নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অখিল গগৈয়ে অলপ ভাবি-চিন্তি কথা কওক- বিৰোধী দলপতি দেৱব্ৰত শইকীয়া

বিশেষ বাৰ্তা, ২৫ আগষ্ট : গৌৰৱ গগৈ আৰু প্ৰদ্যুৎ বৰদলৈৰ মাজত নগাঁও লোকসভা আসনখনক লৈ চলা টনা-আঁজোৰাক লৈ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে আমাৰ সৰ্বজন গ্ৰহণযোগ্য নেতা আছে। গৌৰৱ গগৈ আৰু প্ৰদ্যুৎ বৰদলৈয়ে যিকোনো ঠাইৰ পৰা খেলি জয়লাভ কৰিব পাৰিব। দুয়োজন নেতাই যিকোনো ঠাইৰ পৰা খেলি জয়লাভ কৰিবলৈ দলৰ তৃণমূল কৰ্মীসকলে কাম কৰিব। তদুপৰি বিৰোধী দলপতি শইকীয়াই অখিল গগৈ সন্দৰ্ভত মন্তব্য কৰি কয় যে অখিল গগৈয়ে যিকোনো প্ৰকাৰে যোৰহাট লাগিব বুলি ক’ব নোৱাৰে। কেৱল অখিল গগৈয়ে নহয়, বিৰোধী ঐক্যৰ অন্য দলেও যোৰহাট সমষ্টিটো বিচাৰিব পাৰে। আলোচনাৰ মাধ্যমেৰে বিষয়টো চোৱা হ’ব। অখিল গগৈক অলপ ভাবি-চিন্তি কথা ক’বলৈও আহ্বান জনায় দেৱব্ৰত শইকীয়াই। বিৰোধী দলপতিগৰাকীয়ে ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনাৰ ন্যায়িক তদন্ত হ’ব লাগে বুলি মন্তব্য কৰে। তেওঁ কয়- কেবিনেটত এই সন্দৰ্ভত সিদ্ধান্ত ল’ব লাগে। আৰক্ষীৰ তদন্তত তদন্তকাৰী বিষয়াৰ ভুল আছে। অসম আৰক্ষীৰ আদালতত মুখথেকেচা খোৱাৰ প্ৰৱণতা বাঢ়িছে। আৰক্ষীৰ দুৰ্বল ভূমিকা তথা দুৰ্বল অভিযোগনামাৰ বাবেই ধেমাজি কাণ্ডৰ ভুক্তভোগীয়ে ন্যায় নাপালে। চৰকাৰীভাৱে এই গোচৰ উচ্চতম ন্যায়ালয়লৈ নিব লাগে বুলিও শইকীয়াই মতামত আগবঢ়ায়।

You might also like