‘আজিৰ খবৰ’ৰ বর্ষপুর্তিত ১৬ সাংবাদিকসহ ২০ ব্যক্তিক বঁটা প্রদান
সন্মানিত ‘নিয়মীয়া বার্তা’ৰ ৰিপ’টাৰ আব্দুল হালিম
নিয়মীয়া বাৰ্তা ২২ মাৰ্চঃ ডিজিটেল প’র্টেল ‘আজিৰ খবৰ’ৰ দ্বি–বার্ষিক বর্ষপূর্তি উপলক্ষে দেওবাৰে ১৬গৰাকী সাংবাদিকৰ উপৰি অন্যান্য ক্ষেত্রত আন কেইবাগৰাকী ব্যক্তিক বঁটা প্রদান কৰা হয়৷ অনুষ্ঠানত সমাজকর্মী ড০ দিব্যজ্যোতি শইকীয়াক শান্তি যোদ্ধা বঁটা প্রদান কৰাৰ লগতে সাংবাদিক উৎপল বৰা, দিলীপ কুমাৰ শর্মা আৰু উত্তম বৰাক সংবাদ সূর্য বঁটা প্রদান কৰা হয়৷ আনহাতে, দেৱানন্দ মেদ, বসন্ত দাস, দ্বীপেন ভৰালী, ৰণ্টু নেওগ, নিপা কাকতি, প্রণৱ কুমাৰ পাটোৱাৰী, ৰূপক বৈশ্য, ধীৰেন শর্মা, কৰৱী শইকীয়া, চন্দন দাস, অনুপমা ডেকা আৰু আব্দুল হালিমক সংবাদ প্রহৰী বঁটা প্রদান কৰা হয়৷ একেদৰে সমাজসেৱিকা বেণু বৰকাকতিক আদর্শ মহিলা সন্মান আগবঢ়োৱাৰ লগতে ৰীণা বসুমতাৰীক ৰূপসজ্জাকাৰ সন্মান প্রদান কৰা হয়৷
ইপিনে, একেটা অনুষ্ঠানতে বিশিষ্ট চিকিৎসক সন্দীপ তাপৰীয়াক উদ্যোক্তাসকলে অনুপ্রেৰণা বঁটাৰে সন্মনিত কৰে৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি ড০ লক্ষ্মীনন্দন বৰাই বঁটাপ্রাপক সাংবাদিক আৰু অন্যান্যসকলক বঁটা প্রদান কৰে৷ অনুষ্ঠানত সাহিত্যিকগৰাকীয়ে কয় যে এনে ক্ষুদ্র ক্ষুদ্র ডিজিটেল সংবাদ মাধ্যমসমূহে সঠিক বাতৰি পৰিৱেশন কৰি আহিছে৷ তেওঁ এইবুলিও কয় যে কিছু ক্ষেত্রত সংবাদৰ শুদ্ধ শুদ্ধতা জানিব পৰা নাযায়৷ সংবাদ শুদ্ধতাৰে পৰিৱেশন কৰিব লাগে বুলি উল্লেখ কৰে বিশিষ্ট সাহিত্যিকগৰাকীয়ে৷ আনহাতে, মানৱ অধিকাৰ কর্মী ড০ দিব্যজ্যোতি শইকীয়াই ভাষণ প্রসংগত কয় যে ডাঙৰ ডাঙৰ মিডিয়া হাউছতকৈ সৰু সৰু এনে প’র্টেলত প্রকৃত খবৰ পোৱা যায়৷ উল্লেখ্য যে আজিৰ খবৰৰ মুখ্য সম্পাদক চন্দন কলিতা আৰু সম্পাদক হীৰকজ্যোতি শর্মাৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠান বন্তি প্রজ্বলনেৰে আৰম্ভ হয়৷ ইয়াৰ পাছত সাংবাদিক অনুপমা ডেকা আৰু দীপাঞ্জলি ডেকাই সৰস্বতী বন্দনা পৰিৱেশন কৰে৷