বিশেষ বাৰ্তা, ৭ জুলাইঃ ব্ৰিটেইনৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাৰ সৈতে দ্বিপাক্ষিক আলোচনাৰ সময়ত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে খালিস্তান সমৰ্থকৰ বিষয়টো উত্থাপন কৰিছে। ইয়াৰ মাজতে খালিস্তানৰ সমৰ্থকসকলে ভাৰতীয় উচ্চায়ুক্তৰ বিষয়াসকলক কেনেদৰে ভাবুকি দিছে সেই কথাও তেওঁ কয়। এই বিষয়ত তেওঁ ব্ৰিটেইনৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। উল্লেখ্য যে ভাৰত ভ্ৰমণৰত ব্ৰিটেইনৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা টিম বেৰ’। আজি টিম বেৰ’ৱে ভাৰতীয় এন এছ এ অজিত ডোভালক সাক্ষাৎ কৰে। সূত্ৰ অনুসৰি এন এছ এ ডোভালে ব্ৰিটেইনত ভাৰতীয় উচ্চায়ুক্তৰ বিষয়াসকলক ভাবুকি দিয়া উগ্ৰপন্থীৰ উপস্থিতিৰ বিষয়টো উত্থাপন কৰি তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। সন্ত্ৰাসবাদ প্ৰতিহত, সন্ত্ৰাসবাদী বিত্তীয় সাহায্য, উগ্ৰবাদৰ ক্ষেত্ৰতো আলোচনা কৰে দুয়োখন এন এছ এয়ে। ব্ৰিটেইনৰ খালিস্তান সমৰ্থকে ভাৰতৰ বিৰুদ্ধে অবিৰত বিক্ষোভৰ কথা কৈছে। এই লোকসকলৰ হৈ অহা ৮ জুলাইত এক বিক্ষোভৰ আহ্বান জনোৱা হৈছে। ইফালে দুয়োটা এন এছ এৰ মাজত এই গুৰুত্বপূৰ্ণ বৈঠক আয়োজিত হৈছে। কানাডা, আমেৰিকা আৰু ব্ৰিটেইনত যোৱা কেইদিনমানৰ পৰা খালিস্তানৰ সমৰ্থকসকল অতি সক্ৰিয় হৈ পৰিছে। কানাডাত তেওঁলোকৰ নেতা হৰদীপ সিং নিজ্জাৰৰ হত্যাকাণ্ডৰ পিছত তেওঁ ভাৰতৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। তেওঁলোকৰ অভিযোগ যে ভাৰতীয় কূটনীতিবিদৰ নিৰ্দেশত এই হত্যাকাণ্ড সংঘটিত হৈছে। ইফালে ব্ৰিটেইনৰ এন এছ এ টিম বেৰ’ৰ সৈতে ভাৰতীয় এন এছ এ অজিত ডোভালৰ এই বৈঠক অতি গুৰুত্বপূৰ্ণ বুলি কোৱা হৈছে। কিছুদিন পূৰ্বে ব্ৰিটেইনৰ খালিস্তান লিবাৰেশ্যন ফৰ্চৰ মুৰব্বী তথা বিচ্ছিন্নতাবাদী অমৃতপল সিঙৰ হেণ্ডলাৰ অৱতাৰ সিং খাণ্ডাৰ ৰহস্যজনক পৰিস্থিতিত ১৫ জুনত বাৰ্মিংহামৰ এখন চিকিৎসালয়ত মৃত্যু হৈছিল। ইয়াক খালিস্তান আন্দোলনৰ বাবে এক ডাঙৰ আঘাত বুলি গণ্য কৰা হৈছিল যদিও আন একাংশ নেতাৰ বাবে ভাৰতৰ বিৰুদ্ধে অবিৰত বিক্ষোভৰ প্ৰস্তুতি চলোৱা হৈছে।