নিয়মীয়া বাৰ্তা ৮ জানুৱাৰীঃ ‘অসম জাতীয় পৰিষদ নেতৃত্বাধীন চৰকাৰ হ’লে গুৰুজনাৰ জন্মস্থানৰ সকলো চৰকাৰী ভূমি বেদখলমুক্ত কৰিম৷’– এই মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ৷ আজি গুৰুজনাৰ জন্মস্থানত উপস্থিত হৈ জাতীয় সাজ পৰিধান কৰি বটদ্রৱা থানত সেৱা গ্রহণ কৰে লুৰিণজ্যোতি গগৈয়ে৷ বটদ্রৱা থানত সেৱা জনাই তেওঁ কয়– জাতীয় সংকট মষিমূৰ কৰিবলৈ হ’লে গুৰুজনাৰ আদর্শক সাৰথি কৰি আগুৱাই যাব লাগিব৷ গুৰুজনাৰ আদর্শত জাতিটোক শক্তিশালীভাৱে আগুৱাই নিয়াৰ পথ আছে৷ স্বাধীনতাৰ পিছত বটদ্রৱা থানৰ প্রতি অসমৰ কোনো এখন চৰকাৰে দায়বদ্ধতা প্রদর্শন কৰা নাই৷ বটদ্রৱা–কাজিৰঙাৰ বেদখল উচ্ছেদ কৰা বুলি চৰকাৰে আগবঢ়োৱা ঘোষণাক কটাক্ষ কৰি তেওঁ কয় যে বটদ্রৱা থানৰ ৯৫৯ বিঘা ভূমি এতিয়াও বেদখলকাৰীৰ কবলত আছে৷ এয়া সংবাদ মাধ্যমত প্রকাশিত তথ্য বুলিও তেওঁ উল্লেখ কৰে৷
অসম জাতীয় পৰিষদৰ চৰকাৰ হ’লে বটদ্রৱাৰ সকলো বেদখলীকৃত ভূমিত উচ্ছেদ চলাব৷ আজিৰ অসমত শ্রীমন্ত শংকৰদেৱক বাবা শংকৰদেৱ বুলি কৈ তাচ্ছিল্য কৰাৰ মানসিকতাও একাংশৰ বৃদ্ধি পাইছে৷ কৃষক নেতা অখিল গগৈৰ জামিন উচ্চ ন্যায়ালয়ে নামঞ্জুৰ কৰা সন্দর্ভত সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰ দিবলৈ গৈ বিজেপি চৰকাৰক তীব্র ভাষাৰে সমালোচনা কৰি তেওঁ কেইবাটাও বিস্ফোৰক মন্তব্য দিয়ে৷ ইয়াৰ পিছতে বটদ্রৱা থান পৰিচালনা সমিতিৰ লগত আলোচনাত মিলিত হয়৷ বটদ্রৱা থান কার্যালয়ত পৰিচালনা সমিতিৰ সভাপতি দেৱানন্দ দেৱ গোস্বামী আৰু সাধাৰণ সম্পাদক ইন্দ্রমোহন বৰুৱাই ধর্মবস্ত্র আৰু গ্রন্থৰে তেওঁক আদৰণি জনায়৷ আনহাতে, থান কার্যালয়ৰ সন্মুখত দলীয় কর্মী–সমর্থকে উষ্ম আদৰণি জনায়৷ লুৰিণজ্যোতিক বটদ্রৱা দর্শন কালত সংগ দিয়ে জাতীয় যুৱ শক্তিৰ আহ্বায়ক ডাঃ লক্ষ্যজ্যোতি বৰা, ডাঃ প্রদীপ কুমাৰ দেৱ মহন্ত, অতুল মহন্ত, আদিত্য বৰা আৰু লক্ষ্যধৰ তালুকদাৰে৷ লুৰিণজ্যোতিৰ বটদ্রৱা ভ্রমণকালতে সমাজকর্মী আদিত্য বৰাৰ বিশেষ তৎপৰতাত আম আদমী পার্টীৰ নগাঁও জিলা সংখ্যালঘু মর্চাৰ সভাপতি ফৰিদোজ জামানে (ৰাজা) অসম জাতীয় পৰিষদত যোগদান কৰে৷