প্ৰতীকি ফটো অসম প্রাথমিক শিক্ষা বিভাগৰ নির্দেশনাঃ ২০১৮–২০১৯ বর্ষত হোৱা সকলো শিক্ষকৰ বদলি বাতিল By নিয়মীয়া বাৰ্তা On Jun 25, 2020 Share নিয়মীয়া বাৰ্তা, ২৫ জুনঃ শিক্ষক বদলিকৰণৰ ক্ষেত্রত নিয়ম বহির্ভূতভাৱে সিদ্ধান্ত লোৱাক লৈ যোৱা সময়ছোৱাত চলা বিতর্কৰ মাজতে আজি প্রাথমিক শিক্ষা বিভাগে ২০১৮ আৰু ২০১৯ বর্ষত হোৱা সকলো শিক্ষকৰ বদলি বাতিল কৰিছে৷ শিক্ষা বিভাগৰ দ্বাৰা প্রকাশিত পি এম এ ১০৮/২০১৮/পি টি–৬ নং পত্রযোগে আয়ুক্ত সচিব প্রীতম শইকীয়াই এই বদলিকৰণৰ সকলো প্রক্রিয়া বাতিল কৰাৰ লগতে এই বদলিকৰণ প্রক্রিয়াত শিক্ষক–ছাত্রৰ অনুপাতৰ নিয়ম ভংগ কৰা হৈছে বুলিও স্পষ্ট কৰি দিছে৷ উল্লেখ্য যে অতি শেহতীয়াকৈ শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বিগত সময়ছোৱাত একাংশ শিক্ষকৰ বদলিকৰণৰ প্রক্রিয়া নিয়ম বহির্ভূতভাৱে হোৱা বুলি উল্লেখ কৰাৰ লগতে এই শিক্ষকসকলে পূর্বতে কাম কৰা বিদ্যালয়সমূহলৈ উভতি যাব লাগিব বুলি স্পষ্ট কৰি দিছিল৷ শিক্ষামন্ত্রীগৰাকীৰ এই ঘোষণাৰ পাছতে আজি শিক্ষা বিভাগে উক্ত বদলিকৰণসমূহ বাতিল কৰাৰ লগতে শিক্ষকসকলে শিক্ষাৰ অধিকাৰ আইন অনুসৰি শিক্ষক–ছাত্রৰ অনুপাত ভংগ কৰা বুলিও আঙুলিয়াই দিয়ে৷ শিক্ষা বিভাগৰ উক্ত নির্দেশনাত এইবুলিও স্পষ্ট কৰা হৈছে যে শিক্ষাৰ অধিকাৰ আইন ভংগ কৰাৰ জৰিয়তে যিসকল শিক্ষকে এখন বিদ্যালয়ৰ পৰা আন এখন বিদ্যালয়লৈ বদলি হৈছে, সেই বিদ্যালয়সমূহত শিক্ষকৰ অনুপাত তথা ছাত্রৰ অনুপাতক কোনো গুৰুত্বই দিয়া হোৱা নাই৷ যাৰ ফলত বহু বিদ্যালয়ত এতিয়া ছাত্রৰ বিপৰীতে শিক্ষকৰ হাৰ যথেষ্ট কম হৈছে৷ বিভাগীয় নির্দেশনাত ইয়াকো স্পষ্ট কৰা হৈছে যে শিক্ষকসকলক অর্হতাৰ ভিত্তিত নির্দিষ্ট এখন জিলাৰ বাবে নিযুক্তি দিয়া হৈছিল যদিও এই নিয়মকো চূড়ান্ত হাৰত উলংঘন কৰা হৈছে৷ সেয়েহে ২০১৮ আৰু ২০১৯ বর্ষত শিক্ষাৰ অধিকাৰ আইন উলংঘা কৰি তথা শিক্ষক–ছাত্রৰ অনুপাত ভংগ কৰি সকলো বদলি প্রক্রিয়া বাতিল কৰা হৈছে আৰু শিক্ষকসকলে পূর্বৰ স্থানতে কর্মৰত হৈ থাকিব লাগিব৷ অৱশ্যে এই বদলিকৰণ প্রক্রিয়াৰ ক্ষেত্রত যিসকল শিক্ষক ক্ষতিগ্রস্ত হ’ব, তেওঁলোকক অহা ১০ দিনৰ ভিতৰত আবেদন কৰিবলৈ সুবিধা দিয়া হৈছে৷ শিক্ষা বিভাগৰ এই নির্দেশনাক লৈয়ে আজি তীব্র অসন্তুষ্টি প্রকাশ কৰিছে অসম ৰাজ্যিক প্রাথমিক শিক্ষক সন্মিলনীয়ে৷ শিক্ষক সংগঠনটোৱে বদলিকৰণৰ এই নির্দেশ স্থগিত কৰাৰ দাবী জনোৱাৰ লগতে ইয়াৰ জৰিয়তে শিক্ষকসকলৰ মনোবল ভাঙি দিয়া হৈছে বুলিও উল্লেখ কৰিছে৷ শিক্ষক সন্মিলনীৰ হৈ প্রধান সম্পাদক ৰাতুল চন্দ্র গোস্বামীয়ে এক বিবৃতিযোগে এই সন্দর্ভত প্রকাশ কৰা মতে, শিক্ষাৰ অধিকাৰ আইনৰ কথা উল্লেখ কৰি এই নির্দেশনাত শিক্ষক–ছাত্রৰ অনুপাত উল্লেখ কৰা হৈছে৷ যদি তেনে কোনো বদলি কৰা হৈছে সেয়া খণ্ড বিষয়া, জিলা শিক্ষা বিষয়া, সঞ্চালক আৰু শিক্ষা আয়ুক্তৰ কার্যালয়ে কৰা ভুল৷ কিয়নো প্রায় পাঁচটা পর্যায়ত পৰীক্ষণ কৰাৰ পাছতহে বদলিকৰণৰ প্রক্রিয়া হয়৷ এনে প্রক্রিয়াত যদি ভুল হৈছে তাৰ বাবে শিক্ষক–শিক্ষয়িত্রীস দায়ী নহয়৷ কিন্তু সকলো পর্যায়ৰ বিষয়াৰ ভুলসমূহ লুকুৱাই কেৱল শিক্ষকসকলক জগৰীয়া কৰি জাৰি কৰা এই নির্দেশনা অতি অমানৱীয় কাণ্ড৷ বিভাগীয়ভাৱে দিয়া নিযুক্তি পত্রত ক’তো বদলি হ’ব নোৱাৰিব বুলি উল্লেখ কৰা নাছিল৷ ৰাজ্য চৰকাৰৰ সকলো বিভাগীয় কর্মচাৰীয়ে বদলি হোৱাৰ সুযোগ পায়৷ সেইমর্মে শিক্ষকসকলে কৰা আবেদন খণ্ড পর্যায়ৰ বিষয়াৰ পৰা আৰম্ভ কৰি শিক্ষা আয়ুক্তৰ কার্যালয়লৈকে কৰা সকলো পৰীক্ষণৰ অন্তত বদলিৰ অনুমতি দিয়া হৈছিল৷ নীতিগতভাৱে বদলি হোৱা এই শিক্ষক–শিক্ষয়িত্রীস বদলিৰ আদেশ নাকচ কৰাটো আক্রোশমূলক হৈছে৷ Share