নিয়মীয়া বাৰ্তা ১ এপ্ৰিলঃ সর্বানন্দ সোণোৱালৰ চকী শেষ৷ মুখ্যমন্ত্রিত্ব শেষ৷ ইনশাআল্লা এইবাৰ মহাজোঁটবন্ধনৰ চৰকাৰ হ’ব৷ মুখ্যমন্ত্রী আমাৰ হ’ব৷ –হোজাইৰ ডবকাত এই ঘোষণা এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ৷ কালি যমুনামুখ সমষ্টিৰ এ আই ইউ ডি এফৰ প্রার্থী চিৰাজুদ্দিন আজমলৰ এখন নির্বাচনী প্রচাৰ সভাত এই বিস্ফোৰক মন্তব্য কৰি বদৰুদ্দিন আজমলে কয় যে হিমন্ত বিশ্ব শর্মাই এতিয়া সকলোতে বদৰুদ্দিন, বদৰুদ্দিন কৈ থাকে৷ নৰেন্দ্র মোদী, অমিত শ্বাহ, সর্বানন্দ সোণোৱাল সকলোৱে এতিয়া ভাষণত কেৱল বদৰুদ্দিন আজমলৰহে নাম লয়৷ এতিয়া তেওঁলোকে বদৰুদ্দিন আজমলৰ ওচৰত ছাৰেণ্ডাৰ কৰিছে৷
ছাৰেণ্ডাৰ কৰি বিজেপিয়ে কৈছে– ‘আমি চলাব পৰা নাই, তোমাৰ অসম তুমি চম্ভালা বদৰুদ্দিন৷’ ডবকা বাইপাছৰ সমীপত অনুষ্ঠিত এই নির্বাচনী সভাত পৰৱর্তী মুখ্যমন্ত্রী সম্পর্কত এনে বিস্ফোৰক মন্তব্য কৰি আজমলে খেলা হ’ব বুলিও বাৰে বাৰে উল্লেখ কৰে৷
উল্লেখ্য যে উজনি অসমৰ প্রথম পর্যায়ৰ নির্বাচনৰ সময়ত বিজেপিয়ে মহাজোঁটৰ চৰকাৰ হ’লে বদৰুদ্দিন আজমল মুখ্যমন্ত্রী হ’ব বুলি কোৱাৰ সময়ত স্বয়ং আজমলে স্পষ্টীকৰণ দি তেওঁ মুখ্যমন্ত্রী নহয় বুলি ঘোষণা কৰিছিল৷ প্রথম পর্যায়ৰ নির্বাচনৰ অন্তত আজমলে চৰকাৰ গঠনৰ চাবি তেওঁৰ হাতত থাকিব বুলি কোৱাৰ লগতে মন্ত্রী কোন হ’ব সেয়াও তেওঁ নির্ধাৰণ কৰিব বুলি মন্তব্য কৰিছিল৷
ইয়াৰ পাছতেই ডবকাত নিজে মুখ্যমন্ত্রী হ’ব বুলি কৰা মন্তব্যই বিশেষ তাৎপর্য বহন কৰিছে৷ ইতিমধ্যে আজমলৰ এই বক্তব্যই সামাজিক মাধ্যমৰ লগতে বিভিন্ন মহলত ব্যাপক প্রতিক্রিয়া সৃষ্টি কৰিছে৷ দ্বিতীয় আৰু তৃতীয় পর্যায়ৰ নির্বাচনৰ প্রাক্মুহূর্তত বদৰুদ্দিন আজমলৰ এনে মন্তব্যই ভোটৰ ৰাজনীতিত বিশেষ প্রভাৱ পেলাব বুলি অনুমান কৰা হৈছে৷ বিশেষকৈ এনে মন্তব্যৰ জৰিয়তে এ আই ইউ ডি এফে মহাজোঁটৰ পক্ষত ধর্মীয় মেৰুকৰণ কৰাৰ চেষ্টা চলোৱাটো স্পষ্ট হৈ পৰিছে৷