বঙাইগাঁৱত ফণীভূষণ, ছয়গাঁৱত কমলা, সৰুক্ষেত্রীত কল্পনা পাটোৱাৰী
তৃতীয় পর্যায়ৰ নির্বাচনৰ অগপৰ ১৩জনীয়া তালিকা
নিয়মীয়া বাৰ্তা ১৫ মাৰ্চঃ অসম গণ পৰিষদ দলে আজি তৃতীয় পর্যায়ৰ নির্বাচনৰ বাবে প্রার্থী তালিকা ঘোষণা কৰিছে৷ অহা ৬ এপ্রিলত ভোটগ্রহণ হ’বলগীয়া অন্তিম পর্যায়ৰ নির্বাচনত দলটোৱে ১৩টা সমষ্টিত প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ ছয়গাঁৱত ডাঃ কমলাকান্ত কলিতা, বঙাইগাঁৱত ফণীভূষণ চৌধুৰী, পশ্চিম গুৱাহাটীত ৰমেন্দ্র নাৰায়ণ কলিতা, উত্তৰ অভয়াপুৰীত ভূপেন ৰায়, মানকাচৰত জাভেদ ইছলাম, দক্ষিণ অভয়াপুৰীত পূর্ণেন্দু বণিক্য, ভৱানীপুৰত ড০ ৰঞ্জিত ডেকা, বৰপেটাত গুণীন্দ্র নাথ দাস, সৰুক্ষেত্রীত কল্পনা পাটোৱাৰী, চেঙাত ৰবিউল হুছেইন আৰু বকোত জ্যোতিপ্রসাদ দাসক অগপই প্রার্থিত্ব প্রদান কৰিছে৷
উল্লেখ্য যে সমাগত বিধানসভা নির্বাচনত অসম গণ পৰিষদে মুঠ ২৮টা সমষ্টিত প্রতিদ্বন্দ্বিতা আগবঢ়াইছে৷ ইয়াৰে লখিমপুৰ সমষ্টিত অগপ আৰু বিজেপি বন্ধুত্বমূলক প্রতিদ্বন্দ্বিতাত অৱতীর্ণ হৈছে৷ প্রথম আৰু দ্বিতীয় পর্যায়ত নির্বাচনত অগপৰ তিনিগৰাকী বিধায়ক প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্ত, বৃন্দাবন গোস্বামী আৰু সত্যব্রত কলিতা প্রার্থিত্বৰ পৰা বঞ্চিত হোৱাৰ পিছতে দলটোৰ মজিয়াত ক্ষোভৰ উদগীৰণ হৈছিল৷ সেই বিদ্রোহ সময় যোৱাৰ লগে লগে কিছু শাম কাটিছে যদিও ক্ষোভৰ জুইকুৰা এতিয়াও উমি উমি জ্বলি আছে৷ অৱশ্যে আজি ঘোষণা কৰা অগপৰ তৃতীয়খন প্রার্থী তালিকা সম্পূর্ণ প্রত্যাশিত আছিল৷ যাৰ বাবে কোনো এটা সমষ্টিতে বিসম্বাদৰ উকমুকনি পৰিলক্ষিত হোৱা নাই৷ পশ্চিম গুৱাহাটীৰ বর্তমানৰ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাই অহা ১৮ মার্চত মনোনয়ন দাখিল কৰিব৷
ৰাইজৰ দলৰ ৪জনীয়া প্রার্থী তালিকা
নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল ৰাইজৰ দলে তৃতীয় পর্যায়ৰ নির্বাচনৰ বাবে চাৰিটা সমষ্টিত নিজৰ প্রার্থী প্রক্ষেপ কৰিছে৷ ৰাইজৰ দলৰ হৈ পশ্চিম বিলাসীপাৰাত আলী আকবৰ মিঞা, গোলোকগঞ্জত নীলিময় প্রধানী, পলাশবাৰীত অনিল বড়ো আৰু পশ্চিম গুৱাহাটীত ধনঞ্জয় কলিতাই প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ ইফালে, দলগাঁও বিধানসভা সমষ্টিত দলটোৰ প্রার্থী হ’ব আৰব আলী৷ আজি দলটোৰ সাধাৰণ সম্পাদক দিৱস ফুকনে এখন সংবাদ মেলৰ জৰিয়তে প্রার্থীসকলৰ নাম ঘোষণা কৰে৷