ভিজিলেঞ্চৰ জালত আলমগঞ্জ গাঁও পঞ্চায়তৰ সচিব নুৰুল ইছলাম মোল্লা
নিয়মীয়া বাৰ্তা, ১৩ মাৰ্চঃ আজি গৌৰীপুৰত দুৰ্নীতি নিবাৰক শাখাৰ এটি দলে এক গোপন তথ্যৰ ভিত্তিত অভিযান চলাই উৎকোচ লোৱাৰ সময়ত হাতে লোটে আটক কৰে আলমগঞ্জ গাঁও পঞ্চায়তৰ সচিব নুৰুল ইছলাম মোল্লাক। পঞ্চায়ত সচিব নুৰুল ইছলাম মোল্লাই পঞ্চায়তৰ উন্নয়নমূলক কামৰ কমিচনৰ টকা লওঁতেই দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে। আলমগঞ্জ গাঁও পঞ্চায়তৰ নৱম খণ্ডৰ পঞ্চায়ত সদস্য আবুল কাশেমে ১০ হাজাৰ টকা উৎকোচ দিয়াৰ সময়ত দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে অভিযান চলাই হাতে লোটে আটক কৰে সচিবগৰাকীক। বৰ্তমানে আলমগঞ্জ গাঁও পঞ্চায়তৰ কাৰ্যালয়ত সচিবগৰাকীক দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে জেৰা চলাই থকা বুলি জানিব পৰা গৈছে।
প্ৰেৰক মোখলেছ ৰহমান