ–নুৰুলক
নিয়মীয়া বাৰ্তা ১৬ মাৰ্চঃ দলীয় শৃংখলা ভংগৰ অভিযোগত এআইইউডিএফৰ পৰা নিলম্বিত হ’ল দলটোৰ দুই কেন্দ্রীয় নেতা মতিউৰ ৰহমান আৰু নুৰুল আমিন চৌধুৰী৷ উল্লেখ্য যে এইবাৰ বিধানসভা নির্বাচনত এআইইউডিএফে মহাজোঁটক এৰি দিয়া সমষ্টিসমূহৰ ভিতৰত প্রথম পর্যায়ত নির্বাচন অনুষ্ঠিত হ’বলগীয়া নগাঁও জিলাৰ ৰূপহীহাট আৰু বটদ্রৱা সমষ্টি দুটাও আছে৷ কিন্তু দলৰ সিদ্ধান্তক অমান্য কৰি এআইইউডিএফৰ কেন্দ্রীয় কমিটীৰ নেতা নুৰুল আমিন চৌধুৰীয়ে ৰূপহীহাটত আৰু মতিউৰ ৰহমান বটদ্রৱা সমষ্টিত নির্বাচনী যুঁজত অৱতীর্ণ হয়৷ তেওঁলোকে নতুনকৈ এইউডিএফ নামৰ নতুন দল এটা গঠন কৰাৰ লগতে দলীয় প্রতীক হিচাপে চাবি গ্রহণ কৰে৷ তেওঁলোকৰ এই কার্যৰ পিছতেই এআইইউডিএফে আজি দুয়োগৰাকী নেতাক তৎকালীনভাৱে বলৱৎ হোৱাকৈ দলৰ পৰা নিলম্বন কৰে৷ এই সম্পর্কত দলৰ সাধাৰণ সম্পাদক (প্রশাসন) হাফিজ বছিৰ আহমেদে কয় যে দলৰ বিষয়ববীয়া দুগৰাকীৰ দলবিৰোধী কার্যকলাপ আৰু ধ্বংসাত্মক কর্মকাণ্ডই দলৰ সংবিধান উলংঘা কৰিছে৷ সেয়ে তেওঁলোকক দলৰ পৰা নিলম্বন কৰা হৈছে৷