নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম চুক্তি কার্যকৰী কৰা–‘কা’ বাতিলসহ ১৫টা বিষয় সামৰি ল’লে ইস্তাহাৰত

নিয়মীয়া বাৰ্তা ১৯ মাৰ্চঃ  নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল ‘অসম জাতীয় পৰিষদ’–এ আজি মুকলি কৰিলে নির্বাচনী ইস্তাহাৰ৷ একেদিনাই এখন স্বাৱলম্বী, সমৃদ্ধিশালী অসম গঢ়াৰ দীর্ঘম্যাদী পৰিকল্পনা সন্নিৱিষ্ট ‘জাতীয় দৃষ্টিপত্র’খনো ৰাইজৰ বাবে মুকলি কৰা হয়৷ দলটোৰ দুই উপদেষ্টা বসন্ত ডেকা আৰু ড০ কৃষ্ণগোপাল ভট্টাচার্যই এখন সংবাদ মেলত নির্বাচনী ইস্তাহাৰ আৰু জাতীয় দৃষ্টিপত্র উন্মোচন কৰে৷ অসম জাতীয় পৰিষদৰ নির্বাচনী ইস্তাহাৰত সামৰি লোৱা হৈছে ১৫টাকৈ গুৰুত্বপূর্ণ বিষয়৷ অগ্রাধিকাৰ ভিত্তিত ইস্তাহাৰৰ আগকথাত উল্লেখ কৰা হৈছে– ‘অবৈধ প্রব্রজনেৰে অসমৰ জনগাঁথনিৰ পৰিৱর্তন আনিব খোজা সকলো প্রচেষ্টা আমি প্রতিৰোধ কৰিম৷ অসম চুক্তি সময় নির্ধাৰিতভাৱে কার্যকৰী কৰিম৷ নাগৰিকত্ব সংশোধনী আইন–২০১৯ আমি কেতিয়াও মানি নলওঁ আৰু অসমত এই আইন কার্যকৰী কৰিবলৈ কেতিয়াও কোনো পৰিস্থিতিতে নিদিওঁ৷ অসম চুক্তিৰ ৬নং দফাৰ সাংবিধানিক সুৰক্ষা ব্যৱস্থাৰ ওপৰত কেন্দ্রীয় চৰকাৰে গঠন কৰি দিয়া সমিতিৰ প্রতিবেদন সম্পূর্ণৰূপে কার্যকৰী কৰিবই লাগিব৷ অসমৰ বাবে এখন শুদ্ধ নাগৰিকপঞ্জী প্রস্তুত কৰা কামটো শীঘ্রে সম্পূর্ণ কৰিব লাগিব৷’ অসম চুক্তি আৰু সাংবিধানিক সুৰক্ষাৰ প্রসংগত ইস্তাহাৰখনত কোৱা হৈছে যে অসম চুক্তি ৰূপায়ণৰ বাবে বিস্তাৰিত কার্যসূচী প্রস্তুত কৰা হ’ব৷ চুক্তিৰ ৬নং দফা সন্দর্ভত কেন্দ্রীয় চৰকাৰে গঠন কৰি দিয়া উচ্চ ক্ষমতাসম্পন্ন সমিতিৰ প্রতিবেদন সম্পূর্ণ ৰূপায়ণৰ বাবে ব্যৱস্থা গ্রহণ কৰা হ’ব৷ ‘কা’ কোনোপধ্যে অসমত কার্যকৰী কৰিবলৈ দিয়া নহ’ব৷ তদুপৰি অসমৰ ক্ষুদ্র ক্ষুদ্র জনগোষ্ঠীৰ প্রতিনিধিক লৈ উচ্চ সদন গঠন কৰা হ’ব৷

ইয়াৰ লগে লগে বিত্তীয় ব্যৱস্থাৰ আমূল পৰিৱর্তন ঘটাই ঋণৰ ওপৰত নির্ভৰশীলতা কমাই আনি জাতীয় পুঁজি আৰু সম্পদ বৃদ্ধিৰ বাবে ব্যৱস্থা গ্রহণ কৰা হ’ব৷ কৃষি আৰু তাৰ লগত সংশ্লিষ্ট বিষয়সমূহৰ ওপৰত নির্ভৰ কৰিয়েই ৰাজ্যখনৰ অর্থনীতিৰ পুনৰুত্থানৰ ব্যৱস্থা গ্রহণ কৰা হ’ব৷ পুঁজিৰ বহির্গমন কমাই অনা হ’ব৷ কর্মসংস্থাপনৰ বিষয়টোক অধিক গুৰুত্ব দি অসম জাতীয় পৰিষদে ৰাজ্যৰ শিক্ষিত যুৱক–যুৱতীসকলক্ সংস্থাপন আৰু উপার্জনৰ পথ মুকলি কৰাৰ বাবে কার্যকৰী দিশৰ লগতে অন্যান্য প্রশিক্ষণ গ্রহণ কৰাৰ বাবে মাহে ৫ হাজাৰ টকাকৈ আৰু আর্থিকভাৱে অতি দুর্বল নিবনুৱা যুৱক–যুৱতীসকলক্ ১০ হাজাৰ টকাকৈ সংস্থাপন তথা উপার্জনৰ পথ মুকলি নোহোৱা পর্যন্ত বিশেষ প্রশিক্ষণ ভাট্টা আগবঢ়োৱা হ’ব৷ নিয়োগৰ ক্ষেত্রত দুর্নীতি, স্বজন–তোষণ বৃদ্ধিৰ বাবে ‘ৰাজ্যিক নিয়োগ পৰিষদ’ গঠন কৰা হ’ব৷ কেন্দ্রীয়–ৰাজ্য চৰকাৰ, ৰাজহুৱা খণ্ড তথা ব্যক্তিগত খণ্ডৰ প্রতিটো প্রতিষ্ঠানত তৃতীয় আৰু চতুর্থবর্গৰ বাবে এশ শতাংশ আৰু প্রথম–দ্বিতীয় বর্গৰ বাবে ৮০ শতাংশ পদ অসমৰ যুৱক–যুৱতীৰ বাবে সংৰক্ষিত হ’ব৷ তদুপৰি অসমৰ প্রতিজন খিলঞ্জীয়া নাগৰিকক মাটিৰ অধিকাৰ দিবৰ বাবে অগ্রাধিকাৰ ভিত্তিত ভূমি সংস্কাৰৰ ব্যৱস্থা গ্রহণ কৰা হ’ব৷

ভূমি সম্পর্কীয় সকলো ব্যৱস্থা ‘অনলাইন’ পদ্ধতিৰে সৰলীকৃত, সহজলভ্য আৰু দুর্নীতিমুক্ত কৰা হ’ব৷ একে সময়তে সকলো ব্যৱসায়–বাণিজ্য উদ্যোগৰ বাবে ‘এখন দুৱাৰ’ৰ যোগেদি অনুমোদনৰ ব্যৱস্থা কার্যকৰী কৰা হ’ব৷ দর্খাস্তৰ ১৫ দিনৰ ভিতৰত অনুমোদন বাধ্যতামূলক হ’ব৷ আজিৰ ইস্তাহাৰত অসম জাতীয় পৰিষদে চাহ বিশেষজ্ঞ ব’ড গঠন কৰি অসমৰ চাহৰ গুণগত মান, মূল্য, বজাৰ, উৎপাদন, গৱেষণা সকলো দিশতে গুৰুত্ব দিয়াৰ প্রতিশ্রুতি দিছে৷ একে সময়তে কোৱা হৈছে যে অসমৰ চাহ জনগোষ্ঠীৰ জনজাতিকৰণৰ লগতে সাংবিধানিক সুৰক্ষাৰ প্রশ্ণত উত্থাপিত বিষয়সমূহক গুৰুত্ব দিয়া হ’ব৷

ইফালে, প্রতিখন প্রাথমিক বিদ্যালয়ত শ্রেণীয়েপতি একোজন শিক্ষক থকাৰ নিশ্চয়তা প্রদান, ঠিকাভিত্তিক শিক্ষকসকলৰ নিয়মীয়াকৰণ, দশম শ্রেণীলৈকে অসমৰ ভূগোল আৰু বুৰঞ্জীৰ অধ্যয়ন বাধ্যতামূলক কৰা, ছাত্র–ছাত্রীৰ বহির্গমন ৰোধ কৰা আদি অনেক বিষয় শিক্ষা সম্পর্কীয় শিতানত উল্লেখ কৰা হৈছে৷ একেদৰে জনজাতীয় লোকসকলৰ সমস্যা সমাধান, বিদ্যুৎ উৎপাদন আৰু বিতৰণ, গাঁও–নগৰ–চহৰৰ ব্যাপক উন্নয়নৰ প্রসংগয়ো নির্বাচনী ইস্তাহাৰত স্থান পাইছে৷ বান–খহনীয়া সমস্যাৰ পূর্ণ সমাধান, কৃষিখণ্ডৰ পূর্ণ বিকাশ, সকলো শ্রেণীৰ নাগৰিকৰ সম–উন্নয়নৰ সবিশেষ পৰিকল্পনা, প্রতিশ্রুতিৰে প্রকাশ কৰা হৈছে নির্বাচনী ইস্তাহাৰখন৷ আজিৰ দিনটোতে অসম জাতীয় পৰিষদে অসমৰ দীর্ঘম্যাদী উন্নয়নৰ পৰিকল্পনা সন্নিৱিষ্ট ‘জাতীয় দৃষ্টিপত্র’খনো ৰাইজৰ বাবে মুকলি কৰে৷ ‘বহনক্ষম অর্থনীতি আৰু সহনশীল’ প্রকৃতিৰে সমৃদ্ধিশালী অসম গঢ়াৰ বাস্তৱসন্মত কেতবোৰ পৰিকল্পনা দৃষ্টিপত্রত উল্লেখ কৰা হৈছে৷ য’ত আছে অসম চুক্তিৰ ৰূপায়ণ, পথাৰলৈ পানী যোগান, পর্যাপ্ত বজাৰ স্থাপন, প্রতিটো পৰিয়ালক স্বাৱলম্বী কৰি তোলা, স্বাস্থ্য ব্যৱস্থা সুনিশ্চিত কৰা, মানৱ সম্পদ গঢ়ি তোলা, ব্রহ্মপুত্রৰ অধ্যয়ন আৰু সুব্যৱহাৰ, অসমৰ জলবায়ু সংৰক্ষণ, ক্ষুদ্র আৰু মজলীয়া উদ্যোগৰ জৰিয়তে ঘৰে ঘৰে উপার্জনকাৰী সৃষ্টি, প্রতিখন গাঁৱক জাতীয় গাঁও হিচাপে গঢ়ি তোলা, অসমক চিৰদিনৰ বাবে সমন্বয়ৰ ঠাই হিচাপে গঢ়াৰ দৰে মুঠ ১৭টা পৰিকল্পনা৷
অজাপৰ ১৭জনীয়া চূড়ান্ত প্রার্থী তালিকা ঘোষণা
অসম জাতীয় পৰিষদে আজি ১৭জনীয়া অন্তিমখন প্রার্থী তালিকা ঘোষণা কৰিছে৷ দলটোৰ প্রার্থীসকল হৈছে– বৰখলাত মেহবুব ৰহমান বৰভূঞা, গোলোকগঞ্জত আতিকুৰ ৰহমান, পশ্চিম বিলাসীপাৰাত ডাঃ আনিচ আহমেদ, উত্তৰ অভয়াপুৰীত অজন্তা বৰুৱা, জলেশ্বৰত ৰছিদুল হক, জনিয়াত শুকুৰ আলী, সৰুক্ষেত্রীত মাণিক চন্দ্র বড়ো, চেঙাত গিয়াচুদ্দিন আহমেদ, বকোত দীপজ্যোতি দাস, দিছপুৰত প্রিন্স ফাইজুল হক, পশ্চিম গুৱাহাটীত ৰুণা লাইলা, তামুলপুৰত এম প্রসাদ আচার্য, কলাইগাঁৱত যাদৱ শইকীয়া, ছিপাঝাৰত গীতিকা কাকতি, মঙলদৈত গকুল বৰুৱা, নগাঁৱত অনুপ লস্কৰ আৰু বঢ়মপুৰত দীপিকা শইকীয়া কেওট৷

You might also like