নিয়মীয়া বাৰ্তা ১৪ নৱেম্বৰঃ বিৰোধীৰ ১৫গৰাকীকৈ বিধায়কে বিজেপিত যোগদানৰ বাবে যোগাযোগ অব্যাহত ৰখাৰ সময়তে কংগ্রেছৰ একাংশ বিধায়কে এ আই ইউ ডি এফত যোগদানৰ বাবে যোগাযোগ কৰাৰ খবৰে কংগ্রেছত ধুমুহা সৃষ্টি কৰিছে৷ বিশেষকৈ এটা বিৰোধী দলৰ পৰা আন এটা বিৰোধী দলত কংগ্রেছৰ বিধায়ক যোগদান কৰিবলৈ যোগাযোগ কৰা বিষয়টোক লৈ সাংঘাতিক ধৰণে উদ্বিগ্ণ হৈ পৰিছে কংগ্রেছ দল৷ এইক্ষেত্রত কংগ্রেছৰ ভিতৰৰ পৰা প্রথমেই সন্দেহৰ আৱর্তত সোমাই পৰিছে বাঘবৰ সমষ্টিৰ নিলম্বিত কংগ্রেছ বিধায়ক শ্বেৰমান আলী আহমেদ৷ উল্লেখ্য যে অসম আন্দোলনৰ শ্বহীদক চূড়ান্ত অপমান কৰি সম্প্রতি গুৱাহাটী কেন্দ্রীয় কাৰাগাৰত আবদ্ধ হৈ থকা বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদক অলপতে এ আই ইউ ডি এফৰ চাৰিগৰাকী বিধায়ক ক্রমে হাফিজ বছিৰ আহমেদ কাছিমী, ৰফিকুল ইছলাম, আমিনুল ইছলাম (ধিং) আৰু কৰিমুদ্দিন বৰভূঞাই কাৰাগাৰত গৈ সাক্ষাৎ কৰে৷ সেই সাক্ষাতৰ কেইদিনমান পাছতেই বিধায়ক ৰফিকুল ইছলামে কংগ্রেছৰ বিধায়ক এ আই ইউ ডি এফত যোগদানৰ বাবে যোগাযোগ কৰাৰ কথা উল্লেখ কৰি কংগ্রেছ বিধায়ক থকা সমষ্টিত উপ–নির্বাচন হ’ব বুলি প্রকাশ কৰে৷
সেয়ে স্বাভাৱিকতে বিভিন্নজনৰ সন্দেহৰ আঙুলি নিলম্বিত কংগ্রেছ বিধায়ক শ্বেৰমান আলী আহমেদৰ প্রতি গৈছে৷ এই সন্দর্ভত বিৰোধী দলপতি দেৱব্রত শইকীয়াই আজি সংবাদ মাধ্যমৰ আগত কয়– কংগ্রেছৰ কোনো বিধায়কে এ আই ইউ ডি এফত যোগদান কৰিব বুলি মই নাভাবোঁ৷ মোৰ তেনে বিশ্বাস হোৱা নাই৷ বিগত দিনত এ আই ইউ ডি এফে ৰাইজক দিয়া প্রতিশ্রুতিসমূহ পালনৰ চেষ্টা নকৰিলে৷ আই এম ডি টি আইন প্রত্যাহাৰৰ পাছত জন্ম হোৱা দলটোৱে যিবোৰ প্রতিশ্রুতি দিছিল, কোনো এটা পালন নকৰিলে৷ আনকি এ আই ইউ ডি এফ দল থকাৰ বাবেই বর্তমানৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই যোৱা নির্বাচনত মূল যুঁজখনৰ পৰা নির্বাচনী যুঁজখন সভ্যতাৰ যুঁজলৈ পৰিৱর্তন কৰিব পাৰিলে৷ অথচ ৰাজ্যখনৰ মূল সমস্যা আছিল মূল্যবৃদ্ধিকে ধৰি অর্থনৈতিক সমস্যা, নিবনুৱা সমস্যা আদি৷
বিজেপিয়ে ধর্মৰ ভিত্তিত ৰাজনীতি কৰাৰ যি চেষ্টা চলায়, অসমত এ আই ইউ ডি এফ দল থকাৰ বাবে সেয়া কৰি আছে৷ কংগ্রেছৰ প্রতিগৰাকী বিধায়ক এই বিষয়ক লৈ সচেতন৷ সেয়ে তেওঁ দলটোৰ কোনো বিধায়ক এ আই ইউ ডি এফত যোগদান কৰিব বুলি তেওঁ নাভাবে৷ অৱশ্যে এই প্রসংগতে তেওঁ কাৰো হৈ গেৰাণ্টী নিদিয়ে বুলি উল্লেখ কৰি কয় যে দলৰ নীতি–আদর্শৰ প্রতি আস্থা নথকা ব্যক্তি প্রলোভন, ব্লেকমেইলিঙৰ বলি হ’ব পাৰে৷ কিন্তু যিসকলৰ দলৰ নীতি–আদর্শৰ প্রতি আস্থা আৰু আনুগত্য আছে, তেওঁলোক কোনো প্রলোভন, ব্লেকমেইলিঙৰ বলি নহয়৷ তেওঁ আৰু কয় যে এতিয়ালৈ শ্বেৰমান আলী আহমেদে তেওঁৰ সৈতে এ আই ইউ ডি এফে যোগাযোগ কৰা বুলি বা তেওঁ তেনে সিদ্ধান্ত লোৱা সম্পর্কত কোনো কথা কোৱা নাই৷ মন কৰিবলগীয়া এয়ে যে পূর্বতে শ্বেৰমান আলী আহমেদ এ আই ইউ ডি এফ দলৰে বিধায়ক আছিল৷ সেই সূত্রে কংগ্রেছৰ বিভিন্ন মহলৰ সন্দেহ এতিয়া শ্বেৰমান আলী আহমেদৰ প্রতিয়ে গৈছে৷