আমবাৰীত অনুপস্থিত প্রফুল্ল মহন্ত পবিন্দ্র ডেকা–বৃন্দাবন গোস্বামী–উৎপল দত্ত
অগপৰ জিলা সমিতিৰ বিষয়ববীয়াৰ বৈঠকত স্পষ্ট নেতৃত্বৰ সংঘাত
নিয়মীয়া বাৰ্তা ১৮ আগষ্টঃ দলীয় কর্মী আৰু কেইবাজনো বিধায়কৰ অসন্তুষ্টি–ক্ষোভৰ মাজতে বিধানসভা নির্বাচনক লৈ হঠাৎ তৎপৰ হৈ পৰিছে আঞ্চলিক দল অগপ৷ একাংশ বিধায়কৰ বিসম্বাদে দলৰ ভিতৰচ’ৰা উত্তপ্ত কৰি ৰখাৰ পাছতো আঞ্চলিক দলটোৱে আৰম্ভ কৰিছে নির্বাচনী কুচকাৱাজ৷ এই লক্ষ্যৰে আজি আমবাৰীস্থিত দলীয় কার্যালয়ত অনুষ্ঠিত হয় এক গুৰুত্বপূর্ণ বৈঠক৷ নির্বাচনক লৈ ৰণনীতি প্রস্তুত কৰাৰ লক্ষ্যৰে দলীয় কার্যকর্তাসকলক একত্রিত কৰি এই বৈঠক আয়োজন কৰা হ’ল যদিও সংঘাতৰ ধাৰা অব্যাহত ৰাখি দলীয় বৈঠকত উপস্থিত নাথাকিল বিসম্বাদী শিবিৰৰ নেতা তথা প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তপন্থী বিধায়কসকল৷ উল্লেখ্য যে অহা ২৭ আগষ্টত অগপৰ সাধাৰণ পৰিষদৰ বৈঠকৰ আহ্বান জনোৱা হৈছে৷ এই বৈঠকৰ প্রস্তুতিৰ বাবে সোমবাৰে জিলা সমিতিৰ সভাপতি–সম্পাদক লৈ অগপ নেতৃত্বই এক আলোচনাত মিলিত হয়৷ মুখ্যতঃ সাধাৰণ পৰিষদৰ বৈঠকত কোনবোৰ বিষয় আলোচনা কৰা হ’ব তথা বিজেপিৰ সৈতে মিত্রতা কিধৰণে আগবাঢ়িব, সমষ্টি ভাগ–বাটোৱাৰাক লৈ কেনেকৈ আগবাঢ়িব, এই সম্পর্কে আজিৰ বৈঠকত এক দীঘলীয়া আলোচনা অনুষ্ঠিত হয়৷ কিন্তু দলৰ এই গুৰুত্বপূর্ণ বৈঠকত উপস্থিত নাথাকিল প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তৰ লগতে আন বিদ্রোহী বিধায়ক পবিন্দ্র ডেকা, উৎপল দত্ত আৰু বৃন্দাবন গোস্বামী৷ অগপৰ প্রতিষ্ঠাৰ দিনাৰে পৰা দলক নেতৃত্ব প্রদান কৰি অহা এই জ্যেষ্ঠ বিধায়কসকলৰ অনুপস্থিতিয়ে কার্যতঃ স্পষ্ট কৰি দিলে আঞ্চলিক দলটোৰ ভিতৰচ’ৰাত চলি থকা তীব্র সংঘাতক৷ ইফালে আজিৰ বৈঠকত আগন্তুক নির্বাচনত দলে নিজৰ দখলত থকা সমষ্টি বিজেপিক এৰি দিয়াৰ প্রসংগক লৈ যথেষ্ট উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়৷ বিশেষকৈ অগপৰ দখলত থকা ৭টা সমষ্টি বিজেপিক এৰি দিব বুলি শেহতীয়াকৈ চলা চর্চাক লৈ সোমবাৰে কেইবাখনো জিলা সমিতিয়ে নেতৃত্বক প্রশ্ন কৰাই নহয়, এইক্ষেত্রত স্থিতি স্পষ্ট কৰাৰ বাবেও আহ্বান জনায়৷ সমান্তৰালভাৱে দলে নির্বাচনত এইবাৰ কিমানটা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিব অথবা বিজেপিৰ সৈতে কি পর্যায়ত মিত্রতা হ’ব, এই বিষয়ক লৈও জিলা সমিতিসমূহে সভাপতি অতুল বৰা আৰু কার্যকৰী সভাপতি কেশৱ মহন্তক প্রশ্ণ কৰে৷ জিলা সমিতিৰ বিষয়ববীয়াৰ এনে প্রশ্ন তথা কঠোৰ মনোভাবৰ পাছতেই অগপ নেতৃত্বই স্থিতি স্পষ্ট কৰিবলৈ বাধ্য হয়৷ আনকি বৈঠক সম্পন্ন হোৱাৰ পূর্বেই দলৰ সাধাৰণ সম্পাদক ডাঃ কমলাকান্ত কলিতাই সংবাদ মাধ্যমক স্পষ্ট কৰি দিয়ে যে অগপৰ দখলত থকা ১৪টা সমষ্টিৰ এটাও বিজেপিক এৰি দিয়া নহয়৷ মন কৰিবলগীয়া যে অহা নির্বাচনত অগপৰ নেতৃত্বই দখলত থকা বঢ়মপুৰ, পাটাছাৰকুছি, লখিমপুৰ, কমলপুৰ, নাহৰকটীয়া, তেজপুৰ, পশ্চিম গুৱাহাটী সমষ্টি বিজেপিক এৰি দিয়াৰ বাবে আলোচনা আৰম্ভ চলাইছে বুলি বিভিন্ন মাধ্যমত চর্চা হৈছে৷ ইয়াৰ পৰিপ্রেক্ষিততে পাটাছাৰকুছি সমষ্টিৰ বিধায়ক পবিন্দ্র ডেকাই দলীয় নেতৃত্বৰ এনে সিদ্ধান্তক মুকলিকৈ বিৰোধিতা কৰাই নহয়, সভাপতি অতুল বৰা, কার্যকৰী সভাপতি কেশৱ মহন্ত আৰু জ্যেষ্ঠ নেতা তথা মন্ত্রী ফণীভূষণ চৌধুৰীৰ বিৰুদ্ধে মুকলি সমালোচনাত সৰৱ হৈ পৰিছিল৷ আনহাতে, প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তই অগপৰ নেতৃত্বৰ সিদ্ধান্তৰ বিপৰীতে নিজাববীয়াকৈ স্থিতি স্পষ্ট কৰাৰ লগতে কেইবাটাও সমষ্টিত অগপবিৰোধী নেতাক সাক্ষাৎ কৰি দলীয় সংঘাত তীব্রতৰ কৰি তুলিছে৷ এনে অৱস্থাৰ মাজতে আজি অনুষ্ঠিত জিলা সমিতিৰ বিষয়ববীয়াৰ বৈঠকত এই দিশসমূহ আলোচনা হোৱাৰ লগতে নেতৃত্বকো এনে ধৰণৰ সংঘাত উপশমৰ বাবে কিয় ব্যৱস্থা গ্রহণ কৰা হোৱা নাই, তাক লৈ প্রশ্ন তোলে৷ সবাতোকৈ উল্লেখনীয় দিশ হ’ল যে দলৰ ভিতৰচ’ৰাত একাংশই নেতৃত্ব সলনিৰ বাবে তুলি অহা দাবীক সাধাৰণ পৰিষদৰ বৈঠকত আলোচনা কৰাৰ বাবে আজি একাংশ জিলা পর্যায়ৰ নেতাই বিষয়টো উত্থাপন কৰিছিল যদিও ইয়াক আৰম্ভণিতে নস্যাৎ কৰিলে অতুল বৰাৰ সমর্থনত থকা কেইবাজনো বিধায়ক তথা জিলা সমিতিৰ সভাপতিয়ে৷ ইফালে বৈঠকৰ অন্তত দলৰ নেতা ডাঃ কমলা কলিতাই জানিবলৈ দিয়ে যে ২৭ আগষ্টৰ সাধাৰণ অধিৱেশনত কোনবোৰ বিষয় আলোচনা কৰা হ’ব, তাৰ ওপৰতহে আজি বৈঠক অনুষ্ঠিত হয়৷ আনহাতে, শেহতীয়াকৈ কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতাই অগপক ক্ষতি কৰিব বুলি যি চর্চা চলিছে, তাক নস্যাৎ কৰি আঞ্চলিক দলটোৰ কোনো ক্ষতি নহয় বুলি স্পষ্ট কৰে অগপৰ সাধাৰণ সম্পাদকজনে৷ তেওঁ ইয়াকো উল্লেখ কৰে যে আগন্তুক নির্বাচনত দলক শক্তিশালী ৰূপত অৱতীর্ণ কৰাৰ বাবে সাধাৰণ পৰিষদৰ বৈঠকত কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হ’ব৷ ইফালে অচিৰেই অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি পৰমানন্দ ৰাজবংশী অগপত যোগদান কৰাৰ কথা আজি জানিবলৈ দিয়ে কমলা কলিতাই৷ পৰমানন্দ ৰাজবংশীৰ লগতে আন কেইবাজনো যুৱ নেতাই অগপত যোগ দিব বুলিও তেওঁ উল্লেখ কৰে৷