নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম জাতীয় পৰিষদে বিজেপিৰ ‘বি টীম’ হিচাপে কাম কৰিছে

নিয়মীয়া বাৰ্তা ১৯ মাৰ্চঃ  অসম জাতীয় পৰিষদে শাসকীয় দল বিজেপিৰ ‘বি’ টীম হিচাপে কাম কৰিছে৷’ –এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে নতুন আঞ্চলিকতাবাদী দলটোৰ পৰা পদত্যাগী কেইবাগৰাকীও বিষয়ববীয়াই৷ অজাপৰ নেতৃত্বৰ বিৰুদ্ধে স্বেচ্ছাৰিতাৰ অভিযোগ উত্থাপন কৰি আজি দলত্যাগ কৰে মহানগৰ সমিতিৰ উপ–সভাপতি কনক তালুকদাৰ, বিকাশ নাৰায়ণ শর্মা, যুটীয়া সম্পাদক অনিল দাস, সবিতা ডেকা মহন্ত, সাংগঠনিক সম্পাদক তৰুণ দত্তই৷ ইয়াৰ পাছত পদত্যাগী নেতৃবৃন্দই এখন সংবাদ মেল সম্বোধন কৰে৷ সংবাদ মেলত কনক তালুকদাৰে কয় যে দলটোত এনে কিছুমান ব্যক্তিৰ প্রৱেশ ঘটিছে, যিসকলৰ বিৰুদ্ধে পূর্বতে ছিণ্ডিকেটৰাজ চলোৱা, দুর্নীতিত লিপ্ত থকা, নাৰী নির্যাতন আদিত জড়িত থকাৰ গুৰুতৰ অভিযোগ আছে৷ এনে লোকসকলক দলত অন্তর্ভুক্ত কৰাই নহয়, বিভিন্ন গুৰুত্বপূর্ণ বিষয়বাব দি অলংকৃতও কৰা হ’ল৷ দলটোক আৰম্ভণিৰে পৰা নেতৃত্ব দি অহাসকল দলৰ ভিতৰতে এলাগী হ’বলৈ ধৰিলে৷

এইসকল ব্যক্তিক সাৰ–পানী যোগাই তোষামোদকাৰীৰ ভূমিকা ল’লে দলৰে এগৰাকী মূধাফুটা ব্যক্তিয়ে৷ তেওঁৰে আশিসধন্য হৈ কালিমা লগা ব্যক্তিসকলেও ধনৰ লেনদেন অথবা আন স্বার্থ সিদ্ধিৰ বাবে গণভিত্তি নথকা ব্যক্তিকো প্রার্থিত্ব দিলে৷ বিভিন্ন সমষ্টিৰ প্রার্থী তালিকালৈ চকু ফুৰালেই এই সন্দেহ যে অমূলক নহয়, সেয়া স্পষ্ট হৈ পৰে৷ ইফালে হাজো সমষ্টিৰ প্রার্থী দুলু আহমেদৰ বিৰুদ্ধে স্পষ্টকৈ ছিণ্ডিকেটৰাজত জড়িত থকাৰ অভিযোগ উত্থাপন কৰি কনক তালুকদাৰে লগতে কয় যে লুৰিণজ্যোতি গগৈয়ে হঠাৎ হেলিকপ্ঢাৰত ঘূৰিবলৈ ক’ৰ পৰা ইমান ধন পালে? নিশ্চয় দলটোৱে কোনোবা ৰাষ্ট্রীয় দলৰ বি টীম হিচাপে কাম কৰিছে৷ হেলিকপ্ঢাৰত ঘূৰিবলৈ ধন পাবলৈ হ’লে নিশ্চয় অজাপই শাসকীয় দল বিজেপিৰ ‘বি’ টীম হ’ব লাগিব৷ ইফালে, অসম জাতীয় পৰিষদৰ নেতৃত্বই সংবাদ মেলত এইদৰেও কয় যে অজাপ আৰু ৰাইজৰ দলৰ মিত্রতা আচলতে ভেঁকো–ভাওনাহে৷ তেওঁলোকে অসমৰ ৰাইজক বিভ্রান্ত কৰি আছে৷

You might also like