নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাৰ ১০০ শতাংশ নিশ্চিতি দিলে আজমলে

নিয়মীয়া বাৰ্তা, ৫ জানুৱাৰীঃ আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতাক লৈ চলা জল্পনা-কল্পনাৰ অন্ত পৰিল। আজি এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলে কংগ্ৰেছৰে মিত্ৰতাৰ ১০০ শতাংশ নিশ্চিতি প্ৰদান কৰে। ৰাজ্যিক কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই এই মিত্ৰতাৰ বাবে হাইকমাণ্ডৰ নিৰ্দেশনাৰ অপেক্ষাত থকাৰ আগেয়ে বদৰুদ্দিন আজমলে আজি সাংবাদিকৰ আগত এই মিত্ৰতা ১০০ শতাংশই নিশ্চিত বুলি সদৰী কৰে।

কিন্তু এই মিত্ৰতাক লৈ উজনিৰ একাংশ কংগ্ৰেছ নেতাই বিৰোধিতা কৰা প্ৰসংগত সোধা প্ৰশ্নৰ উত্তৰত আজমলে কয়- ‘যিসকলে বিৰোধিতা কৰি আছে, যিসকলে যোৱা ২-৩বাৰ নিৰ্বাচন খেলি ৩০০০, ৫০০০, ৬০০০ ভোট পাইছে, সেইসকলক লৈ কংগ্ৰেছে হেৰি কৰিব নেকি, ঠিক আছে দলীয় মানুহ, তেওঁলোকে নিজৰ দলৰ মানুহক কেনেকৈ বুজাব লাগে বুজাব।’

আনহাতে এ আই ইউ ডি এফৰ নেতা আমিনুল ইছলামে নৱগঠিত আঞ্চলিক দলক লৈ কয় যে নৱগঠিত আঞ্চলিক দলৰ নেতৃবৃন্দই যদি অকলে বিজেপিক হৰুৱাম বুলি ভাবিছে, সেয়া তেওঁলোকৰ দিবাস্বপ্ন।

উল্লেখ্য যে কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাৰ কথা আজমলে কিয় ক’লে নাজানো বুলি ক’লে কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই। শইকীয়াই তেওঁ হাতত এই সন্দৰ্ভত কোনো তথ্য নথকাৰ কথা উল্লেখ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে এই বিষয়ে কিবা তথ্য থাকিলে গম পাব বুলি প্ৰকাশ কৰে।

You might also like