নিয়মীয়া বাৰ্তা, ২৯ ডিচেম্বৰঃ অজন্তা নেওগ বিজেপিত যোগদান সন্দৰ্ভত বিধায়ক ৰূপজ্য়োতি কুৰ্মীয়ে কয় যে আমি থাকে বা নাথাকো কংগ্ৰেছ থাকিবই। কংগ্ৰেছ এডাল বিশাল বৰগছ। ইয়াৰ ঠাল-ঠেঙুলি ভাঙিছে কালিলৈ আকৌ পোখা মেলিব। অজন্তা নেওগৰ কৰ্মৰ ফল সময়ে দিব। তেওঁ কি সন্মান পায় নাপায় সেয়া সময়ে উত্তৰ দিব।
মই আজি কংগ্ৰেছত থাকো নাথাকো কংগ্ৰেছ আছে আৰু চলি গৈ থাকিব। ২০২১ত আমাৰ চৰকাৰ আহিব পাৰে বা নাহিব পাৰে, ২০২৬ত আহিব পাৰে চৰকাৰ, তেতিয়া মই মন্ত্ৰী হম, মুখ্যমন্ত্ৰী হম অথবা নহবও পাৰো মৰিও যাব পাৰো বুলি মন্তব্য কৰে কুৰ্মীয়ে।
তেওঁ লগতে কয় যে কোনো কংগ্ৰেছত নাথাকিলেও মই থাকিম। কংগ্ৰেছী হৈয়েই মই মৰিব বিচাৰো।