নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূমিপট্টা প্রদানেৰে ৰাইজক বিপথে নিব খুজিছে চৰকাৰে

অজাপৰ অভিযোগ

নিয়মীয়া বাৰ্তা ২১ জানুৱাৰীঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ উপস্থিতিত অহা ২৩ জানুৱাৰীত ১ লাখ লোকক ভূমি পট্টা প্রদানৰ বাবে আয়োজন কৰা অনুষ্ঠানৰ জৰিয়তে ৰাজ্যবাসীক বিপথে পৰিচালিত কৰিছে চৰকাৰে৷ –এই গুৰুতৰ অভিযোগ অসম জাতীয় পৰিষদৰ (অজাপ)৷ বুধবাৰে গুৱাহাটীস্থিত অজাপৰ মুখ্য কার্যালয়ত এখন সংবাদ মেল সম্বোধন কৰি সভাপতি লুৰিণজ্যোতি গগৈয়ে কয় যে ভূমিহীনক মাটি আবণ্টন বা বন্দৱস্তি দিয়াটো এটা অতি পুৰণি স্বাভাৱিক প্রক্রিয়া৷ সময়ে সময়ে জিলা উপায়ুক্তৰ কার্যালয়ৰ পৰা ভূমি উপদেষ্টা সমিতিৰ অনুমোদনক্রমে এনে আবণ্টন দি থকা হয়৷ ইয়াক লৈ হৈ–চৈ কৰাৰ কোনো কাৰণ নাই৷ দেশ স্বাধীন হোৱাৰ আগৰে পৰাই এইদৰে ভূমিহীন লোকক ভূমি প্রদান কৰি অহা হৈছে৷ এয়া চৰকাৰৰ কোনো সাফল্যৰ ঢ়োল বজাবলগীয়া কথা নহয় বুলি উল্লেখ কৰি গগৈয়ে কয়– ‘যোৱা পাঁচটা বছৰে এই স্বাভাৱিক প্রক্রিয়া বাধাগ্রস্ত কৰাৰ পাছত আৰু লাইকা দধিয়া, বামুণী গ্রাণ্টৰ ভূমিহীন লোকসকলৰ দুৰৱস্থা দূৰ কৰাত চৰকাৰৰ ব্যর্থতা ঢ়াকিবলৈ এই মাটিৰ পট্টা প্রদানক লৈ অত্যধিক প্রচাৰ চলোৱা হৈছে৷ চৰকাৰে আয়োজন কৰা এই অনুষ্ঠানক লৈ ৰাইজৰ মাজত বিভ্রান্তি সৃষ্টি হৈছে৷ এই মাটিৰ পট্টাসমূহ দখলীভুক্ত হৈ থকাসকলক দিব নে নতুনকৈ ভূমি আবণ্টন দিয়া হ’ব৷ ৰাজ্যত ৪.৭৫ লাখ লোক ভূমিহীন হৈ আছে৷ বান–গৰাখহনীয়াত সর্বস্বান্ত হৈ ভূমিহীন হোৱা লোকসকলক কিমান মাটি আবণ্টন দিছে, সেয়া চৰকাৰে স্পষ্ট কৰক৷ লাইকা দধিয়াবাসীৰ ২১টা বছৰ পাৰ হৈ গ’ল৷ এটুকুৰা ভূমি আবণ্টন বিচাৰি তেওঁলোকে যোৱা ২৩টা দিনে আন্দোলন কৰি আছে৷ মাজুলী, ধেমাজিতো ভূমিহীন লোকৰ একেই আর্তনাদ৷ কিন্তু এই আর্তনাদ শুনিবলৈ সময় নাই চৰকাৰৰ৷ অথচ নিশাটোৰ ভিতৰতে তেওঁলোকে পুঁজিপতি বণিয়াক শ শ বিঘা ভূমি গতাই দিব পাৰে৷’

অজাপৰ চৰকাৰ গঠন হ’লে খিলঞ্জীয়া লোকসকলৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰা কার্যক অগ্রাধিকাৰ দিব বুলি উল্লেখ কৰি তেওঁ এইবুলিও কয়– ‘বিমানবন্দৰ আদানি গ্রুপক চৰকাৰে গতাই দিলে৷ মিকিৰগ্রাণ্টৰ ৩০০ বিঘা ভূমি নিশাৰ ভিতৰতে পতিত ভূমি বুলি চৰকাৰে পুঁজিপতিক গতাই দিলে৷ এই চৰকাৰ অসমৰ খিলঞ্জীয়াবিৰোধী, তেওঁলোক পুঁজিপতিৰহে পৃষ্ঠপোষক৷’ উল্লেখ্য যে আজিৰ সংবাদ মেলতে অজাপে প্রকাশ কৰা অনুসৰি কাইলৈ লাইকা দধিয়াবাসীক ভূমি অধিকাৰ প্রদানৰ দাবীৰে সমগ্র ৰাজ্যজুৰি প্রতিবাদ সাব্যস্ত কৰিব৷ সেইদৰে জাগীৰোড কাগজ কলৰ সন্মুখতো তেওঁলোকে বিক্ষোভ প্রদর্শন কৰিব৷ কাগজ কল পুনৰ উজ্জীৱিত কৰিব বুলি প্রধানমন্ত্রীয়ে দিয়া প্রতিশ্রুতি কেতিয়া পূৰণ কৰিব, সেয়া আগন্তুক ভ্রমণতে স্পষ্ট কৰি দিবলৈও অজাপে দাবী জনায়৷

ইফালে সংবাদ মেলত অজাপৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় যে অসম চৰকাৰে মাটিৰ পট্টা প্রদানক লৈ কেৱল ঢ়াক–ঢ়োলহে বজাইছে৷ মাটিৰ পট্টা প্রদান কৰাটো অতি স্বাভাৱিক এটা প্রক্রিয়া৷ মণ্ডল অথবা ৰাজহ বিভাগৰ কর্মচাৰীয়ে এই কাম কৰিব পাৰে৷ কিন্তু ৰাজ্য চৰকাৰে মণ্ডলৰ কাম প্রধানমন্ত্রীৰ জৰিয়তে কৰোৱাব বিচাৰিছে৷ ইফালে সংবাদ মেলত উপস্থিত থাকি প্রাক্তন প্রশাসনিক বিষয়া চন্দ্রকান্ত দাসে কয় যে প্রধানমন্ত্রীৰ কার্যসূচীত দিবলগীয়া ১ লাখ মাটিৰ পট্টা আবণ্টন পট্টা দিব নে আবণ্টন পট্টা একচনা কৰিব নে একচনা পট্টা ম্যাদী পট্টা কৰিব, সেয়া স্পষ্ট কৰিব লাগে৷ গুৱাহাটীত বলপূর্বকভাৱে মাটি দখলৰ ৭০০ৰো অধিক গোচৰ ৰুজু হৈ আছে৷ কিন্তু এটা গোচৰৰো চার্জশ্বীট দিয়া হোৱা নাই৷ দক্ষ চৰকাৰে এই গোচৰবিলাকৰ কিয় তদন্ত নকৰে৷ তেওঁলোকে কয় যে সমচকুৰে সকলোকে চাই আহিছে৷ তেওঁলোকে চুপাৰি ছিণ্ডিকেট, কয়লাৰ ছিণ্ডিকেট কৰাসকলৰ লগতে ভূ–মাফিয়াকো সমদৃষ্টিৰে চাই আহিছে৷

উল্লেখ্য যে আগন্তুক নির্বাচনৰ প্রতি লক্ষ্য ৰাখি অসম জাতীয় পৰিষদে সাংগঠনিক কাম–কাজ শক্তিশালী কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰিছে৷ সেই অনুসৰি অহা ৩০ জানুৱাৰীত একেলগে ২৩,৩৯২খন বুথ কমিটী গঠন কৰিব অসম জাতীয় পৰিষদে৷ বুথ কমিটীসমূহ গঠনৰ পাছতে পৰিয়াল সমন্বয়কৰ দায়িত্ব অর্পণ কৰিব চৰকাৰে৷ আনহাতে, নতুনকৈ দলত যোগদান কৰা কেইবাগৰাকীও ব্যক্তিক নতুন দায়িত্ব অর্পণ কৰিছে৷ সেই অনুসৰি জ্যেষ্ঠ অধিবক্তা কমলনয়ন চৌধুৰী আৰু ব্যৱসায়ী দুলু আহমেদক উপ–সভাপতিৰ দায়িত্ব দিয়া হৈছে৷ তদুপৰি ৰীণা শইকীয়া, জিয়াবুৰ ৰহমান খান, মৃণালপ্রতিম বৰুৱা আৰু নাজিৰ হুছেইনক কার্যনির্বাহকত অন্তর্ভুক্ত কৰা হৈছে৷ একে সময়তে তেওঁলোকে গঠন কৰিছে নির্বাচন পৰিকল্পনা আৰু পৰিচালনা সমিতি৷ ড০ কৃষ্ণগোপাল ভট্টাচার্য আৰু বসন্ত ডেকাক মুখ্য উপদেষ্টা হিচাপে লৈ গঠন কৰা এই কমিটীখনৰ অধ্যক্ষৰ দায়িত্ব দিয়া হৈছে চন্দ্রকান্ত দাসক৷ আনহাতে, উপাধ্যক্ষ হৈছে চমছেৰ সিং৷ তদুপৰি ধর্মীয় সংখ্যালঘু গোটো গঠন কৰিব অজাপে৷ এই গোটৰ তত্ত্বাৱধায়কৰ দায়িত্ব দিয়া হৈছে চমছেৰ সিঙক৷ উল্লেখ্য যে আগন্তুক নির্বাচন সন্দর্ভত সোধা এক প্রশ্ণৰ উত্তৰত দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কয় যে আগন্তুক নির্বাচনত তিনিকোণীয়া নহয়, দুকোণীয়া প্রতিদ্বন্দ্বিতা হ’ব৷ আঞ্চলিক শক্তি আৰু ৰাষ্ট্রীয় শক্তিৰ মাজত হ’ব নির্বাচনী যুঁজ৷

You might also like