নিয়মীয়া বাৰ্তা ৫ জানুৱাৰীঃ ৰাজ্যত নতুনকৈ আত্মপ্রকাশ কৰা আঞ্চলিক ৰাজনৈতিক দলসমূহক একত্রিত হৈ নির্বাচনত অৱতীর্ণ হোৱাৰ আহ্বান জনাইছে অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদে৷ সংগঠনটোৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে আজি এখন সংবাদ মেলত কয় যে অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদ আঞ্চলিকতাবাদী দর্শনত বিশ্বাস সংগঠন৷ নতুন আঞ্চলিক দলসমূহে অৰাজনৈতিক সংগঠন হিচাপে যুৱ–ছাত্র পৰিষদৰ পৰা প্রয়োজনীয় সহায় লাভ কৰিব৷ তদুপৰি অসম জাতীয় পৰিষদক শক্তিশালী কৰাৰ ক্ষেত্রতো সংগঠনটোৰ ভূমিকা থাকিব৷ বিগত ডিচেম্বৰ মাহত অনুষ্ঠিত প্রতিনিধি সভাতো অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদে ৰাজ্যত আঞ্চলিকতাবাদ–জাতীয়্ ভেটি সুদৃঢ় কৰাৰ পণ লৈছে৷ এই লক্ষ্যৰে অহা সময়ছোৱাত সংগঠনটোৱে কাম কৰি যাব৷ শেহতীয়া প্রতিনিধি সভাৰ সিদ্ধান্তসমূহ সদৰী কৰি চাংমায়ে লগতে কয় যে অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদে বিগত সময়ছোৱাত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন হোৱা সময়ৰে পৰা নিৰৱচ্ছিন্নভাৱে আন্দোলন কার্যসূচী গ্রহণ কৰি আহিছে৷ কেন্দ্রৰ নৰেন্দ্র মোদী চৰকাৰে জনমতক উপেক্ষা কৰি বিধেয়কখন গৃহীত কৰাৰ পাছতো অসাংবিধানিক আইনখন বাতিলৰ দাবীত উচ্চতৰ ন্যায়ালয়ত আইনী যুঁজ অব্যাহত ৰাখিছে৷ একে সময়তে কেন্দ্রীয় চৰকাৰে ২০১৯ চনৰ ১১ ডিচেম্বৰত ইনাৰ লাইন পার্মিট অসমে লাভ কৰা ব্যৱস্থাও কর্তন কৰিছে৷ কেন্দ্রৰ এই সিদ্ধান্তৰ বিৰুদ্ধে যুৱ–ছাত্র পৰিষদে আইনী যুঁজ চলাই নিয়াৰ সমান্তৰালভাৱে ৰাজধানী দিল্লীত প্রতিবাদী কার্যসূচী গ্রহণ কৰাৰ সিদ্ধান্ত লৈছে৷ এইক্ষেত্রত আন ৰাজ্যৰ সমর্থন লাভৰ বাবে অন্যান্য আঞ্চলিক দলসমূহৰ সৈতে আলোচনা প্রক্রিয়াও আৰম্ভ কৰিব৷
তদুপৰি, ‘কা’ বাতিল আৰু অসমত ইনাৰ লাইন পার্মিট প্রৱর্তনৰ দাবীত অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদে আজি এলানি প্রতিবাদী কার্যসূচীও ঘোষণা কৰিছে৷ সেই অনুসৰি, অহা ৭ জানুৱাৰীত সমগ্র ৰাজ্যৰ জিলা আৰু মহকুমা সদৰত অৱস্থান ধর্মঘটৰ কার্যসূচী গ্রহণ কৰা হ’ব৷ এই প্রতিবাদী কার্যসূচীলৈ স্থানীয় ‘কা’বিৰোধী আন্দোলনৰ নেতৃত্ব আৰু বুদ্ধিজীৱী–শিক্ষাবিদস্ আমন্ত্রণ জনোৱা হ’ব৷ ২০ জানুৱাৰীত পৰিষদে ৰাজ্যজুৰি জোঁৰ সমদলৰ কার্যসূচী গ্রহণ কৰিব৷ ২৭ জানুৱাৰীত অসমৰ প্রান্তে প্রান্তে কমেও ৫০০খন পথসভা আয়োজন কৰি ‘কা’ বাতিল আৰু আই এল পি প্রৱর্তনৰ দাবী সজোৰে উত্থাপন কৰা হ’ব৷ ইফালে, আজিৰ সংবাদ মেলত সংগঠনটোৰ সভাপতি ৰাণাপ্রতাপ বৰুৱাই কয় যে নতুন বছৰত অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদে সাংগঠনিক ভেটি মজবুত কৰাৰ সিদ্ধান্ত লৈছে৷ অধিকসংখ্যক কর্মীক সংগঠনৰ লগত জড়িত কৰোৱা হ’ব৷ ইয়াৰ বাবে ৰাজ্যৰ প্রতিখন পঞ্চায়তত জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ আঞ্চলিক সমিতি গঠন কৰা হ’ব৷