‘কা’বিৰোধী ৰাজনৈতিক দলক ঐক্যবদ্ধভাৱে নির্বাচনত অৱতীর্ণ হোৱাৰ আহ্বান
গুৱাহাটীত নাগৰিকত্ব সংশোধনী আইনবিৰোধী ৰাজ্যিক অভিৱর্তন
নিয়মীয়া বাৰ্তা ৩০ জানুৱাৰীঃ বিজেপিক ক্ষমতাৰ পৰা উৎখাত কৰাৰ স্বার্থত ৰাজ্যৰ সকলো ‘কা’বিৰোধী আৰু বিজেপিবিৰোধী ৰাজনৈতিক শক্তিক ঐক্যবদ্ধভাৱে নির্বাচনত অৱতীর্ণ হোৱাৰ আহ্বান জনাইছে বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁয়ে৷ আজি গুৱাহাটীত অনুষ্ঠিত ‘কা’বিৰোধী সমন্বয় সমিতিৰ ৰাজ্যিক অভিৱর্তনত সভাপতিত্ব কৰি ড০ গোহাঁয়ে কয় যে এইক্ষেত্রত তেওঁলোকে কেৱল আহ্বানহে জনাব পাৰে৷ যথোচিত পদক্ষেপ ৰাজনৈতিক দলসমূহেই ল’ব লাগিব৷ জনবলে বহু সময়ত ধনবল আৰু বাহুবলক পৰাস্ত কৰিব পাৰে৷ আমেৰিকাত ট্রাম্পৰ দৰে স্বৈৰতন্ত্রী শাসক জনবলৰ সন্মুখত উফৰি গৈছে৷ ভাৰততো এয়া সম্ভৱ হৈ উঠিব পাৰে৷ উল্লেখ্য যে জিলা পুথিভঁৰাল প্রেক্ষাগৃহত আয়োজিত অভিৱর্তনত ঐক্যবদ্ধ ৰাজনৈতিক সংগ্রামৰ আহ্বানেৰে এক প্রস্তাৱ গ্রহণ কৰা হয়৷ উক্ত প্রস্তাৱত কোৱা হয় যে ‘কা’বিৰোধী ৰাজনৈতিক সংগ্রামৰ অংশ হিচাপে আগন্তুক অসম বিধানসভা নির্বাচনতো সাম্প্রদায়িক বিজেপি আৰু তেওঁলোকৰ সহযোগী শক্তিসমূহক ক্ষমতাৰ পৰা অপসাৰণ কৰাটো অতিকৈ প্রয়োজন হৈ পৰিছে৷
এই অভিৱর্তনে আগন্তুক নির্বাচনত বিজেপিক ক্ষমতাৰ পৰা উৎখাত কৰাৰ স্বার্থত সকলো বিজেপিবিৰোধী তথা ‘কা’বিৰোধী ৰাজনৈতিক দলক ঐক্যবদ্ধভাৱে নির্বাচনত অৱতীর্ণ হ’বলৈ আহ্বান জনায়৷ যিকোনো মূল্যৰ বিনিময়ত বিজেপিবিৰোধী ভোটাৰ ৰোধ কৰাৰ বাবে সংকল্প গ্রহণ আৰু তাক বাস্তৱায়িত কৰিব পাৰিলেহে ‘কা’বিৰোধী আন্দোলনে সফলতাৰ দিশত অগ্রসৰ হ’ব পাৰিব বুলি আজিৰ অভিৱর্তনে মত প্রকাশ কৰে৷ ইয়াৰ লগতে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ৰাজ্যৰ চুকে–কোণে প্রবল জনমত সৃষ্টি আৰু আন্দোলন সংগ্রাম তীব্রতৰ কৰাৰ লক্ষ্যৰে ৰাজ্যৰ প্রতিখন জিলা আৰু মহকুমাত অভিৱর্তন অনুষ্ঠিত কৰাৰ বাবেও প্রস্তাৱ গ্রহণ কৰা হয়৷ অভিৱর্তনে ‘কা’ সন্দর্ভত অসম চৰকাৰৰ স্থিতিক ধিক্কাৰ জনাই ‘কা’বিৰোধী আন্দোলনৰ সময়ত পাঁচজন নিৰীহ যুৱক পুলিচৰ গুলীত নিহত হোৱা ঘটনাৰ ন্যায়িক তদন্তৰ দাবী জনায়৷ তদুপৰি শ্বহীদ পৰিয়ালক ২০ লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ দাবীৰো প্রস্তাৱ গ্রহণ কৰা হয়৷ আজিৰ অভিৱর্তনত অংশগ্রহণ কৰা দল–সংগঠনসমূহে ‘কা’ বাতিল, ত্রুটিহীন নাগৰিকপঞ্জী প্রকাশ আৰু অখিল গগৈ, দেৱাংগনা কলিতাসহ ‘কা’বিৰোধী আন্দোলনত গ্রেপ্তাৰ হোৱা প্রতিগৰাকী কাৰাবন্দীক শীঘ্রে মুকলি কৰি দিয়াৰ বাবেও দাবী উত্থাপন কৰে৷