নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলকাতা বিশ্ববিদ্যালয়ত অসমীয়া প্রচলনত আশুতোষ মুখার্জীৰহে অৰিহণা আছিল, শ্যামাপ্রসাদৰ নহয়

নিয়মীয়া বাৰ্তা ৯ জুলাইঃ জনসংঘৰ প্রতিষ্ঠাতা শ্যামাপ্রসাদ মুখার্জী আৰু বিধায়কৰ ক্ষমতা সন্দর্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কৰা মন্তব্যৰ তীব্র বিৰোধিতা কৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে৷

এখন সংবাদ মেলত মুখ্যমন্ত্রী ড০ শর্মাক উভতি ধৰি কয়– ‘শ্যামাপ্রসাদ মুখার্জীয়ে অসমীয়া ভাষালৈ অৱদান আগবঢ়াইছিল বুলি মুখ্যমন্ত্রীগৰাকীয়ে অসত্য কথা কৈছে৷ কলকাতা বিশ্ববিদ্যালয়ত স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্রমৰ বিষয় হিচাপে অসমীয়া ভাষাই স্বীকৃতি লাভ কৰাত আটাইতকৈ বেছি যিসকলৰ অৱদান আছিল, তাৰ ভিতৰত অন্যতম আছিল বিশ্ববিদ্যালয়খনৰ উপাচার্য আশুতোষ মুখার্জী৷ তেওঁ আছিল শ্যামাপ্রসাদ মুখার্জীৰ দেউতাক৷ সদাগৰ ভোলানাথ বৰুৱাৰ ধনেৰে হেমচন্দ্র গোস্বামীয়ে যুগুত কৰা ‘অসমীয়া সাহিত্যৰ চানেকি’ গ্রন্থখন বিশ্ববিদ্যালয়ে ছপা কৰিছিল৷ তাৰ আগৰ পৰাই বিশ্ববিদ্যালয়খনৰ মেট্রিকুলেচন আৰু ইণ্টাৰমিডিয়েট পাঠ্যক্রমত অসমীয়া বিষয় চলি আছিল৷ কলকাতা বিশ্ববিদ্যালয়ৰ অসমীয়া বিষয়ৰ প্রথম অধ্যাপক আছিল অম্বিকানাথ বৰা৷ তেওঁ সত্যনাথ বৰাৰ পুত্র৷ অসমৰ পঢ়াশালিত অসমীয়া ভাষা প্রতিষ্ঠাত আটাইতকৈ বেছি বৰঙণি যিজন বাঙালী লোকৰ আছিল, তেওঁ হ’ল ৰমেশ চন্দ্র দত্ত৷ প্রথমজন ভাৰতীয় আই চি এছ বিষয়া৷ ১৮৭৩ চনত তেওঁ দিয়া টোকাৰ ভিত্তিত সেই বছৰতে অসমৰ পঢ়াশালিত অসমীয়া ভাষাৰ জৰিয়তে পঢ়ুওৱাৰ সিদ্ধন্ত লৈছিল ব্রিটিছ চৰকাৰে৷ শ্যামাপ্রসাদ মুখার্জী উপাচার্য হৈছিল ১৯৩৪–৩৮ চনত৷ অসমীয়া বিষয় স্নাতকোত্তৰ মহলাত পঢ়ুওৱা হৈছিল তাৰ ২০–২২ বছৰ আগৰে পৰা৷ মেট্রিকুলেচনৰ বিষয় হিচাপে স্বীকৃতি পাইছিল ১৯০৫ চনত৷ গতিকে মুখ্যমন্ত্রীয়ে শ্যামাপ্রসাদ মুখার্জীৰ অৱদান সম্পর্কে কোৱা কথাৰ কোনো ভিত্তিত নাই৷’

ইফালে বিধায়কৰ ক্ষমতা সন্দর্ভত অখিল গগৈয়ে লগতে কয় যে ভাৰতীয় সংবিধানত বিধায়কৰ দায়িত্ব সন্দর্ভত অতি বিশদভাৱে উল্লেখ কৰা আছে৷ কিন্তু মুখ্যমন্ত্রীয়ে কোৱাৰ দৰে অভিভাৱক মন্ত্রীৰ কথা সংবিধানৰ ক’তো উল্লেখ নাই৷ ইপিনে এই সংবাদ মেলৰ জৰিয়তে ৰাইজৰ দলে শিৱসাগৰক ৰাজ্যিক ঐতিহ্যক্ষেত্র হিচাপে ঘোষণা কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনায়৷

You might also like