অজাপৰ সভাপতি লুৰিণৰ অভিযোগঃ সাম্প্রদায়িক শক্তিৰে হাত মিলাই কংগ্রেছে বিজেপিক শাসনলৈ আনিলে
নিয়মীয়া বাৰ্তা ৭ মেঃ ‘এটা সাম্প্রদায়িক শক্তিক আন এটা সাম্প্রদায়িক শক্তিয়ে কেতিয়াও বাধা দিব নোৱাৰে৷ বিজেপিক প্রতিহত কৰিবৰ বাবে এটা সাম্প্রদায়িক শক্তিৰ বোকোচাত উঠি কংগ্রেছে যি ৰাজনীতি কৰিলে, সিয়ে বিজেপিক জয়ৰ বাট মোকলাই দিলে৷ বিজেপি শাসনলৈ অহাত কংগ্রেছেই সহায় কৰিলে৷’ –এই মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ৷ নতুন আঞ্চলিক দলটোৰ নির্বাচনী বিপর্যয়ৰ পিছত আজি এখন সংবাদ মেল সম্বোধন কৰি অজাপৰ সভাপতিগৰাকীয়ে কয় যে অসম জাতীয় পৰিষদক জন্মলগ্ণৰে পৰা বিজেপি–কংগ্রেছৰ ‘বি টীম’ সজাবলৈ বহুতে বহুত ষড়যন্ত্র কৰিলে, এই ষড়যন্ত্র এতিয়াও চলি আছে৷ কিন্তু আৰম্ভণিৰে পৰা অসম জাতীয় পৰিষদে ৰাষ্ট্রীয় আৰু সাম্প্রদায়িক দলৰ পৰা সম–দূৰত্ব বজাই ৰাখিছে আৰু আগন্তুক দিনতো সেই নীতিৰে আগবাঢ়ি যাব৷
এখন ভাল সমাজ, সুস্থ গণতন্ত্র প্রতিষ্ঠা কৰিবৰ বাবে সাম্প্রদায়িকতাৰ ঊর্ধ্বলৈ গৈ শক্তিশালী, স্বাভিমানী জাতীয়তাবাদ প্রতিষ্ঠা কৰিব লাগিব৷ সকলো ভাষা–ভাষী–ধর্মাৱলম্ লোকক একত্রিত কৰি এখন সমন্বয়ৰ সমাজ গঢ়িবলৈ জাতীয় পৰিষদ বদ্ধপৰিকৰ৷ হিন্দু সাম্প্রদায়িকতাবাদ আৰু মুছলমান সাম্প্রদায়িকতাবাদৰ সমানে বিৰোধিতা কৰিব জাতীয় পৰিষদে৷ অহা সময়ছোৱাত সাংগঠনিক পৰিকাঠামো গঢ়ি তোলাই মূল লক্ষ্য বুলি উল্লেখ কৰি লুৰিণজ্যোতি গগৈয়ে লগতে কয় যে অহা ৫ বছৰত অসমৰ গাঁৱে–ভূঞে দলৰ সংগঠন গঢ়ি তোলাৰ লগতে জাতীয়তাবাদী ৰাজনৈতিক দর্শনক তৃণমূল পর্যায়লৈ লৈ যাব৷ যাৰ প্রতিফলন আগন্তুক প্রতিটো নির্বাচনতে দেখা যাব৷
ইফালে, জাতীয়তাবাদৰ ওপৰত আস্থা প্রকাশ কৰা প্রতিগৰাকী নাগৰিকক কৃতজ্ঞতা জ্ঞাপন কৰি লুৰিণজ্যোতি গগৈয়ে কয়– ‘অসম প্রথম, সদায় আৰু চিৰদিন– এই মহামন্ত্রৰে গঢ়া অসম জাতীয় পৰিষদ দলে জন্মৰ মাত্র এশ দিনৰ ভিতৰতে সদ্যসমাপ্ত বিধানসভা নির্বাচনত অৱতীর্ণ হৈছিল৷ ই আছিল এক অতি কঠিন আৰু বৃহৎ প্রত্যাহ্বান৷ তথাপি অসমৰ ৰাইজৰ অশেষ প্রেৰণা, মৰম–আদৰ আৰু যত্নত এই অসাধ্য সাধন সম্ভৱ হৈছিল৷ এক অতি জটিল সন্ধিক্ষণত অসম আৰু অসমীয়াৰ অস্তিত্ব যেতিয়া বিপদাপন্ন, জাতীয় জীৱনৰ বহুবোৰ প্রশ্ন হৈ আছে অমীমাংসিত৷ তেতিয়া গণতান্ত্রিক বিধি–ব্যৱস্থাৰ মাজেৰে এক স্বাভিমানী আপোচহীন অসমৰ জাতীয় ৰাজনৈতিক সংগ্রামৰ জন্ম আছিল সময়ৰ আহ্বান৷
এই আহ্বান সাৰোগত কৰি সাম্প্রদায়িক আৰু সর্বভাৰতীয় দলৰ পৰা সম–দূৰত্বত থকাৰ ঘোষিত নীতিৰে অজাপই নির্বাচনী যুঁজত নামিছিল৷ দলে এই কথা ভালকৈয়ে জানিছিল এনে আপোচহীন আঞ্চলিক ৰাজনৈতিক শক্তিৰ উত্থান কোনো সর্বভাৰতীয় আৰু সাম্প্রদায়িক শক্তিয়ে কেতিয়াও নিবিচাৰে৷ সেয়ে আমাৰ দল গঠন হোৱাৰে পৰা আমি সকলোৰে লক্ষ্য হৈ পৰাটো স্বাভাৱিক৷ তুচ্ছ–তাচ্ছিল্যৰ পৰা অপপ্রচাৰ, প্রলোভন অজাপৰ বিৰুদ্ধে সকলোখিনিয়ে চলিল৷ ৰাইজৰ আশীর্বাদত এই সকলো হেলাৰঙে ওফৰাই দলে এই নির্বাচনত এক সবল খোজ দিবলৈ সক্ষম হ’ল৷ সাত লাখতকৈও অধিক লোকে আমাক ভোট দিলে৷
ইমান লাখ ভোট লাভ কৰাৰ পিছতো আমাক কাৰোবাৰ এজেণ্ট কৰাৰ কৌশল কিন্তু বন্ধ নহ’ল৷ বৰং বৃদ্ধি হ’ল৷ এটা সাম্প্রদায়িক শক্তিক হৰুৱাবলৈ আন এটা মৌলবাদী শক্তিক থিয় কৰোৱাৰ ফল আজি সকলোৰে সন্মুখত৷ এই নির্মম বাস্তৱটো স্বীকাৰ নকৰি আনৰ ওপৰত দোষ জাপি দি নিজৰ অসমর্থতা ঢ়াকিব খোজাটো কিমান গ্রহণযোগ্য সময়ে নিশ্চয় প্রমাণ কৰিব৷ আমাৰ স্থিতি স্পষ্ট৷ আমি হিন্দু, মুছলমান উভয় সাম্প্রদায়িকতাৰ বিৰোধী৷ এটা সাম্প্রদায়িকতা শেষ হ’ব লাগিলে আনটোও শেষ হ’ব লাগিব৷ কাৰণ এটা আনটোৰ পৰিপূৰক৷ সেই কাৰণে এই দুয়োটাই দুয়োটা জীয়াই থকাটো বিচাৰে৷’ শিৱসাগৰ সমষ্টিৰ পৰা নির্বাচনত জয়লাভ কৰা ৰাইজৰ দলৰ সভাপতি অখিল গগৈক অভিনন্দন জ্ঞাপন কৰি তেওঁ পুনৰ কয় যে অখিল গগৈয়ে অসমৰ ৰাইজৰ আশা–আকাংক্ষা আৰু সমস্যাসমূহক শক্তিশালী ৰূপত প্রতিনিধিত্ব কৰিব বুলি অসম জাতীয় পৰিষদ আশাবাদী৷