নিয়মীয়া বাৰ্তা ১৯ ডিচেম্বৰঃ আগন্তুক বিধানসভা নির্বাচনৰ দিন চমু চাপি অহাৰ সময়তে কংগ্রেছৰ শক্তিশালী নেত্রী তথা গোলাঘাটৰ বিধায়িকা অজন্তা নেওগে বিজেপিত যোগদানৰ সম্ভাৱনা স্পষ্ট হৈ পৰিছে৷ স্বাভাৱিকতে নেত্রীগৰাকীৰ এই তৎপৰতাত জোকাৰণি সৃষ্টি হৈছে দলটোৰ মজিয়াত৷ সমগ্র উজনি অসমৰে এগৰাকী লেখত ল’বলগীয়া কংগ্রেছ নেত্রী নেওগে কালি মুখ্যমন্ত্রীক সাক্ষাৎ কৰাৰ পাছতে সৃষ্টি হৈছে প্রতিক্রিয়া৷ এইক্ষেত্রত বিৰোধী দলপতি দেৱব্রত শইকীয়াই প্রতিক্রিয়া প্রকাশ কৰি কয়– ‘ইয়াৰ পূর্বেও তেওঁ বিজেপিলৈ যাব বুলি সংবাদ মাধ্যমত প্রকাশ পাইছিল৷ শেহতীয়াকৈ তেওঁ মুখ্যমন্ত্রীক সাক্ষাতো কৰিছিল৷ বাইদেৱে কংগ্রেছ দলক অস্বস্তিত পেলাইছে৷ এইক্ষেত্রত তেওঁ নিজৰ স্থিতি স্পষ্ট কৰাটো উচিত৷ কিয়নো অজন্তা নেওগৰ মুখলৈ চায়েই বর্তমানেও গোলাঘাটত কংগ্রেছ কর্মীসকলে দলৰ সাংগঠনিক কাম–কাজ কৰি গৈছে৷’ ইপিনে, কংগ্রেছৰ আন এগৰাকী বিধায়িকা ৰ’জলীনা তির্কীয়েও বিজেপিত যোগদান কৰিব বুলি ওলোৱা খবৰ সত্য নহয় বুলি তেওঁ সদৰী কৰে৷ ইফালে, অজন্তা নেওগৰ বিজেপি গমন সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কর্মীয়ে কয় যে বি টি এ ডিত কংগ্রেছে আজমলৰে মিত্রতা কৰি উচিত শিক্ষা লাভ কৰিছে৷ আগন্তুক সময়ত এনে মিত্রতাৰ পৰা বিৰত থাকিবলৈ দলীয় নেতৃত্বৰ প্রতি আহ্বান জনাই তেওঁ কয়– ‘এনে ধৰণৰ ভুল সিদ্ধান্তৰ বাবে বর্তমান বহু জ্যেষ্ঠ কংগ্রেছ কর্মীয়ে দল ত্যাগ কৰা কথাটো নুই কৰিব নোৱাৰি৷ শীঘ্রে প্রদেশ কংগ্রেছৰ নেতৃত্ব সলনি হ’ব৷ নতুন বছৰৰ প্রথম সপ্তাহতে প্রদেশ কংগ্রেছে এজন নতুন সভাপতি লাভ কৰিব৷ এইক্ষেত্রত নিখিল ভাৰত কংগ্রেছ কমিটীৰ শীর্ষ নেতৃত্বই চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰিছে৷’ উল্লেখ্য যে কার্বি আংলঙৰ দলদলি সংৰক্ষিত বনাঞ্চলত অসমৰ ভূমিত নগাৰ আগ্রাসনৰ বুজ ল’বলৈ উপস্থিত হয় বিৰোধী দলপতি দেৱব্রত শইকীয়া আৰু বিধায়ক ৰূপজ্যোতি কুর্মী৷ অসম–নাগালেণ্ড সীমান্তৰ দলদলিত নগাই অসমৰ ভূমি বেদখল কৰাৰ লগতে গছ–গছনি কাটি তহিলং কৰাৰ খবৰ লাভ কৰাৰ পাছতে উক্ত স্থানত উপস্থিত হয় কংগ্রেছ নেতা দুজন৷ এই ভ্রমণকালত বিৰোধী নেতাদ্বয়ে অভিযোগ কৰে যে ৰাজ্য চৰকাৰ আৰু কার্বি আংলং স্বায়ত্তশাসিত পৰিষদে দলদলি সংৰক্ষিত বনাঞ্চল ধ্বংস কৰি ষ্টেডিয়াম আৰু হাস্পতাল নির্মাণ কৰাৰ পৰিকল্পনা কৰিছে৷ এই সন্দর্ভত শইকীয়াই কয়– ‘ৰাজ্য চৰকাৰ আৰু পৰিষদীয় চৰকাৰখনৰ চকুৰ সন্মুখতে নগাই অসমৰ ভূমিত আগ্রাসন অব্যাহত ৰাখিছে৷ এইক্ষেত্রত শীঘ্রে মুখ্যমন্ত্রীয়ে এক উপযুক্ত ব্যৱস্থা গ্রহণ কৰিব লাগে৷’ ইপিনে গোলাঘাট জিলা কংগ্রেছ কমিটীৰ সভাপতি পদৰ পৰা আজি অজন্তা নেওগক এআইচিচিৰ অনুমোদন ক্রমে অপসাৰণ কৰা হয়৷