নিয়মীয়া বাৰ্তা ১ ফ্ৰেব্ৰুৱাৰীঃ বিজেপি নেতৃত্বাধীন মিত্রজোঁট আৰু কংগ্রেছ নেতৃত্বাধীন মহাজোঁটৰ সমান্তৰালভাৱে তিনি আঞ্চলিক দল অসম জাতীয় পৰিষদ, ৰাইজৰ দল, বি পি এফৰ নেতৃত্বত ৰাজ্যত আৰম্ভ হৈছে নতুন ৰাজনৈতিক সমীকৰণ৷ বিজেপি নেতৃত্বাধীন মিত্রজোঁটে ১০০+ৰে ৰাজ্যত পুনৰ চৰকাৰ গঠনৰ লক্ষ্য আগত ৰাখি ইতিমধ্যে ৰণডংকা বজাইছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ শেহতীয়া অসম ভ্রমণৰ পাছৰে পৰাই বিজেপিয়ে নতুন উদ্যমেৰে কর্মক্ষেত্রত নামি পৰিছে৷ মিত্রদল অগপয়ো সমষ্টিয়ে সমষ্টিয়ে জাতীয় ঐক্য সমাৰোহ অনুষ্ঠিত কৰি ইতিমধ্যে নির্বাচনী ৰণশিঙা বজাইছে৷ ইয়াৰ বিপৰীতে কংগ্রেছ, এ আই ইউ ডি এফ, চি পি আই, চি পি আই (এম), চি পি আই (এম এল) আৰু আঞ্চলিক গণ মর্চাই মহাজোঁট গঠন কৰি আসন্ন বিধানসভা নির্বাচনৰ জৰিয়তে বিজেপিক উৎখাতৰ লক্ষ্য স্থিৰ কৰিছে৷ মহাজোঁটৰ অংশীদাৰ দলসমূহেও সমষ্টিয়ে সমষ্টিয়ে নির্বাচনী কুচকাৱাজ চলাই আছে৷ একে সময়তে মহাজোঁটৰ তৰফৰ পৰা অসম জাতীয় পৰিষদ, ৰাইজৰ দল আৰু বি পি এফক তেওঁলোকৰ অংশীদাৰ হ’বলৈ আহ্বান জনাই আহিছে৷ মূলতঃ তিনিওটা আঞ্চলিক দলৰ লক্ষ্য যিহেতু আসন্ন বিধানসভা নির্বাচনত বিজেপিক পৰাভূত কৰা, সেয়ে তেওঁলোককো মহাজোঁটৰ অংশীদাৰ হ’বলৈ আহ্বান জনাইছে৷ কিন্তু তিনিওটা আঞ্চলিক দলে এতিয়ালৈ মহাজোঁটৰ আহ্বানৰ প্রতি সঁহাৰি দিয়া নাই৷
ইয়াৰ বিপৰীতে বিজেপি নেতৃত্বাধীন মিত্রজোঁট আৰু কংগ্রেছ নেতৃত্বাধীন মহাজোঁটৰ সমান্তৰালভাৱে আসন্ন বিধানসভা নির্বাচনত অসম আৰু অসমীয়াৰ স্বার্থত তিনিওটা আঞ্চলিক দলে ঐক্যবদ্ধভাৱে অৱতীর্ণ হৈ এখন আঞ্চলিক দলৰ চৰকাৰ গঠনৰহে সমীকৰণ আৰম্ভ কৰিছে৷ বি পি এফৰ সৈতে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ ইতিমধ্যে প্রাৰম্ভিক আলোচনাও অনুষ্ঠিত হৈছে আৰু হাগ্রামা মহিলাৰী নেতৃত্বাধীন দলটোৱে আঞ্চলিক শক্তিৰ সৈতে মিত্রতাপাশত আবদ্ধ হোৱাৰ সেউজ সংকেত দিছে৷ জাতীয় পৰিষদৰ কার্যকৰী সভাপতি পবিন্দ্র ডেকা, ৰাইজৰ দলৰ সাধাৰণ সম্পাদক কমল কুমাৰ মেধি আৰু বি পি এফৰ সাধাৰণ সম্পাদক প্রবীণ বড়োৰ ভাষ্যতেই তিনিওটা আঞ্চলিক দল ঐক্যবদ্ধ হৈ এইবাৰৰ বিধানসভা নির্বাচনৰ ৰণ জিকাৰ বাবে গ্রহণ কৰা পৰিকল্পনাৰ কথা প্রকাশ পাইছে৷
ইপিনে এ আই ইউ ডি এফৰে মিত্রতাক কেন্দ্র কৰি কংগ্রেছৰ বহুকেইজন সংখ্যালঘু সম্প্রদায়ৰ বিধায়ক, প্রাক্তন মন্ত্রী–বিধায়ক–সাংস্ অসন্তুষ্ট হোৱাৰ পূর্ণ সুযোগ গ্রহণ কৰি অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ তৰফৰ পৰা সংখ্যালঘু ভোটাৰ অধ্যুষিত সমষ্টিসমূহৰ প্রতি বিশেষ গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে৷ দুয়োটা দলৰ সূত্রৰ পৰা জানিব পৰা মতে, প্রাক্তন কংগ্রেছী মন্ত্রী নুৰজামাল সৰকাৰ, মহিবুল হক, নজিবুল ওমৰ, প্রাক্তন বিধায়ক আলী আকবৰ মিঞা, আফতাবুদ্দিন মোল্লা, ড০ ইদ্রিছ আলী, প্রাক্তন সাংসদ আব্দুল হামিদ আদিকে ধৰি বহুকেইজন কংগ্রেছী নেতাৰ সৈতে সঘন যোগাযোগ চলি আছে৷ অহা ৭ ফেব্রুৱাৰীত গৌৰীপুৰত সংখ্যালঘু নেতাসকলে এখন ৰাজনৈতিক অভিৱর্তন অনুষ্ঠিত কৰি তৃণমূল পর্যায়ৰ নেতা–কর্মীসকলৰ মতামত গ্রহণ কৰিব আৰু তাৰ পাছতেই তেওঁলোকে কোনে কোন দলত যোগদান কৰিব, সেই বিষয়ে চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰিব৷ ইপিনে শাসক দল বিজেপি আৰু অগপৰো কেইবাজনো বিধায়কৰ সৈতে অসম জাতীয় পৰিষদৰ যোগাযোগ অব্যাহত আছে৷ অসম জাতীয় পৰিষদৰ কার্যকৰী সভাপতি পবিন্দ্র ডেকাই এইক্ষেত্রত আগভাগ লৈ আছে৷ নির্বাচনী অধিসূচনা প্রকাশৰ পাছতেই এই বিষয়ত দলে আনুষ্ঠানিকতা আৰম্ভ কৰাৰ কথা৷ মূলতঃ আসন্ন বিধানসভা নির্বাচনত দলীয় টিকটৰ পৰা বঞ্চিত হ’বলগীয়া নেতাসকলক নিজ দললৈ আনি বিজেপিৰ ভেটিত সিন্ধি খন্দাৰ বাবেই তেওঁলোকে এই ৰণনীতি গ্রহণ কৰিছে৷ ইফালে অসম জাতীয় পৰিষদ, ৰাইজৰ দল আৰু বি পি এফৰ নেতৃত্বত আৰম্ভ হোৱা সম্পূর্ণ আঞ্চলিক শক্তিৰ শিবিৰটোৰ সৈতে শেহতীয়াকৈ সংযোজন ঘটিছে হিল্ছ ষ্টেট ডিমাণ্ড কমিটী, চমুকৈ এইচ এছ ডি চিৰো৷ এই দলটোৰ সৈতে বর্তমান কথা–বতৰা পূর্ণ পর্যায়ত চলি আছে আৰু অহা ১০ ফেব্রুৱাৰীৰ ভিতৰত আনুষ্ঠানিকতা সম্পন্ন হোৱাৰ আশা প্রকাশ কৰিছে জাতীয় পৰিষদ আৰু ৰাইজৰ দলে৷