নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজমলৰ দাবীঃ এশ শতাংশ নিশ্চিত কংগ্রেছ ইউডিএফৰ মিত্রতা

নিয়মীয়া বাৰ্তা ৫ জানুৱাৰীঃ আসন্ন বিধানসভা নির্বাচনত এ আই ইউ ডি এফৰে মিত্রতাৰ প্রসংগক কেন্দ্র কৰি ৰাজ্যৰ কংগ্রেছ দলত ইতিমধ্যে খহনীয়া আৰম্ভ হৈছে৷ দলটোৰ জ্যেষ্ঠ নেত্রী গোলাঘাটৰ বিধায়িকা অজন্তা নেওগ, লক্ষীপুৰৰ বিধায়ক ৰাজদীপ গোৱালাই কংগ্রেছ ত্যাগ কৰি বিজেপিত যোগদান কৰাত কংগ্রেছৰ ভেটিত কঁপনি সৃষ্টি হৈছে৷ একে সময়তে বিধায়ক ৰূপজ্যোতি কুর্মীৰ লগতে নামনি আৰু মধ্য অসমৰ কংগ্রেছৰ সংখ্যালঘু সম্প্রদায়ৰ প্রাক্তন সাংসদ, প্রাক্তন মন্ত্রী, প্রাক্তন বিধায়কৰ নেতৃত্বত গঠিত ছিনিয়ৰ মাইন’ৰিটী কংগ্রেছ লীডার্ছ টীমেও মুকলিভাৱে এ আই ইউ ডি এফৰে মিত্রতাৰ বিৰোধিতা কৰি আহিছে৷ সংখ্যালঘু–সংখ্যাগুৰ্ উভয় শিবিৰৰ পৰা উত্থাপন হোৱা বিৰোধিতাৰ পৰিপ্রেক্ষিততে কংগ্রেছে শেহতীয়াকৈ এ আই ইউ ডি এফৰে মিত্রতাৰ বিষয়টোৰ ক্ষেত্রত সম্পূর্ণ মৌনতা অৱলম্বন কৰিবলৈ বাধ্য হৈছে৷ পিছে ইমানৰ পাছতো মিত্রতাৰ ক্ষেত্রত সম্পূর্ণ আশাবাদী হৈ আছে এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমল৷ আজি গুৱাহাটীত সংবাদ মাধ্যমৰ আগত আজমলে কয় যে কংগ্রেছৰে এ আই ইউ ডি এফৰ মিত্রতা ১০০ শতাংশ নিশ্চিত৷ মিত্রতা হ’বই৷ কংগ্রেছৰ একাংশই মিত্রতাৰ বিৰোধিতা কৰি থকাৰ প্রসংগত আজমলে কয় যে যিসকলে দুই–তিনিটা নির্বাচনত ৩,০০০, ৫,০০০, ৭,০০০ ভোট লাভ কৰি আহিছে, তেওঁলোকেহে বিৰোধিতা কৰি আহিছে৷ কংগ্রেছ নেতৃত্বক সেইসকল লোকক বুজাবলৈ তেওঁ আহ্বান জনায়৷ আনহাতে, বিজেপিৰ ১০০ প্লাছৰ প্রসংগত আজমলে কয় যে মন্ত্রী হিমন্ত বিশ্ব শর্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে এফালে অহা নির্বাচনত তেওঁলোকে ১০০ প্লাছ আসন লাভ কৰিব বুলি কয়, আনফালে ৬৫ঃ৩৫ৰ কথা কয়৷ ৬৫য়ে ৩৫ক শাসন কৰাৰ কথা কৈ তেওঁলোক যে অহা নির্বাচনত জয়ী হ’ব নোৱাৰে তাকেই মানি লৈছে৷

You might also like