নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৬টা সোণ-৬টা ৰূপ-৩টা ব্ৰঞ্জৰ পদকেৰে উজলিল বজালীৰ শিক্ষাৰ্থী

দেওহাহ কাৰাটে প্ৰতিযোগিতা, বজালী কাৰাটে-ডো সামৰিক কলা বিদ্যালয়ৰ প্ৰশিক্ষাৰ্থীৰ সন্তোষজনক প্ৰদৰ্শন

নিয়মীয়া বাৰ্তা, ২০ মেঃ ২০১৬ চনত স্থাপিত বজালী জিলাৰ আগশাৰীৰ সামৰিক কলা প্ৰশিক্ষণ কেন্দ্ৰ বজালী কাৰাটে-ডোৰ প্ৰশিক্ষাৰ্থীসকলে সদ্যসমাপ্ত গুৱাহাটীৰ নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়ামত ইউনিফাইড কাৰাটে গিল্ডৰ উদ্যোগত সৰ্বভাৰতীয় ভিত্তিত অনুষ্ঠিত তৃতীয় সংখ্যক দেওহাহ  কাৰাটে প্ৰতিযোগিতাত উন্নত প্ৰদৰ্শনৰ জৰিয়তে উজলি উঠিবলৈ সক্ষম হৈছে৷

প্ৰতিযোগিতাখনৰ বিভিন্ন শাখাত অংশগ্ৰহণ কৰা বজালীৰ খেলুৱৈসকলে  ছয়টা সোন, তিনিটা ৰূপ আৰু ছয়টা ব্ৰঞ্জৰ পদকেৰে জিলাখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ যুৱ প্ৰশিক্ষক অৰ্ণৱজান শৰ্মাৰ নেতৃত্বত গঢ়ি উঠা এই প্ৰশিক্ষণ কেন্দ্ৰটোত ছাত্ৰছাত্ৰীসকলক আত্মৰক্ষাৰ বিভিন্ন কৌশলৰ বিষয়েও প্ৰশিক্ষণ দিয়া হয়৷

এই প্ৰতিযোগিতাত ৭ বছৰৰ শাখাত সাগৰ কলিতাই কাটাত ব্ৰঞ্জ আৰু কুমিটেত সোনৰ পদক, ৮ বছৰৰ শাখাত নিবিৰ কাশ্যপে কাটা আৰু কুমিটেত ব্ৰঞ্জৰ পদক, ৯ বছৰৰ শাখাত দ্ৰিচানজিতে কাটাত সোনৰ পদক,  অৰ্চনপ্ৰিত চৌধুৰীয়ে কাটাত ৰূপৰ পদক, নিবিৰ কলিতাই কুমিটেত ব্ৰঞ্জৰ পদক, ১১ বছৰৰ শাখাত জ্ঞানদীপ দাসে কাটাত সোণৰ লগতে বেষ্ট অৱ দি বেষ্ট পদক হিচাপে নগদ ধন আৰু কুমিটেত ব্ৰঞ্জৰ পদক, প্ৰিতম দাসে কাটাত ৰূপৰ আৰু কুমিটেত সোনৰ পদক, সুভম দাসে কুমিটেত ৰূপৰ পদক, অংশুমান দাসে কুমিটেত ৰূপৰ পদক, ১২বছৰৰ শাখাত দিক্ষু শৰ্মাই কুমিটেত ব্ৰঞ্জৰ পদক, স্নেহাংসু বৰাই কাটাত সোনৰ পদক, ১৩ বছৰৰ শাখাত জিয়ান ডেকাই কুমিটেত সোনৰ পদকৰ লগতে বেষ্ট অৱ দি বেষ্ট পদকৰ উপৰি নগদ ধন আৰু হৃদুস্মিতা দাসে কুমিটেত ব্ৰঞ্জৰ পদক লাভ কৰে৷

বজালীৰ দলটোৰ এই চমকপ্ৰদ প্ৰদৰ্শনৰ পৰিপ্ৰেক্ষিতত খেলুৱৈসকলক কেন্দ্ৰটোৰ লগতে বিভিন্নজনে অভিনন্দন জ্ঞাপন কৰিছে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like